অসম

assam

ETV Bharat / state

পুনৰ মুকলি হ'ব মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল - HSLC 2025

২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে পুনৰ মুকলি কৰা হ'ব প'ৰ্টেল ।

Matric form filling portal to reopen on November 25
মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল পুনৰ মুকলি হ'ব (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 24, 2024, 9:58 AM IST

গুৱাহাটী: ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে এক বিশেষ জাননী অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল পুনৰ মুকলি কৰি দিছে পৰিষদে । ২০২৫ বৰ্ষত অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ বাবে অহা ২৫ নৱেম্বৰত পুনৰ পৰ্টেলটো মুকলি কৰিব দিয়া হ'ব বুলি জাননী জাৰি কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ।

শুকুৰবাৰে প্ৰকাশ কৰা জাননী অনুসৰি, ২৫ নৱেম্বৰত মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল পুনৰ মুকলি কৰা হ'ব । প্ৰ-পত্ৰ পূৰণৰ বাকী থকা সকলো কাম ২৬ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সংশ্লিষ্ট শিক্ষানুষ্ঠানসমূহক নির্দেশ দিছে । যদি পূৰ্বে পূৰণ কৰা প্ৰ-পত্ৰত কোনো আঁসোৱাহ ৰৈ গৈছে তেনেহ'লে সেইসমূহ আঁতৰ কৰিব পাৰিব ।

একেদৰে মাচুল আদায়ৰ অন্তিম তাৰিখ নির্ধাৰণ কৰা হৈছে ২৭ নৱেম্বৰ । নির্দেশনাত পৰিষদে স্পষ্ট কৰি দিছে যে প্ৰ-পত্ৰ পূৰণৰ দিন পৰৱৰ্তী সময়ত বৃদ্ধি কৰা নহয় । লগতে অফ লাইনত কোনোধৰণৰ প্ৰ-পত্র গ্রহণ কৰা নহ'ব বুলিও পৰিষদে নির্দেশনাত উল্লেখ কৰিছে ।

মেট্ৰিকৰ প্ৰ-পত্ৰ পূৰণৰ প'ৰ্টেল পুনৰ মুকলি হ'ব (ETV Bharat Assam)

উল্লেখ্য যে, ২০২৫ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে অনলাইন প’ৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণৰ দিন ঘোষণা কৰিছিল । সেই অনুসৰি ২৩ অক্টোবৰৰ পৰা ১৪ নৱেম্বৰলৈ বিদ্যালয়সমূহে sebaregistration.org শীর্ষক প’ৰ্টেলৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব বুলি ঘোষণা কৰিছিল যদিও পুণৰ ২৫ নৱেম্বৰত প্ৰ-পত্ৰ পূৰণৰ বাবে পৰ্টেল মুকলি কৰি দিয়া হ'ব ।

লগতে পঢ়ক:পুনৰ খুলি দিয়া হ'ল দর্পণ প'র্টেল, কিদৰে কৰিব আবেদন ? - HSLC Compartmental Exam 2024

কটকটীয়া নিৰাপত্তাৰ মাজত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ পৰীক্ষা আৰম্ভ

ABOUT THE AUTHOR

...view details