জোনাই, ১৪ ফেব্ৰুৱাৰী:লঠঙা বিৰিখত জ্বলিছে তেজীৰঙা জুই । এজাক পছোৱাই সেউজী পাতক গৈছে চুই । ধৰালৈ নামিছে ফাগুন । আজি পহিলা ফাগুন । বিৰিখৰ সেউজীয়া আঁচল খহাই প্ৰেমৰ বতৰা লৈ সংগোপনে নামিছে বাউলী ফাগুন । মনবোৰ উৰিছে চিলা হৈ । চঞ্চলা ফাগুনে সানিছে মায়াময় আবিৰ । এইবাৰ ফাগুন বিশেষ ।
আজি আলি আয়ে লৃগাং । উৎসৱৰ বতৰা বিলোৱা ফাগুনৰ প্ৰথম দিনটোতে অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । লৃগাং বুলি ক'লেই মনলৈ ছাই মদ ৷ অৰ্থাৎ পঃৰ আপঙৰ নাম ।
আপুনি ছাই মদ বা পঃৰ আপঙৰ সোৱাদ লৈছেনে ? পঃৰ আপং কেনেকৈ তৈয়াৰ হয় জানেনে ? অসমৰ মানুহৰ বাবে আপং এক চিনাকী নাম । অসমত বসবাস কৰা বিভিন্ন জনগোষ্ঠীত ইয়াৰ নাম, বনোৱা পদ্ধতি বেলেগ বেলেগ যদিও অসমৰ প্ৰায় সকলো জনগোষ্ঠীয়ে চাউলৰ পৰাই আপং তৈয়াৰ কৰে । কিন্তু ইয়াৰ ভিতৰত মিচিং জনগোষ্ঠীৰ মহিলাসকলে তৈয়াৰ কৰা আপং অৰ্থাৎ চাই মদ সুকীয়া । মিচিং জনগোষ্ঠীসকলে দুই ধৰণৰ আপং চাউলৰ পৰা তৈয়াৰ কৰে ।
বগা মদ অৰ্থাৎ নগিন আপং আৰু আনটো হ'ল চাই মদ অৰ্থাৎ পঃৰ আপং । মিচিং জনগোষ্ঠীৰ লোকসকলে দুইবিধ পনীয়াই ব্যৱহাৰ কৰে যদিও মিচিং সমাজৰ ধৰ্মীয় ৰীতি-নীতি, পূজা-পাৰ্বন, মৃতকৰ কাজ আদিত পঃৰ আপং অৰ্থাৎ ছাই মদৰ ভূমিকা অধিক । একপ্ৰকাৰ ক'বলৈ গ'লে পঃৰ আপঙৰ অবিহনে মিচিং সমাজৰ বিভিন্ন সকাম-নিকাম আদি আধৰুৱা হৈ পৰে ।
আপঙ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এবিধ বিশেষ দ্ৰৱ্য । যাক মিচিং ভাষাত অপব বুলি কোৱা হয় । এই অপব চাউলৰ পৰায়ে তৈয়াৰ কৰা হয় । এই দ্ৰৱ্য বিধত প্ৰায় ২০-৩০ বিধ বিভিন্ন জঙ্ঘলীৰ পাত, মুঢ়া, ডাল আদি মিচিং মহিলাসকলে বুটলি আনি শুকুৱাই ঢেকীত কোমল চাউলৰ লগত খুন্দি তৈয়াৰ কৰে ।