অসম

assam

ETV Bharat / state

বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ-ব্যৱসায়িক প্ৰতিষ্ঠান, যানবাহন আৰক্ষীৰ ৰূপত জুবিন গাৰ্গ - TINSUKIA FIRE

তিনিচুকীয়াত ২৪ ঘন্টাৰ ভিতৰত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । উদ্যোগপামত নাই অগ্নিনিৰ্বাপন ব্য়ৱস্থা ।

Fire in Digboi
ডিগবৈৰ ১ নং গোলাইত বিধ্বংসী অগ্নিকাণ্ড (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Dec 28, 2024, 10:42 PM IST

তিনিচুকীয়া: ডিগবৈৰ ১ নং গোলাইত শনিবাৰে আবেলি এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিকাণ্ডটোত নিমিষতে জাহ যায় ৬ টাকৈ বাসগৃহ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় । অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি নষ্ট হয় । অৱশ্য়ে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

ইফালে, শুক্ৰবাৰে মাজনিশা তিনিচুকীয়াৰ বৰগুৰিস্থিত উদ্যোগপামতো এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ উদ্যোগপামৰ লোকনাথ ইণ্ডাষ্ট্ৰী আৰু শান্তা ফাৰ্নিচাৰ নামৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় অগ্নিকাণ্ড । অগ্নিকাণ্ড ইমানেই বিধ্বংসী আছিল যে নিমিষতে জাহ যায় দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠান । পৰৱৰ্তী সময়ত তিনিচুকীয়াৰ ৪ খন, ডিগবৈৰ ১ খন, ডুমডুমাৰ ১ খন আৰু দুলীয়াজান অইল ইণ্ডিয়া লিমিটেডৰ ২ খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ পুৱা ৫ বজাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় । চহৰখনৰ বিশাল উদ্যোগপামত অগ্নি নিৰ্বাপন কৰিবলৈ কোনো সুৰক্ষাৰ ব্যৱস্থা নাই বুলি অভিযোগ উত্থাপন কৰে ভুক্তভোগীয়ে ।

ডিগবৈৰ ১ নং গোলাইত বিধ্বংসী অগ্নিকাণ্ড (ETV Bharat Assam)

যানবাহন আৰক্ষীৰ ৰূপত জুবিন গাৰ্গ :

আজি সন্ধিয়া তিনিচুকীয়া জিলাৰ ডিগবৈৰ ৰাজপথত হঠাৎ যানবাহন আৰক্ষীৰ ৰূপত আৰ্বিভাৱ হয় জুবিন গাৰ্গ । হঠাৎ ৰাজপথত জুবিন গাৰ্গক দেখা পাই ৰাজপথত জনতাই ভিৰ কৰে ৷ শনিবাৰে আবেলি ডিগবৈ ১ নং গোলাইত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । অগ্নিনিৰ্বাপন কৰাৰ সময়তে কাষৰীয়া ৰাজপথত তীব্ৰ যান-জঁটৰ সৃষ্টি হয় । তেনে সময়তে সেই পথেদি মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা মহাৰজত জয়ন্তী সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ অহাত আবদ্ধ হৈ পৰে জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ বাহন । বাহন আৱদ্ধ হৈ পৰাত জুবিন গাৰ্গৰ লগতে দলটোৱে বাহনৰ পৰা নামি ৰাজপথত যানবাহন আৰক্ষীৰ দৰে দায়িত্ব পালন কৰে ।

লগতে পঢ়ক:পেট্ৰ'ল পাম্পত ভয়ংকৰ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ প্ৰায় ৮, ভস্মীভূত ৪০ খনতকৈ অধিক বাহন - JAIPUR PETROL PUMP FIRE

দুস্প্ৰাপ্য হলৌ বান্দৰৰ বাবে বিখ্যাত গিবন অভয়াৰণ্যত অগ্নিকাণ্ড - GIBBON SANCTUARY FIRE

ABOUT THE AUTHOR

...view details