অসম

assam

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 5:42 PM IST

ETV Bharat / state

বৈদ্যুতিক ৰে’লে ভাবুকি কঢ়িয়াইছে গিবন অভয়াৰণ্যলৈ - Hollongapar Gibbon Sanctuary

Electric trains in Hollongapar: গিবন অভয়াৰণ্যৰ মাজেদি নৱনিৰ্মিত বৈদ্যুতিক ৰে’লপথে ভাবুকি কঢ়িয়াই আনিছে ৷ চৰকাৰক ব্যৱস্থা গ্ৰহণৰ আহ্বান ভিন্ন সংস্থাৰ ৷

Electric trains in Hollongapar
হোলোঙাপাৰ গিবন অভয়াৰণ্য (ETV Bharat Assam)

যোৰহাট, 8 জুন: যোৰহাট জিলাৰ মৰিয়নীৰ এক বৃহৎ অঞ্চলজুৰি আৱৰি আছে গিবন অভয়াৰণ্যই ৷ গিবন প্ৰজাতিৰ বিশেষ প্ৰকাৰৰ বান্দৰৰ বাবে গিবন যে কেৱল অসম বা ভাৰততে বিখ্যাত এনে নহয়, সমগ্ৰ বিশ্বতে গিবন অভয়াৰণ্যৰ আছে এক বিশেষ স্থান ৷

বিশেষকৈ পৰ্যটনৰ ক্ষেত্ৰত এই গিবন অভয়াৰণ্যই দখল কৰি আহিছে বিশেষ স্থান ৷ বছৰৰ ভিন্ন সময়ত দেশ-বিদেশৰ পৰ্যটকৰ সমাগম হয় এই গিবন অভয়াৰণ্যত । উদ্দেশ্য কেৱল দুষ্প্ৰাপ্য গিবন প্ৰজাতিৰ বান্দৰসমূহ প্ৰত্যক্ষ কৰা ৷ তাৎপৰ্যপূৰ্ণ যে এই গিবন প্ৰজাতিৰ বান্দৰসমূহ কোনোদিনেই নামি নাহে গছৰ পৰা । প্ৰকৃতিসৃষ্ট এই গিবন অভয়াৰণ্যত সুদীৰ্ঘকাল ধৰি গিবন প্ৰজাতিৰ বান্দৰসমূহে প্ৰকৃতিৰ বিনন্দীয়া পৰিবেশত বসবাস কৰি আহিছে যদিও মানৱসৃষ্ট বহু কাৰকৰ বাবে ভাবুকি নামি আহিছে এই গিবনসমূহৰ লগতে অভয়াৰণ্যখনত বাস কৰা অন্যান্য বন্য জন্তুৰ ক্ষেত্ৰতো ।

উল্লেখযোগ্য যে, অসম গৌৰৱ হোলোঙাপাৰ গিবন অভয়াৰণ্য ভাৰতৰ একমাত্ৰ অভয়াৰণ্য য'ত গিবনকে ধৰি সৰ্বমুঠ সাতপ্ৰকাৰৰ বিলুপ্তপ্ৰায় বান্দৰৰ প্ৰজাতি পোৱা যায় ৷ তদুপৰি হাতী, নাহৰফুটুকী, বনৰীয়া গাহৰি, বিভিন্ন পৰিভ্ৰমী চৰাই আৰু সাপ তথা বিভিন্ন সৰীসৃপ প্ৰাণীৰ আৱাসস্থলী । এই অভয়াৰণ্যখনক সাঙুৰি পর্যটনৰ দিশটোত বিশেষ প্ৰভাৱ পৰি আহিছে । তদুপৰি গৱেষণা, শিক্ষা আদিব ক্ষেত্ৰতো এই অভয়াৰণ্যখনে অসম তথা ভাৰতৰ লগতে সমগ্ৰ বিশ্বত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে ।

অতি দুখৰ বিষয়, এই অভয়াৰণ্যখন জৈৱ বৈচিত্যৰ ফালৰ পৰা চহকী যদিও ইয়াক বন বিভাগ, চৰকাৰ, বিভিন্ন সংস্থাই যিধৰণেৰে গুৰুত্ব দিব লাগিছিল, তেনে কোনোধৰণৰ পদক্ষেপ আজিপর্যন্ত গ্ৰহণ কৰা দেখা নগ’ল ৷ ফলত ভাবুকি আহি পৰিছে গিবন অভয়াৰণ্যৰ বন্য জন্তুবোৰৰ প্ৰতি ৷

উল্লেখ্য যে, বৃটিছৰ দিনতে গিবন অভয়াৰণ্যখনক দুভাগ কৰি বৰ্তমান মৰিয়নী-তিনিচুকীয়া সংযোগী একমাত্ৰ ৰে’লপথটো নির্মান কৰা হৈছিল । ইয়েই আপুৰুগীয়া বন্যপ্ৰাণীসমূহৰ বিলুপ্তি ঘটাত এক মুখ্য ভূমিকা পালন কৰিছে । কিয়নো গিবন প্ৰজাতিৰ বান্দৰসমূহে বসবাস কৰে মানুহৰ দৰেই । বিশেষকৈ ৰে’লপথ নিৰ্মান হোৱাৰ ফলত দুটা ভাগত বিভক্ত হৈ পৰে অভয়াৰণ্যখন আৰু সেই অনুসৰি গিবনসমূহো বিভক্ত হৈ পৰে । এই দুই ভাগৰ গিবনসমূহৰ মাজত সম্পৰ্ক স্থাপনৰ বাবে এখন উৰণসেতুও নিৰ্মান কৰা হৈছিল যদিও ফলপ্ৰসূ নহ’ল ।

ইয়াৰ পিচত আজিৰ পৰা এটা দশক পূৰ্বে প্ৰকৃতিয়ে নিজেই স্বতঃস্ফূৰ্তভাৱে এইক্ষেত্ৰত সঁহাৰি জনাই ৰে’ল লাইনৰ দুই পাৰৰ দুজোপা বৃহৎ গছক সংযোগ কৰি দিছিল । কিন্তু পুনৰ এবাৰ ভাবুকি আহি পৰিছে গিবন তথা অন্যান্য বন্যপ্ৰাণীৰ প্ৰতি । বিগত সময়ত এই ৰে’ল লাইনটোতে তীব্ৰবেগী ৰে’লৰ খুন্দাত হাতীৰ লগতে আপুৰুগীয়া বিভিন্ন প্ৰাণীৰ উপৰিও সৰীসৃপ প্ৰাণী মৃত্যুমুখত পৰা দেখা গৈছে । ৰে’লৰ বিকট শব্দৰ ফলত কিছু কিছু বন্যপ্ৰাণীৰ গৰ্ভধাৰণ ক্ষমতা হ্ৰাস পোৱাৰো অভিযোগ উত্থাপিত কৰিছে বিভিন্ন বন্যপ্ৰাণী সংস্থাই ।

ৰে’লৰ পেলনীয়া সামগ্ৰীসমূহ অভয়াৰণ্যখনত পেলাই থৈ যোৱাৰ ফলত প্ৰদূষিত হৈ জৈৱ বৈচিত্যৰ ক্ষতি হোৱাৰ উপৰিও দেশী-বিদেশী পৰ্যটকসকলৰ সম্মুখত লজ্জাজনক পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । অতি তাৎপৰ্যপূৰ্ণ বিষয় যে বর্তমান সমগ্ৰ অসমত যি বৈদ্যুতিক ৰে’লৰ চলাচল আৰম্ভ হৈছে, ইয়াৰ যো-জা এই মৰিয়নী-তিনিচুকীয়া সংযোগী ৰে’লপথতো আৰম্ভ হৈছে ।

কিন্তু মৰিয়নীৰ পৰা নকচাৰী সংযোগী তথা গিবন অভয়াৰণ্যৰ মাজেদি যোৱা ৰে’লপথত যদি ২৫০০০ ভল্টৰ বৈদ্যুতিক তাঁৰৰ ব্যৱস্থা কৰি ৰে’ল চলাচল কৰোৱা হয়, তেতিয়া বিলুপ্তপ্ৰায় গিবনকে ধৰি বাকী বান্দৰসমূহৰ লগতে জীৱকুলৰ বিপদ আসন্ন । বর্তমান ভাৰতীয় বন্য জীৱ প্ৰতিষ্ঠানে এই সংক্ৰান্তত তেওঁলোকৰ প্ৰতিবেদনখনত এটা বিকল্প ব্যৱস্থা প্ৰস্তুত কৰিছে ৷ ৰে’লৱে বিভাগে এই প্ৰকল্পৰ ভিত্তিতে নির্মাণ কৰিবলৈ লৈছে যদিও প্ৰকল্পটো আসোৱাহপূর্ণ বুলি অভিযোগ উত্থাপিত কৰিছে বিভিন্ন পৰিবেশ সংস্থাই ।

গতিকে সমগ্ৰ বিষয়টো গুৰুত্বসহকাৰে লৈ এক সুব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছে বিভিন্ন পৰিৱেশ সংস্থাৰ লগতে স্থানীয় ৰাইজে । অন্যথা এটা সময়ত এই বিশ্ব পৰিচিত গিবন অভয়াৰণ্যৰ অস্তিত্ব নোহোৱা হৈ পৰিব ।

লগতে পঢ়ক:হোলোঙাপাৰ গিবন অভয়াৰণ্যলৈ আহিছে বিপদ; বিদ্যুৎচালিত ৰে’লে নিঃশেষ কৰিব নেকি জীৱকুল ?

ABOUT THE AUTHOR

...view details