অসম

assam

ETV Bharat / state

শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ উপলক্ষে বৰপেটাত হোলীগীতৰ মহা আয়োজন

Doul Mahostsav 2024:'বৰ্ণিল বসন্ত'ৰ মহা আয়োজনক লৈ বৰপেটাৰ আছুৰ কাৰ্যালয়ত সাংস্কৃতিক মঞ্চৰ সংবাদমেল ৷ জনজাতীয় আৰু ভিন্ন ভাষাৰ হোলীগীতৰ দলে অংশ ল'ব শোভাযাত্ৰাত ৷

Cultural Forum Barpeta Press Conference
সাংস্কৃতিক মঞ্চ বৰপেটাৰ সংবাদমেল

By ETV Bharat Assamese Team

Published : Mar 10, 2024, 9:03 PM IST

সাংস্কৃতিক মঞ্চ বৰপেটাৰ সংবাদমেল

বৰপেটা, ১০ মাৰ্চ : আধ্যাত্মিকতা, কৃষ্ণপ্ৰেম আৰু কৃষ্ণ বন্দনাৰে সিক্ত বৰপেটাৰ প্ৰাণৰ উৎসৱ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ সমাগত ৷ বছৰজোৰা অপেক্ষাৰ অন্ত পেলাই অহা ২৪, ২৫ আৰু ২৬ মাৰ্চত সত্ৰনগৰী বৰপেটাত অনুষ্ঠিত হ'ব শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ ৷ দৌল মহোৎসৱ উপলক্ষে সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত অহা ২৩ মাৰ্চত অনুষ্ঠিত হ'ব হোলীগীতৰ এক মহা আয়োজন ৷ 'বৰ্ণিল বসন্ত' শীৰ্ষক হোলীগীতৰ শোভাযাত্ৰাৰ কাৰ্যসূচী সম্পৰ্কে দেওবাৰে বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় ৷

সাংস্কৃতিক মঞ্চৰ দেৱাদিব দাস, কুশান চৌধুৰী, সঞ্জীৱ দাস, হিমাংশু দাস আৰু মৃনাল পি জ্যোতিয়ে সংবাদমেলত অংশ লৈ উল্লেখ কৰে যে অহা ২৩ মাৰ্চৰ পুৱা ১০ বজাত বৰপেটা বিলৰটাৰীহাটীৰ ঐতিহ্যমণ্ডিত ৰাখাল থানৰ পৰা বিশাল শোভাযাত্ৰা উলিওৱা হ'ব ৷ ইপিনে, হোলীগীতৰ শোভাযাত্ৰাত এইবেলি বিভিন্ন জনজাতীয় ভাষাত বৰপেটাৰ হোলীগীত পৰিবেশন কৰিব জনগোষ্ঠীয় হোলীগীতৰ দলে ৷ বড়ো, ৰাভা, কোচ ৰাজবংশী, নেপালী, আদিবাসী, ৰাজস্থানী, বাংলা আদিকে ধৰি বিভিন্ন জাতি আৰু জনগোষ্ঠীয় ভাষাৰ হোলীগীতৰ শিল্পীদলে অংশগ্ৰহন কৰিব ৷ ইতিমধ্যে বড়ো, ৰাভা আদি ভাষাত বৰপেটাৰ হোলীগীতৰ আখৰা চলাই আছে জনজাতীয় শিল্পীসকলে ৷ 'বৰ্ণিল-বসন্ত' শীৰ্ষক হোলীগীতৰ শোভাযাত্ৰা অনুষ্ঠানটোত ৰাইজৰ সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে ৷

উল্লেখ্য় যে বৰপেটাৰ দৌল উৎসৱৰ অন্যতম অংগ হৈছে হোলীগীত । প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বৰপেটাৰ হোলীগীত অধিক জনপ্ৰিয় হৈছে । ফলত পূৰ্বে বৰপেটাৰ পৰিসীমাৰ ভিতৰতে আৱদ্ধ হৈ থকা এই গীতে এতিয়া চৌদিশে লাভ কৰিছে প্ৰসাৰ । দৌল মহোৎসৱৰ সৈতে সংগতি ৰাখি বৰপেটাৰ বিভিন্ন অনুষ্ঠানৰ উদ্যোগত হোলীগীতৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতীত ৰূপকোঁৱৰৰ পূৰ্ণাবয়ৱ প্ৰতিমূৰ্তি উন্মোচন

ABOUT THE AUTHOR

...view details