গুৱাহাটী, ১৪ ফেব্ৰুৱাৰীত:লোকচানত চলি আছে অসম ৰাজ্যিক পৰিবহন নিগম । এই তথ্য প্ৰকাশ পাইছে বিধানসভাৰ বাজেট অধিৱেশনত । বুধবাৰে বিধানসভাত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৰাজ্যিক পৰিবহন নিগমৰ বাছ চলাচল সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত এই কথা ওলাই পৰে ।
২০১১ চনৰ পৰা ২০১৬ চনৰ মাৰ্চ মাহলৈকে আৰু ২০১৬ চনৰ এপ্ৰিলৰ পৰা বৰ্তমানলৈকে অসম ৰাজ্যিক পৰিবহন বিভাগৰ লাভ আৰু লোকচানৰ পৰিমান কিমান সন্দৰ্ভত বিধায়কগৰাকীয়ে সোধা প্ৰশ্নৰ উত্তৰ দিয়ে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ।
পৰিবহন মন্ত্ৰীয়ে দিয়া তথ্য মতে যোৱা ১৪ বছৰত কংগ্ৰেছৰ শাসনতকৈ বি জে পি চৰকাৰৰ শাসনত পৰিবহন নিগমত লোকচানৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে । বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত পৰিবহন নিগমত সৰ্বাধিক লোকচানৰ সন্মুখীন হৈছে । বিধানসভাৰ তথ্য তথ্য মতে পৰিবহন নিগমে 2010-11 চনত 35,52,03,192 টকা , 2011-12 চনত 33,43,14,592 টকা, 2012-13 চনত 41,47,93,250, টকা , 2013-14 চনত 57,13,54,887 টকা , 2014-15 চনত 46,78,45,318 টকা, 2015-16 চনত 65,30,54,159 টকা, 2016-17 চনত 77,86,56,524 টকা, 2017-18 চনত 53,74,95,136 টকা, 2018-19 চনত 38,66,91,189 টকা, 2019-20 চনত 97,81,89,507 টকা, 2020-21 চনত 82,63,88,673 টকা, 2021-22 চনত 1,06,53,41,114 টকা আৰু 2022-23 চনত 83,37,30,097 টকা লোকচান হৈছে ।