ডিমা হাছাও: ডিমা হাছাওত কয়লাখনিত আৱদ্ধ হৈ মৃত্যু হোৱা নেপালী শ্ৰমিক গংগা বাহাদুৰ শ্ৰেষ্ঠ (৩৮) ৰ মৃতদেহ চমজি ল’বলৈ আজি নেপালৰ পৰা আহি খননস্থলত উপস্থিত হয় পত্নী সুশিলা ৰায় সোণাৰ । নেপালৰ উদয়পুৰ জিলাৰ ৰামপুৰ (ডুম্মানা-২ ভিজপুৰ) অঞ্চলৰ বাসিন্দা সুশিলা ৰায় সোণাৰে এ এন আইক জনোৱা মতে, গংগা হৈছে তেওঁৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনৰ উৎস ।
সুশিলা ৰায় সোণাৰে এ এন আইক কয়, "তেওঁ (গংগা বাহাদুৰ শ্ৰেষ্ঠ) দুমাহ আগতে ডিমা হাচাওলৈ আহিছিল । আমি ৬ জানুৱাৰীত ঘটনাৰ বিষয়ে জানিবলৈ পাইছিলো । মোৰ তিনিটা সন্তান (দুজনী ছোৱালী আৰু এজন ল'ৰা) আছে । এতিয়া মই নাজানো মই কি কৰিম আৰু কেনেকৈ জীয়াই থাকিম । আমি দুখীয়া মানুহ । আমি এতিয়া বহু অসুবিধাৰ সন্মুখীন হৈছো । মই ভাৰত চৰকাৰক আমাক সহায় কৰিবলৈ অনুৰোধ জনাইছো ।"
ইফালে গংগা বাহাদুৰ শ্ৰেষ্ঠৰ আত্মীয় ৰোশন ৰয়ে এ এন আইক কয়, "গংগা বাহাদুৰ শ্ৰেষ্ঠৰ উপৰিও কয়লাখনিৰ ভিতৰত লিজান মগৰ নামৰ আন এজন নেপালী লোকো আবদ্ধ হৈ আছে । আমি ইয়াত শ্ৰমিক হিচাপে কাম কৰি আছো ।" আনহাতে, গংগা বাহাদুৰ শ্ৰেষ্ঠৰ আন এজন আত্মীয় শ্যাম কুমাৰ শ্ৰেষ্ঠই এ এন আইক জনোৱা মতে, "গংগা দুমাহ পূৰ্বে নেপালৰ পৰা আন একাংশ লোকৰ সৈতে ইয়ালৈ আহিছিল । তেওঁৰ পত্নী, সন্তান আৰু পিতৃ-মাতৃয়ে এতিয়া জীয়াই থাকিবলৈ বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব । তেওঁৰ পত্নীয়ে মৃতদেহ নিবলৈ নেপালৰ পৰা কেঁচুৱাসহ ইয়ালৈ আহিছে ।"
উল্লেখ্য যে, উমৰাংছ’ তিনি কিলোৰ এটা কয়লাখনিত কাম কৰি থকা সময়তে খনিটোৰ ভিতৰত দ্ৰুতগতিত পানী সোমাই যোৱাৰ ফলত আন ৯ জন শ্ৰমিক আৱদ্ধ হৈ পৰে ৷ এই ঘটনাৰ পাছদিনা অৰ্থাৎ ৮ জানুৱাৰীত ভাৰতীয় সেনা আৰু এন ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই গংগা বাহাদুৰ শ্ৰেষ্ঠৰ মৃতদেহ উদ্ধাৰ কৰে । অৱশ্যে আন 8 গৰাকী শ্ৰমিকগৰাকী শ্ৰমিক সম্প্ৰতিও কয়লাখনিটোৰ ভিতৰত আৱদ্ধ হৈ আছে আৰু তেওঁলোকক উদ্ধাৰৰ বাবে অভিযান অব্যাহত ৰখা হৈছে ।
লগতে পঢ়ক:উমৰাংছ' কয়লাখনি ট্ৰেজেডী : পঞ্চমটো দিনত ভৰি দিলে উদ্ধাৰকাৰ্যই, ক্ৰমাৎ আশা কমি আহিছে আত্মীয়ৰ