গুৱাহাটী, 3 এপ্ৰিল:গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়া পালেগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা 4 ফেব্ৰুৱাৰীত শিলান্যাস কৰা প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰৰ প্ৰসংগই ৷ সমগ্ৰ দেশৰে দৃষ্টি নিৱদ্ধ হৈ থকা 498 কোটিটকীয়া বাজেট সাপেক্ষ কামাখ্যা কৰিড’ৰ প্ৰকল্প প্ৰসংগত উচ্চ নায়ালয়ৰ কৈফিয়ৎ তলব কৰি নিৰ্দেশনা জাৰি কৰা হৈছে অসম চৰকাৰলৈ । প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰৰ নিৰ্মাণৰ কামৰ স্থগিতাদেশ আৰু শ্বেতপত্ৰ বিচাৰি জনস্বাৰ্থ জড়িত এক আবেদনৰ (পিআইএল) শুনানি গ্ৰহণ কৰি অসম চৰকাৰক মতামত দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে মঙলবাৰে নিৰ্দেশনা দিয়ে ৷
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামে অসম চৰকাৰক উত্তৰ দাখিল কৰিবলৈ দুসপ্তাহৰ সময় নিৰ্ধাৰণ কৰি দিয়ে ৷ উল্লেখ্য যে, 1958 চনৰ প্ৰাচীন কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক স্থান আৰু অৱশিষ্ট আইন অনুসৰি পুৰাতত্ত্ব বিভাগৰ পৰা পূৰ্বৰ অনুমোদন আৰু অনুমতি নোহোৱাকৈ প্ৰস্তাৱিত কামাখ্যা কৰিড’ৰৰ নিৰ্মাণৰ কামত আগ নাবাঢ়িবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয় আৰু ন্যায়াধীশ সুমন শ্যামৰ দুজনীয়া বিচাৰপীঠে ৰাজ্য চৰকাৰক উত্তৰ দাখিল কৰাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিয়ে।
অহা 22 এপ্ৰিলত আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰে ন্যায়ালয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ ‘PM-Devine' আৰু 'PRASAD' আৰু ‘প্ৰসাদ’ৰ অধীনত অসম চৰকাৰ লোকনিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া ’মা কামাখ্যা কৰিড’ৰ প্ৰসংগত অসম চৰকাৰৰ পৰা এখন শ্বেতপত্র প্রকাশ কৰাৰ লগতে উপযুক্ত আদেশ বা নির্দেশ বিচাৰি গীতিকা ভট্টাচার্য নামৰ এগৰাকী ভক্তসহ আন 12 গৰাকীয়ে পি আই এল দাখিল কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷