হায়দৰাবাদ: হোৱাটছএপ বৰ্তমান সকলোৰে বাবে এক জনপ্ৰিয় সামাজিক মাধ্যম ৷ মেটাৰ এই মেছেজিং এপটোৰ জৰিয়তে বিনামূলীয়াকৈ তৎক্ষণাত বাৰ্তা প্ৰেৰণ কৰাৰ লগতে কলিঙৰো সুবিধা উপলব্ধ ৷ স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ বাবে ই এক প্ৰিয় এপ । কিন্তু হোৱাটছএপৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে হোৱাটছএপত নতুন নতুন বৈশিষ্ট্য সংযুক্ত হৈছে আৰু এই এপটোক সক্ৰিয় কৰি ৰাখিবলৈ আপডেটৰ প্ৰয়োজন হয় ৷ তথ্য অনুসৰি এণ্ড্ৰইড কিটকেট বা পুৰণি অপাৰেটিং চিষ্টেমত চলি থকা স্মাৰ্টফোনসমূহে আৰু এই এপ ব্যৱহাৰ কৰিব নোৱাৰিব ।
20 ডিচেম্বৰত প্ৰকাশিত এইচডিব্লগৰ এক প্ৰতিবেদন অনুসৰি নৱবৰ্ষৰ প্ৰথম দিনটোৰ পৰাই 20 টাতকৈও অধিক এণ্ড্ৰইড স্মাৰ্টফোনে হোৱাটছএপৰ সুবিধা হেৰুৱাব । হোৱাটছএপৰ উপৰিও আন কিছুমান মেটা এপ যেনে - ফেচবুক আৰু ইনষ্টাগ্ৰামৰ এই মোবাইলসমূহত কাম কৰাটো অতি সোনকালে বন্ধ হোৱাৰ সম্ভাৱনা অধিক । গুৰুত্বপূৰ্ণ বিষয়টো হ’ল এই তালিকাত থকা কিছুমান স্মাৰ্টফোন HTC আৰু LG ৰ দৰে ব্ৰেণ্ডৰ, যিয়ে কেবাবছৰ পূৰ্বেই স্মাৰ্টফোন নিৰ্মাণ কৰা বন্ধ কৰি দিছে ।
উল্লেখ কৰা প্ৰয়োজন যে, হোৱাটছএপ ব্যৱহাৰ কৰিবলৈ বঞ্চিত হ’বলগীয়া এই সকলো ডিভাইচ প্ৰায় কমেও 10 বছৰ পুৰণি । সেয়েহে পাঁচ-ছয় বছৰ পুৰণি এণ্ড্ৰইড স্মাৰ্টফোন থাকিলেও হোৱাটছএপে আশা কৰা ধৰণে কাম কৰি যাব । কিন্তু যদি আপোনাৰ হাতত তলত উল্লেখ কৰা স্মাৰ্টফোনবোৰৰ এটা আছে তেন্তে আপুনি হোৱাটছএপ চেটৰ বেকআপ এটা গুগল একাউণ্টত লওক যাতে সকলো Chat নতুন স্মাৰ্টফোনত সহজে পুনৰুদ্ধাৰ কৰাটো নিশ্চিত কৰিব পাৰে ।
2025 চনৰ জানুৱাৰী মাহৰ পৰা এইকেইটা এণ্ড্ৰইড ফোনত অকাৰ্যক্ষম হৈ পৰিব WhatsApp
Samsung: Galaxy S3, Galaxy Note 2, Galaxy Ace 3, Galaxy S4 Mini
Motorola: Moto G (জেন-1), Razr HD, Moto E 2014
LG: Optimus G, Nexus 4, G2 Mini, L90
Sony: Xperia Z, Xperia SP, Xperia T, Xperia V
HTC: One X, One X+, Desire 500, Desire 601
স্মৰ্তব্য যে, পুৰণি ডিভাইচত হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰাটো এয়াই প্ৰথম নহয় । ইয়াৰ পূৰ্বে 2020 চনত কোম্পানীটোৱে এণ্ড্ৰইড 2.3.7 বা তাতকৈ অধিক পুৰণি আৰু আই অ’ এছ 8 বা তাতকৈ অধিক পুৰণি ফোনত হোৱাটছএপ চলোৱাৰ সমৰ্থন বন্ধ কৰি দিছিল ।