গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী :শিক্ষা, সাহিত্য আৰু প্ৰকাশন উদ্যোগলৈ হৰিনাৰায়ণ দত্তবৰুৱাই আগবঢ়োৱা অৱদানে অসমৰ বৌদ্ধিক আৰু সামাজিক জীৱনটোক এক উন্নতৰ পৰ্যায়লৈ লৈ গৈছিল । তেখেতে যি সাধনাৰে অসমীয়া শিক্ষা, সংস্কৃতি আৰু মুদ্ৰণ-প্ৰকাশন জগতলৈ একক বৰঙণি যোগালে তাৰ তুলনা পাবলৈ নাই । মঙলবাৰে অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ হৰিনাৰায়ণ দত্তবৰুৱা কেন্দ্ৰীয় পুথিভঁৰাল কক্ষত আয়োজিত হৰিনাৰায়ণ দত্তবৰুৱা স্মাৰক বক্তৃতাত এইদৰে মন্তব্য কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা সংস্কৃতিৰ গৱেষক ড৹ প্ৰদীপজ্যোতি মহন্তই ।
ড৹ প্ৰদীপজ্যোতি মহন্তই লগতে কয় যে অসমৰ বৈষ্ণৱ সাহিত্যৰ সংগ্ৰহ, সম্পাদনা আৰু প্ৰকাশনত দত্তবৰুৱাই অকল্পনীয় অৱদান আগবঢ়াই গৈছে । মহাপুৰুষ দুজনাৰ সম্পূৰ্ণ ৰচনাৰাজিৰ সংকলন আৰু অন্যান্য ধর্মগ্ৰন্থ আৰু স্কুলীয়া পাঠ্যপুথিৰ প্ৰকাশন অসমীয়া জাতিলৈ তেখেতৰ এক স্মৰণীয় অৱদান । এইবাৰৰ স্মাৰক বক্তৃতাৰ বিষয় আছিল ‘অসমৰ সমাজ জীৱনত ধর্মগ্ৰন্থৰ প্ৰভাৱ আৰু হৰিনাৰায়ণ দত্তবৰুৱাৰ অৱদান ।’