মাজুলী,৮ আগষ্ট:সমগ্ৰ ৰাজ্যতেই প্ৰতিদিনে হেকাৰ তথা দুষ্ট চক্ৰই শ-শ লোকৰ বেংক একাউণ্টৰ পৰা ধন হৰলুকি কৰি নিয়াৰ বাতৰি সম্প্ৰচাৰ হৈ অহাৰ মাজতে মাজুলীৰ তিনিজন গাঁও প্ৰধান পৰিল হেকাৰৰ জালত ।
হেকাৰে লুটিলে মাজুলীৰ তিনি গাঁও প্ৰধানৰ সাঁচতীয়া ধন (ETV Bharat Assam) হোৱাটচএপ গ্ৰুপত আহিছিল PDF ফাইল:
মাজুলী জিলাৰ গাঁও প্ৰধানসকল একলগ হৈ থকা 'মাজুলী গাঁও প্ৰধান' নামৰ হোৱাটচএপ গ্ৰুপত বুধবাৰে নিশা প্ৰায় ৮ মান বজাত এটা নম্বৰৰ পৰা PM KISHAN New List _en091648_Clone.apk নামেৰে এটা পি ডি এফ ফাইল আহে ৷ প্ৰতিদিনাই প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ নতুন নতুন নীতি-নিৰ্দেশনাৰ সৈতে কাম কৰা গাঁও প্ৰধানসকলে এনেদৰে চৰকাৰী আঁচনিৰ নামত যিকোনো লিংক আহিলে খুলি চোৱাটো অভ্যাসত পৰিণত হৈছে ৷
প্ৰতিদিনাই পি এম কিষাণৰ ভেৰিফিকেচনৰ পৰা ধৰি কৃষকৰ মাটি-বাৰিলৈকে সকলো সমস্যাতে জড়িত থকা গাঁও প্ৰধানসকলে নিজা অভ্যাসৰ বশৱৰ্তী হৈ গাঁও প্ৰধান হোৱাটচএপ গ্ৰুপ আৰু উজনি মাজুলী গাঁওপ্ৰধান গ্ৰুপত অহা এই লিংকটো খুলি এপ্লিকেচনটোৱে নিৰ্দেশনা দিয়াৰ দৰেই ম’বাইলটো পৰিচালনা কৰি গৈ থাকোতে থাকোতে আধাৰ, পান নম্বৰ, অ' টি পি দি জালত সোমাই পৰে ।
তিনিজন গাঁও প্ৰধানৰ একাউণ্টৰ পৰা সৰকালে ধন:
ইয়াৰ পিচতেই পূৱ মাজুলীৰ মেৰাগড় লাটৰ গাঁও প্ৰধান মুনিন্দ্ৰ শইকীয়াই ১০ হাজাৰ, অভয়পুৰীয়া লাটৰ গাঁও প্ৰধান মুহিৰাম শইকীয়াই ৯ হাজাৰ আৰু নামনি মাজুলীৰ মালাপিন্ধা লাটৰ গাঁও প্ৰধান ৰাম কুমাৰ মিলিয়ে ৯ হাজাৰ টকা হেৰুৱাব লগা হয় । ইতমধ্যে গাঁও প্ৰধান কেইজনে আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে । পূৰ্বেও বহুলোকে এইদৰে হেকাৰৰ সন্মুখীন হৈ বেংকত জমা থকা কষ্টোপাৰ্জিত ধন হেৰুৱাব লগা হৈছে ।
এককথাত সমগ্ৰ ৰাজ্যত হেকাৰক নাকী লগাব পৰা কাৰিকৰী বিভাগ বা চাইবাৰ ক্ৰাইম বিভাগবোৰ যিমান সক্ৰিয় বা কৰিকৰীভাৱে অভিজ্ঞ হ'ব লগা হয়, হয়তো তেনে অভিজ্ঞতা সম্পন্ন নহয় সেইবাবেই প্ৰতিদিনেই চাইবাৰ ক্ৰাইম আৰু হেকাৰৰ সংখ্যা বাঢ়ি আহিছে । এইবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে ম'বাইলত অহা যিকোনো এপ্লিকেচন ম'বাইল ব্যৱহাৰকাৰীয়ে নোখোলাটো ভাল বুলি সচেতন মহলে মন্তব্য কৰাৰ লগতে মাজুলীৰ আৰক্ষী প্ৰশাসনক কঠোৰভাৱে তদন্ত কৰি গাঁও প্ৰধানসকলক লক্ষ্য কৰি লোৱা এই দুষ্ট চক্ৰটো উৎখাত কৰিবলৈ আহ্বান জনাইছে ।