গুৱাহাটী,৩০ জুন :১৭ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অৱসান ঘটাই ভাৰতে দ্বিতীয়বাৰলৈ টী-২০ বিশ্বকাপ ট্ৰফী জয় কৰাৰ পিচতে দেশজুৰি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে । দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তটো ক্ৰিকেট অনুৰাগীসকলে ওলাই আহি আনন্দ উল্লাস কৰে ।
ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী । মহানগৰীৰ বিভিন্ন স্থানত ক্ৰীণ টানি টী-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন উপভোগ কৰাৰ লগতে ভাৰত জয়ী হোৱাৰ পিচতে মাজনিশা ক্ৰিকেট অনুৰাগীসকলে ৰাজপথলৈ ওলাই আহি ফটকা ফুটাই আনন্দ প্ৰকাশ কৰে ।
ভাৰত জয়ী হোৱাৰ লগে লগে গণেশগুৰি, জি এছ ৰোডকে ধৰি মহানগৰীৰ প্ৰায়সমূহ স্থানতে আৱতৰীয়া দীপাৱলী দেখা যায় । ভাৰতীয় দলে জয় লাভ কৰাৰ পিচতে ভাৰতীয় দলক অভিনন্দন জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগ অভিনন্দন জনায় ভাৰতীয় ক্ৰীকেট দলক ৷