অসম

assam

ETV Bharat / state

জু-জিৎসু প্ৰতিযোগিতাত ৫৮ টাকৈ পদক গোলাঘাট জিলালৈ

Ju-Jitsu Association of Assam: দ্বিতীয় অসম ৰাজ্যিক জু-জিৎসু প্ৰতিযোগিতাত গোলাঘাটৰ সফলতা । আঁজুৰিলে ৫৮ টা পদক ।

By ETV Bharat Sports Team

Published : 4 hours ago

Golaghat district won 58 medals each in the 2nd Assam State Ju-Jitsu Competition
অসম ৰাজ্যিক জু-জিৎসু প্ৰতিযোগিতা (ETV Bharat Assam)

গোলাঘাট: গুৱাহাটীত অনুষ্ঠিত হয় দ্বিতীয় অসম ৰাজ্যিক জু-জিৎসু প্ৰতিযোগিতা । প্ৰতিযোগিতাত বিশেষ সফলতা গোলাঘাট জিলাৰ । গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন ষ্টেডিয়ামত অনুষ্ঠিত হোৱা জু-জিৎসু প্ৰতিযোগিতাত গোলাঘাটৰ জু-জিৎসু খেলুৱৈসকলে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

গোলাঘাটৰ পৰা যোৱা ৩৮ জনীয়া খেলুৱৈৰ দলটোৱে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনৰ তিনিটা শাখাত । তিনিওটা শাখাতে অংশগ্ৰহণ কৰি সোণ, ৰূপ আৰু ব্ৰঞ্জৰ মুঠ ৫৮ পদক লাভ কৰিবলৈ সক্ষম হয় । প্ৰতিযোগিতাখনত ২৬ টা সোণৰ পদক, ১৭ টা ৰূপৰ পদক আৰু ১৫ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি প্ৰশিক্ষকে জানিবলৈ দিছে ।

অসম ৰাজ্যিক জু-জিৎসু প্ৰতিযোগিতা (ETV Bharat Assam)

এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুঠ ১৪ খন জিলাৰ প্ৰায় দুই শতাধিক খেলুৱৈয়ে । অংশগ্ৰহণ কৰা জিলাসমূহৰ ভিতৰত জু-জিৎসু প্ৰতিযোগিতাত গোলাঘাটে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । প্ৰশিক্ষক ছেনছেই জুৰী ঢেঁকীয়াল ফুকন তত্বাৱধানত খেলুৱৈসকলক গোলাঘাট জু-জিৎসু সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা আৰু সাধাৰণ সম্পাদক বিতুল নেওগ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনায় ।

উল্লেখ্য যে খেলৰ জগতত নতুনকৈ প্ৰৱেশ হোৱা এই জু-জিৎসু খেলবিধ খেলুৱৈসকলৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অসম জু-জিৎসু সন্থাই বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । সমান্তৰালভাৱে এই ক্ষেত্ৰত সভাপতি পূৰ্ণ ৰাজখোৱা আৰু সম্পাদক বিতুল নেওগেও অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে । যাৰ ফলস্বৰুপে গোলাঘাট জিলাবাসীলৈ খেলুৱৈসকলে উন্নত মানদণ্ডৰ খেল প্ৰদৰ্শন কৰা সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । গোলাঘাটৰ খেলুৱৈসকলৰ এই সফলতাত আনন্দিত হৈ পৰিছে সমগ্ৰ গোলাঘাটবাসী ।

লগতে পঢ়ক:পাঁচ সহস্ৰাধিক দৌৰবিদৰ অংশগ্ৰহণৰে ২৪ অক্টোবৰত আন্তঃৰাষ্ট্ৰীয় টাৱাং মাৰাথন

ABOUT THE AUTHOR

...view details