কলিয়াবৰ : নতুন বছৰৰ আনন্দ লভিবলৈ কাজিৰঙালৈ যোৱাৰ পৰিকল্পনা আছে নেকি ? তেনেহ'লে অলপ সাৱধান হ'ব, বিশেষকৈ জীপ চাফাৰীৰ ক্ষেত্ৰত । কিয়নো একাংশ জীপচী চালকে সুৰাসক্ত অৱস্থাত জীপচী চলোৱাৰ পিছত সংঘটিত হৈছে অঘটন । যাৰ বাবে বন বিভাগৰ লগতে পৰিবহণ বিভাগে অভিযান আৰম্ভ কৰিছে ।
ব্ৰেথ এনালাইজাৰৰ জৰিয়তে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সুৰাপায়ী জীপচী চালকৰ বিৰুদ্ধে নগাঁও জিলা পৰিবহণ বিভাগৰ অভিযান । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত নিয়োজিত জীপচী চালকৰ বিৰুদ্ধে চলিল এই অভিযান । ব্ৰেথ এনালাইজাৰৰ জৰিয়তে প্ৰতিজন জীপচী চালকক পৰীক্ষা । এই পৰীক্ষাত সুৰা সেৱন কৰি জীপচী চলোৱা দুজনকৈ চালক ধৰা পৰে ।
বাগৰি আৰক্ষীয়ে দুয়োজন চালকক আটক কৰাৰ লগতে জীপচী দুখন জব্দ কৰে । জব্দ কৰা বাহন দুখনৰ নম্বৰ ক্ৰমে AS-12N 6090 আৰু AS-25E 8732 । আটক হোৱা ব্যক্তিকেইজন হাতীখূলি ৰঙাজানৰ গণেশ মাঝি আৰু আনজন ৰঙাজানৰে সঞ্জয় গোস্বামী ।
উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চলত জীপ চাফাৰীৰ সময়ত জীপচী বাহন দুৰ্ঘটনাত বহিঃৰাজ্যৰ তিনি পৰ্যটক আঘাতপ্ৰাপ্ত হোৱাৰ পাছতেই সুৰাপায়ী জীপচী চালকৰ বিৰুদ্ধে নগাঁও জিলা পৰিবহণ বিভাগে এই অভিযান চলায় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলত নিয়োজিত জীপচী চালকক পৰীক্ষা কৰিবলৈ চলে এই অভিযান । ব্ৰেথ এনালাইজাৰৰ জৰিয়তে প্ৰতিজন জীপচী চালকক পৰীক্ষা কৰে । সুৰা সেৱন কৰি জীপচী চলোৱাৰ সম্ভেদ পালেই জীপচী চাফাৰীৰ চালকৰ বিৰুদ্ধে আইনীগত ব্যৱস্থা গ্ৰহণ কৰিব বিভাগে ।
উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা বনাঞ্চল পৰিদৰ্শন কৰিবলৈ ব্যৱহাৰ কৰা জীপ চাফাৰীৰ এখন জীপচী বাহন দুৰ্ঘটনাগ্ৰস্ত হোৱাত পশ্চিমবঙ্গৰ হাওৰাৰ পৰ্যটক প্ৰণৱ কুমাৰ চাও (৪৮), শিল্পী চাও (২০) আৰু নিৰ্মালি খান আঘাতপ্ৰাপ্ত হয় । ৰাষ্ট্ৰীয় উদ্যানৰ জীপ চাফাৰীৰ সময়ত চালকসকলে পৰ্যটকক নিজ জীপচীত উঠাবলৈ হেতা-ওপৰা লগোৱা, আইন অমান্য কৰি পৰ্যটকৰ পৰা অধিক ধন সংগ্ৰহ কৰা, তীব্ৰ গতিত জীপচী চলোৱা, এখন জীপচীয়ে আন এখন জীপচীক অতিক্ৰম কৰা, বন্যপ্ৰাণী অহা-যোৱা কৰা পথৰ সমুখত বাহন ৰখাই থোৱা, বন্যপ্ৰাণীক বিপদসংকুলভাৱে অতি ওচৰৰ পৰা পৰিদৰ্শন কৰোৱাকে ধৰি একাধিক অভিযোগ আছে জীপ চাফাৰীৰ চালকৰ বিৰুদ্ধে ।
জীপচীৰ গৰাকীয়ে অধিক লাভৰ আশাত যধেমধে নিয়ন্ত্ৰণহীনভাৱে বাহন চলালেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে বুলিও অভিযোগ আছে ।