অসম

assam

ETV Bharat / state

নুনু কৰ্মকাৰক সন্তোষ কুমাৰ তপ্প স্মাৰক বঁটা - GOLAGHAT AATSA

গোলাঘাটত সমাজহিতৈষী সন্তোষ কুমাৰ তপ্পৰ ৩০সংখ্যক মৃত্যু বাৰ্ষিকী আৰু ১৬সংখ্যক বাৰ্ষিক বক্তৃতা অনুষ্ঠান ৷ নুনু কৰ্মকাৰক সন্তোষ কুমাৰ তপ্প স্মাৰক বঁটা প্ৰদান ।

Golaghat AATSA observe 30th death anniversary of Santosh Kumar Tappa
গোলাঘাটত সন্তোষ কুমাৰ তপ্পৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 1:52 PM IST

গোলাঘাট :‘‘দুৰ্গী ভূমিজ চাহ জনগোষ্ঠীৰ এগৰাকী অখ্যাত স্বাধীনতা সংগ্ৰামী, যিয়ে ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল ৷ কিন্তু অসমৰ স্বাধীনতা সংগ্ৰাম তথা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামীসকলৰ তালিকাত দুৰ্গী ভূমিজৰ নাম নাই । এই অখ্যাত স্বাধীনতা সংগ্ৰামীগৰাকীৰ বিষয়ে বিভিন্ন ধৰণৰ গৱেষণা বা বিভিন্ন প্ৰচেষ্টাত সাহিত্যিক, উপন্যাসিক, গল্পকাৰ অৰূপা পটংগীয়া কলিতাই এখন উপন্যাস প্ৰস্তুত কৰি উলিয়াইছে ৷’’ আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে এই কথা ৷

‘‘সঁচা অৰ্থত মাংৰি ওৰাং ১৯২১ চনত ব্ৰিটিছৰ গুলীত শ্বহীদ হৈছিল ৷ সেই হিচাপে মাংৰি ওৰাং অসমৰ নহয় উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা শ্বহীদ । কিন্তু মাংৰি ওৰাঙে আজিও সেই স্বীকৃতি লাভ কৰা নাই ৷’’ গোলাঘাট পুথিভঁৰালত আয়োজিত এক অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালাই ৷ লগতে তেওঁ কয়, ‘‘স্বাধীনতা সংগ্ৰামী যেনে দয়াল দাস পানীকা, মংগল কুৰ্মী, বিজু বৈষ্ণৱ- এই সকলেও স্বীকৃতিৰ পৰা বঞ্চিত হ'ল । আমি এই বীৰ বীৰাংগণাসকলৰ ত্যাগ সেই ত্যাগৰ মাজেৰে নতুন প্ৰজন্মই আগবাঢ়ি যাব লাগিব ৷’’

গোলাঘাটত সন্তোষ কুমাৰ তপ্পৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী পালন (ETV Bharat Assam)

উল্লেখ্য যে, বৃহস্পতিবাৰে গোলাঘাট পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হয় সমাজহিতৈষী সন্তোষ কুমাৰ তপ্পৰ ৩০ সংখ্যক মৃত্যু বাৰ্ষিকী আৰু ১৬ সংখ্যক বাৰ্ষিক বক্তৃতা অনুষ্ঠান ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থা তথা গোলাঘাট জিলা সমিতি আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হয় এই অনুষ্ঠান ৷

এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক অৰূপা পটংগীয়া কলিতা ৷ লগতে বিশিষ্ট অতিথি হিচাপে কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, আটছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ বৰাইক, সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি অভিৱৰ্তন গোস্বামী, মৰাণ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক আত্মাৰাম কুমাৰ, বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ মাখন লাল বাৰৈ, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজ্জুল হক বৰবৰা উপস্থিত থাকে । উক্ত অনুষ্ঠানত ঝুমুৰ শিল্পী নুনু কৰ্মকাৰক সন্তোষ কুমাৰ তপ্প স্মাৰক বঁটা আগবঢ়োৱা হয় ।

অসম চাহ জনজাতি ছাত্ৰ সন্থাই আয়োজন কৰা এই অনুষ্ঠানৰ সভাপতিৰ আসন শুৱনি কৰে সন্তোষ কুমাৰ তপ্প স্মৃতি ৰক্ষা সমিতিৰ সভাপতি মানিক শইকীয়াই ৷ এই সভা উদ্বোধন কৰে আটছাৰ কেন্দ্ৰীয় সভাপতি ধীৰাজ গোৱালাই, স্মৰণিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক দিগন্ত কুমাৰ ভূঞাই ।

লগতে পঢ়ক :লাচিত দিৱসৰ নামত ধন দাবী কৰি নিলম্বিত বীৰ লাচিত সেনাৰ 4 জন নেতা

ABOUT THE AUTHOR

...view details