অসম

assam

ETV Bharat / state

অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰত কি দাবী DGP জিপি সিঙৰ ?

ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস । অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধিৰ দাবী জি পি সিঙৰ ।

G P Singh demands reduction in the number of crimes in the state and increase in conviction rate of accused
অপৰাধ আৰু অপৰাধীৰ ক্ষেত্ৰত কি দাবী DGP জিপি সিংঙৰ ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

গুৱাহাটী:অসম আৰক্ষীয়ে দাখিল কৰে তদন্ত প্ৰক্ৰিয়াৰ অভিযোগনামা, লগতে দোষী সাব্যস্ত কৰাৰ হাৰৰ ক্ষেত্ৰত সফলতা লাভ কৰা বুলি দাবী কৰে অসম আৰক্ষীয়ে । এই সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে X ৰ জৰিয়তে দাবী কৰি কয়, "অভিযোগনামা দাখিলৰ হাৰ ৬৬.০৯ শতাংশলৈ বৃদ্ধি হৈছে । আকৌ অপৰাধৰ গোচৰত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ২২.২২ শতাংশলৈ বৃদ্ধি হৈছে ।"

উল্লেখ্য যে দুদিন পূৰ্বে গুৱাহাটীত ৰাজ্যৰ আৰক্ষী অধীক্ষক আৰু উপ আৰক্ষী অধীক্ষকসকলৰ (অপৰাধ) বৈঠক অনুষ্ঠিত হৈছিল । এই বৈঠকৰ পিচতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে X ৰ জৰিয়তে অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণৰ সাফল্য দাবী কৰে ।

ছয় বছৰৰ অপৰাধ:

অসম আৰক্ষীয়ে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, ২০১৯ চনত বিভিন্ন অপৰাধ সম্পৰ্কীয় মুঠ ১,৩২,৮৭৭ টা গোচৰ ৰুজু হৈছিল । সেইদৰে ২০২০ চনত ১,২১,৬০৯ টা, ২০২১ চনত ১,৩৩,২৩৯ টা, ২০২২ চনত ৬৮,৩৩৭ টা, ২০২৩ চনত ৬৪,৯৫৯ টা আৰু ২০২৪ চনৰ ছেপ্টেম্বৰলৈ ৩৭,৮২৬ টা গোচৰ ৰুজু হৈছে ।

ছয় বছৰত অভিযোগনামা দাখিলৰ হাৰ:

অসম আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, ২০১৯ চনত আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰ আছিল ৪৮.৮০ শতাংশ । সেইদৰে ২০২০ চনত আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰ ৪৭.৮০ শতাংশ, ২০২১ চনত আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰ ৩৯.৪০ শতাংশ, ২০২২ চনত আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰ ৩৪.৩০ শতাংশ, ২০২৩ চনত আৰক্ষীৰ অভিযোগনামা দাখিলৰ হাৰ ৫২.৬০ শতাংশ আছিল । ২০২৪ চনৰ ছেপ্তেম্বৰলৈ অভিযোগনামা দাখিলৰ হাৰ ৬৬.০৯ শতাংশলৈ বৃদ্ধি হৈছে ।

ছবছৰত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ:

অসম আৰক্ষীৰ তথ্য মতে, ভাৰতীয় দণ্ডবিধি আৰু অন্য স্থানীয় বিশেষ আইনৰ অধীনৰ অপৰাধকে ধৰি মুঠ অপৰাধৰ গোচৰত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ২০১৯ চনত ৫.৯ শতাংশ আছিল । সেইদৰে ২০২০ চনত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ৫.৫ শতাংশ, ২০২১ চনত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ৬.১ শতাংশ, ২০২২ চনত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ১৩.৫ শতাংশ, ২০২৩ চনত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ১৬.৭৫ শতাংশ আছিল । ইফালে ২০২৪ চনৰ ছেপ্তেম্বৰলৈকে ভাৰতীয় দণ্ডবিধি আৰু অন্য স্থানীয় বিশেষ আইনৰ অধীনৰ অপৰাধকে ধৰি মুঠ অপৰাধৰ গোচৰত অভিযুক্তৰ দোষী সাব্যস্তকৰণৰ হাৰ ২২.২২ শতাংশলৈ‌ বৃদ্ধি হৈছে ।

লগতে পঢ়ক:সঁচাকৈয়ে হত্যা কৰিছিল নেকি পুত্ৰক ?

গাড়ীৰ ভিতৰ উদ্ধাৰ যুৱকৰ ক্ষত-বিক্ষত মৃতদেহ: কিছু দূৰৈত তেজেৰে তুমৰলি হৈ জীৱন্তে পৰি আছিল আন এজন - Sensational Murder

ABOUT THE AUTHOR

...view details