অসম

assam

ETV Bharat / state

ভয়-ভাবুকিৰে বৃদ্ধাৰ একাউন্টৰ পৰা ৬০ লাখ টকা লুট

Money Loot: দুষ্ট চক্ৰৰ মেৰপাকৰ পৰা সাৰি নগ’ল বৃদ্ধাও ৷ ডুমডুমাৰ এগৰাকী বৃদ্ধাৰ পৰা অতি কৌশলেৰে প্ৰৱঞ্চকৰ দলে লুটি নিলে ৬০ লাখ টকা ৷

By ETV Bharat Assamese Team

Published : 5 hours ago

Money Loot
ধন লুটৰ ঘটনা (ETV Bharat Assam)

তিনিচুকীয়া, ১৮ অক্টোবৰ :আকৌ ধন লুটৰ ঘটনা ৷ এইবাৰৰ দুষ্ট চক্ৰৰ জালত পৰিল এগৰাকী বৃদ্ধা ৷ জানিব পৰা মতে, তিনিচুকীয়া জিলাৰ এগৰাকী বৃদ্ধাৰ পৰা অতি কৌশলেৰে বৃহৎ পৰিমাণৰ ধন লুটৰ ঘটনা সংঘটিত হৈছে । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰূপাইৰ নুআলা বৰঠাকুৰ (Nuala Borthakur) নামৰ এগৰাকী বৃদ্ধাৰ পৰা বেংক একাউন্টৰ পৰা ধন লুট কৰে ৷

নুআলা বৰঠাকুৰ নামৰ এংলো ইণ্ডিয়ান (Anglo Indian) বৃদ্ধাগৰাকীৰ পৰা এটা দুষ্ট চক্ৰই ৬০ লাখ টকা লুট কৰে ৷ এই কথা সংবাদ মাধ্যমৰ আগত বৃদ্ধাগৰাকীয়ে নিজেই সদৰী কৰে । ইতিমধ্যে উক্ত ঘটনাৰ সন্দৰ্ভত ডুমডুমা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে বৃদ্ধাগৰাকীয়ে ।

ধন লুটৰ ঘটনা (ETV Bharat Assam)

বৃদ্ধাগৰাকীয়ে সদৰী কৰা অনুসৰি, বেংক একাউন্টৰ জৰিয়তেই প্ৰৱঞ্চকৰ দলটোলৈ ধন পঠিয়াইছিল বৃদ্ধাগৰাকীয়ে । বৃদ্ধাগৰাকীৰ একাউন্টত থকা ধনখিনি "ব্লেক মানী" বুলি বিভিন্ন ধৰণৰ কথা কৈ বৃদ্ধাগৰাকীৰ পৰা ধন হৰলুকি কৰিলে চক্ৰটোৱে । ক’লা ধন বগা কৰাৰ কৌশল বুলি বিভিন্ন পন্থা প্ৰদৰ্শন কৰি দুটাকৈ কিস্তিত চক্ৰটোৱে লুটি নিয়ে ধন । ধনখিনি প্ৰদান নকৰিলে আইনী মেৰপেচত পৰিব বুলি বৃদ্ধাগৰাকীক ভয় দেখুওৱাৰ লগতে মুম্বাই আৰক্ষী থানাৰ পৰা আৰক্ষীৰ পোচাকধাৰী এগৰাকীয়ে ফোন কৰিছিল বুলিও তেওঁ সদৰী কৰে ।

এজাহাৰ (ETV Bharat Assam)

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধন লুটৰ ঘটনা অব্যাহত থকাৰ মাজতে তিনিচুকীয়া জিলাৰ এগৰাকী বৃদ্ধাৰ পৰা বৃহৎ পৰিমাণৰ ধন লুটি নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰৱঞ্চকৰ দলটোৰ বিৰুদ্ধে কিদৰে ব্যৱস্থা গ্ৰহণ কৰিব, সেয়াহে লক্ষণীয় হ’ব ।

লগতে পঢ়ক :বৰপেটাত ভিৰৰ সুযোগ লৈ শ্ব'পিং মলত পকেটমাৰে লুটিলে গ্ৰাহকক - Pickpocket terror in Barpeta

লগতে পঢ়ক :মহিলা বেংক মেনেজাৰক ভিডিঅ' কলত ব্যস্ত ৰাখি চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা - Bank Manager Digital Arrest Case

ABOUT THE AUTHOR

...view details