অসম

assam

ETV Bharat / state

ৰাজধানী দিল্লীৰ স্বাধীনতা দিৱসৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত অসমৰ 4 শিক্ষাৰ্থী - 78th Independence Day - 78TH INDEPENDENCE DAY

I-Day celebrations at Red Fort: দিল্লীৰ লালকিল্লাত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ স্বেচ্ছাসেৱক ৷ এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন---

Four NSS volunteers OF Gauhati university to attend I-Day celebrations at Red Fort
আমন্ত্ৰিত এন এছ এছ কোষৰ স্বেচ্ছাসেৱক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 1:18 PM IST

গুৱাহাটী, 11 আগষ্ট:প্ৰতিবছৰৰ দৰে এইবছৰো দিল্লীৰ লালকিল্লাত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত পালন কৰা হ’ব স্বাধীনতা দিৱস ৷ ইয়াকে লৈ বিভিন্ন প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে ৷ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া এই অনুষ্ঠানলৈ নিমন্ত্ৰিত হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ চাৰিজন নিষ্ঠাবান স্বেচ্ছাসেৱক ৷

ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ে নতুন দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানলৈ বিশেষ অতিথি হিচাপে আমন্ত্ৰণ জনাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই স্বেচ্ছাসেৱককেইগৰাকীক । স্বেচ্ছাসেৱককেইগৰাকীৰ সমাজলৈ ব্যতিক্ৰমী অৱদান আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ মূল্যবোধৰ প্ৰসাৰৰ ক্ষেত্ৰত তেওঁলোকৰ ভূমিকাক স্বীকৃতি জনাই আগবঢ়োৱা হৈছে এই সন্মান ।

আমন্ত্ৰিতসকলৰ স্বেচ্ছাসেৱককেইগৰাকী হ’ল- ৰাজ্যিক এন এছ এছ বঁটাপ্ৰাপক, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদ এন এছ এছ গোটৰ ডলী চৌধুৰী, ৰাজ্যিক এন এছ এছ বঁটাপ্ৰাপক নৰ্থ গুৱাহাটী মহাবিদ্যালয়ৰ জয়ন্ত দাস, বৰনগৰ মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক সংগীতা সাউদ, গোৱালপাৰা মহাবিদ্যালয়ৰ এন এছ এছ স্বেচ্ছাসেৱক কৌশিক নাথ ।

লালকিল্লাত উদযাপন হ’বলগীয়া স্বাধীনতা দিৱস অনুষ্ঠানত এইসকল স্বেচ্ছাসেৱকক সন্মান জনোৱাৰ লগতে এন এছ এছৰ জৰিয়তে আৰু বহু যুৱক-যুৱতীক জাতি-নিৰ্মাণৰ কাম-কাজত অংশগ্ৰহণৰ বাবেও অনুপ্ৰাণিত কৰা হ’ব ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈকে ধৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ হেমন্ত কুমাৰ নাথ, ছাত্ৰ কল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতি আৰু উত্তৰ-পূৱ এন এছ এছৰ আঞ্চলিক সঞ্চালক জাংজিলঙে স্বাধীনতা দিৱস অনুষ্ঠানলৈ আমন্ত্ৰিত স্বেচ্ছাসেৱকসকলক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ যাত্ৰা সফল কৰি তুলিবলৈ শুভেচ্ছা জ্ঞাপন কৰে ।

লগতে পঢ়ক:টীয়কত জাতীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত শিল্পী - Independence Day Preparation

ছফ্টৱেৰ দুৰ্বল হোৱা বাবেই ঘটিল বিয়াগোম মাৰ্কশ্বীট কেলেংকাৰী: মুখ্যমন্ত্ৰী - Gauhati university marksheet scam

মাৰ্কশ্বীট কেলেংকাৰী : উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীত বিশ্ববিদ্যালয়ৰ আছুকে ধৰি স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ - MARKSHEET SCAM

ABOUT THE AUTHOR

...view details