অসম

assam

ETV Bharat / state

তেজপুৰত বানত উটি অহা বনৰীয়া ম’হক ট্ৰেংকুলাইজ, ম’হৰ আক্ৰমণত আহত 7 গৰাকী - ASSAM FLOOD 2024

Forest Department : লুইতৰ বানত উটি অহা এটা ম’হক বন বিভাগে কৰিলে ট্ৰেংকুলাইজ ৷ ম’হটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল 7 গৰাকীকৈ লোক ৷

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 10:11 PM IST

ASSAM FLOOD 2024
অৱশেষত স্বস্তি (ETV Bharat Assam)

তেজপুৰ, 7 জুলাই:শোণিতপুৰ জিলাৰ প্ৰাণকেন্দ্ৰ তেজপুৰ চহৰত বিগত পাঁচদিন ধৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল এটা বনৰীয়া ম’হে ৷ ম’হটোৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল 7 গৰাকীকৈ লোক ৷ অৱশেষত বন বিভাগৰ তৎপৰতাত দেওবাৰে অসম ৰাজ্যিক চিৰিয়াখানৰ পৰা চিকিৎসকৰ এটা দল আহি ম’হটোক ট্ৰেংকুলাইজ কৰি অচেতন কৰিবলৈ সক্ষম হয় ৷

বনৰীয়া ম’হটোৱে তেজপুৰৰ আৰক্ষী বিষয়াৰ আৱাসিক চৌহদত আশ্ৰয় লৈ থকা অৱস্থাতে চিকিৎসকৰ দলটোৱে ট্ৰেংকুলাইজ কৰে ৷ বানত উটি অহা বনৰীয়া ম'হটোৱে কটনৰোড কুমাৰগাঁও অঞ্চলত সাতগৰাকীকৈ লোকক আঘাতপ্ৰাপ্ত কৰাৰ লগতে ক্ষতিসাধন কৰিছিল কেইবাখনো বাহনৰ ৷ দেওবাৰে ম’হটো উদ্ধাৰ কৰি বুঢ়াচাপৰিত মুকলি কৰি দিয়াৰো ব্যৱস্থা কৰে জিলাখনৰ বন বিভাগে ৷

লগতে পঢ়ক:তেজপুৰৰ কলিবাৰীত বান পৰিস্থিতি পৰিদৰ্শন ভূপেন বৰাৰ, ক্ষতিগ্ৰস্তক ৰাজসাহাৰ্য দিয়াৰ দাবী - Assam Flood 2024

চাৰিদিন পূৰ্বে তেজপুৰত এই বনৰীয়া ম'হটোৰ আক্ৰমণত মহিলাসহ আহত হোৱা তিনিগৰাকী লোক আজিও চিকিৎসাধীন অৱস্থাত আছে ৷ ম’হৰ আক্ৰমণত আহত তিনিগৰাকী লোক হৈছে ক্ৰমে- কুমাৰগাঁৱৰ বিমল দাস(60), কটনৰোডৰ নিভা সৰকাৰ(51) আৰু জাহাজঘাটৰ দুখী মাঝি(56) ৷ বাকী চাৰিগৰাকীৰ নাম জানিব পৰা হোৱা নাই ৷ আটাইকেইজনক ভৰ্তি কৰোৱা হৈছে তেজপুৰস্থিত কনকলতা অসামৰিক চিকিৎসালয়ত ৷

লগতে পঢ়ক:অসমৰ বানক ৰাষ্ট্ৰীয় সমস্য়া ঘোষণা কৰিলে বিদেশী পৰ্যটক নহা হ’ব : মুখ্যমন্ত্ৰীৰ মন্তব্য - Assam flood 2024

ইয়াৰ লগতে এদিন পূৰ্বে মাত্ৰ বনৰীয়া হাতীয়ে এগৰাকী কিশোৰীক আক্ৰমণ কৰি আহত কৰাৰ পাছত স্বাভাৱিকতে আতংকিত হৈ পৰিছে তেজপুৰবাসী৷ শনিবাৰে নিশাৰে পৰা পাঁচটাকৈ বনৰীয়া হাতীয়ে বেচেৰীয়া অঞ্চলত অৱস্থান কৰাৰো খবৰ পোৱা গৈছে ।

উল্লেখ্য যে, বাৰিষাৰ বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ঠায়ে ঠায়ে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ বলি হ’বলগীয়া হৈছে সাধাৰণ লোকসকল ৷ বিপৰীতে কোনো কোনো অঞ্চলত বানৰ সুযোগ লৈ বহুলোকে জীৱ-জন্তু চিকাৰতো নামি পৰা দেখা গৈছে ৷

লগতে পঢ়ক:তেজপুৰত বনৰীয়া হাতীৰ আক্ৰমণত কিশোৰী আহত - Wild elephant terror

ABOUT THE AUTHOR

...view details