কলিয়াবৰ, 31 আগষ্ট :কলিয়াবৰৰ তিনিখন গাঁৱত সন্ত্ৰাস চলাই আছে এটা ঢেকীয়াপতীয়া বাঘে ৷ বাঘটোক বন্দী কৰিবলৈ শনিবাৰে বন বিভাগে পিঞ্জৰা স্থাপন কৰে । কলিয়াবৰৰ কামাখ্যা গাঁৱৰ চিত্ৰনলা বাগিচাত বনৰজাক বন্দী কৰিবলৈ বন বিভাগে স্থাপন কৰিছে পিঞ্জৰাটো ৷
‘‘আমাৰ ইয়াত বাঘ বহু বছৰৰ পৰাই অহা-যোৱা কৰি থাকে । কামাখ্যা মন্দিৰ আছে বাবে বাঘ থাকেই । বাঘৰ লগত আমাৰ শত্ৰুতা নাই, সেইবাবে বাঘে আজিলৈকে কোনো মানুহক আক্ৰমণ কৰা নাই । মইতো সন্মুখৰ পৰা কেবাৰো বাঘ দেখিছো । বাটত অহা-যোৱা কৰোতেও বাঘ দেখিছো ৰাস্তাত, ক্ষতি কৰা নাই । কেৱল আহাৰৰ বাবে চিকাৰ কৰিছে পশুধন ।’’- এই মন্তব্য কামাখ্যা গাঁৱৰ নিবাসী প্ৰশান্ত পাঠকৰ ।
পাঠকৰ চিত্ৰনলা বাগিচাতে আজি বাঘ ধৰিবলৈ পিঞ্জৰা স্থাপন কৰিছে বন বিভাগে ৷ পিঞ্জৰা স্থাপন কৰি অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাট কামাখ্যা মন্দিৰত চাকি-বন্তি আগবঢ়াই সেৱা লয় বন বিভাগে । শিলঘাট-কামাখ্যা পাহাৰ সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কলিয়াবৰ চাহ বাগিচা, নাম কামাখ্যা, কামাখ্যা আৰু সোণাৰী গাঁৱত দুটাকৈ প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে বিচৰণ কৰি পশুধন নিধন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ।