অসম

assam

ETV Bharat / state

মাজুলীত সাতামপুৰুষীয়া সংস্কৃতি উপভোগ কৰি মন্ত্ৰমুদ্ধ বিদেশী পৰ্যটক

Foreign Tourist Arrives in Majuli: সত্ৰপীঠ মাজুলীত উপস্থিত হ'ল বছৰৰ প্ৰথমটো বিদেশী পৰ্যটকৰ দল ৷ মাজুলীত উপস্থিত হৈ দলটোৱে উপভোগ কৰে মহাৰাস ৷

By ETV Bharat Assamese Team

Published : 5 hours ago

Foreign Tourist Arrives in Majuli
সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ (ETV Bharat Assam)

মাজুলী, ১৭ ছেপ্টেম্বৰ :সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী ৷ ইয়াৰ আছে নিজা ঐতিহাসিক স্বকীয় বৈশিষ্ট ৷ বুঢ়ালুইতৰ বক্ষত অৱস্থিত সত্ৰ নগৰী মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ লগতে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে দেশী-বিদেশী পৰ্যটকক । সেয়ে বছৰৰ অধিকাংশ সময়তে মাজুলীত দেশী-বিদেশী পৰ্যটকক দেখিবলৈ পোৱা যায় ৷

শৰতৰ আগমনৰ লগে লগে মাজুলীত মঙলবাৰে উপস্থিত হয় বছৰৰ প্ৰথমটো বিদেশী পৰ্যটকৰ দল । অষ্ট্ৰেলিয়া, স্পেইন আৰু ফান্সৰ পৰা অহা ১৫ জনীয়া দলটোৱে দৰ্শন কৰে মাজুলীৰ বিনন্দীয়া পৰিৱেশ, উপভোগ কৰে সত্ৰীয়া সংস্কৃতি ।

সত্ৰপীঠ মাজুলীত উপস্থিত বিদেশী পৰ্যটকৰ দল (ETV Bharat Assam)

বিদেশী পৰ্যটকৰ দলটো পোনে পোনে আহি প্ৰথমে উপস্থিত হয় ঐতিহ্যমণ্ডিত উত্তৰ কমলাবাৰী সত্ৰত । উত্তৰ কমলাবাৰী সত্ৰত বৈষ্ণৱসকলে প্ৰদৰ্শন কৰা মাটি আখৰা, কেলিগোপাল নাট ৷ মহাৰাসৰ লগতে সত্ৰৰ মাটি আখৰা উপভোগ কৰি আল্পুত হৈ পৰে । লগতে লক্ষ্মী পূৰ্ণিমাৰ দিনটোত কীৰ্তন ঘৰত উপভোগ কৰে মহাৰাস । মাজুলীৰ এইসমূহ চহকী সাতামপুৰুষীয়া সংস্কৃতি দেখি আপোন পাহৰা হৈ পৰে বিদেশী পৰ্যটকসকল ।

লগতে পঢ়ক :অপেক্ষাৰ অন্ত, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২০২৪-২৫ পৰ্যটন বৰ্ষ আৰম্ভ - Kaziranga National Park

উল্লেখ্য যে, পৰ্যটকৰ বাবে বিশ্বৰ অন্যতম আৰ্কষণীয় স্থান হ’ল মাজুলী । মাজুলীলৈ বিগত বৰ্ষত ডেৰ লক্ষাধিক পৰ্যটকৰ আগমন হৈছিল । বিশেষকৈ ফান্স, পৰ্টুগাল, জাৰ্মানী, ইংলেণ্ড, অষ্ট্ৰেলিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, আমেৰিকা আদিৰ পৰ্যটক মাজুলীলৈ আগমন হয় ।

মাজুলীলৈ আহি উপভোগ কৰে সেউজীয়া প্ৰাকৃতিক পৰিৱেশ আৰু বিশুদ্ধ বায়ু, মুখা শিল্প, মৃৎ শিল্প, সত্ৰীয়া নৃত্যৰ লগতে শাৰদীয় মূল উৎসৱ ৰাস, ভাওনা, পালনাম, আকাশ বন্তি ইত্যাদি । মাজুলীৰ সত্ৰৰ লগতে বিভিন্ন অনুষ্ঠান সমূহ সংৰক্ষিত সম্পদেও আকৃষ্ট কৰে দেশী-বিদেশী পৰ্যটকসকলক । মাজুলীত আহি আপোন পাহৰা হৈ পৰে বিদেশী পৰ্যটকসকল ।

লগতে পঢ়ক :দেশ-বিদেশৰ পৰ্যটকক হাত বাউলি মাতিছে গ্ৰাম্যানুভূতিয়ে - Rural Tourism Centre

লগতে পঢ়ক :সময়-সংস্কৃতিৰ মাজেৰে যাত্ৰাৰ এক নাম জাভা: উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন ক্ষেত্ৰৰ বাবে এক আদৰ্শ

ABOUT THE AUTHOR

...view details