গুৱাহাটীত: আপুনি যদি গুৱাহাটী মহানগৰীত বাস কৰে তেন্তে বিয়লি ভাগত এপাক মহানগৰীখনত ফুৰাৰ হাবিয়াস নিশ্চয় থাকে ৷ উজান বজাৰ ঘাটত ব্ৰহ্মপুত্ৰ সৌন্দৰ্য চাবলৈ, শুক্ৰেশ্বৰ অথবা পাণ্ডু ঘাটৰ পৰা বৰলুইতৰ বুকুত বেলি মাৰ যোৱা চাবলৈ, ক্ৰমাৎ নিয়ন লাইটৰ পোহৰত মায়াময় হৈ পৰা মহানগৰখনত সন্ধিয়া এপাক বিচৰণ কৰিবলৈ আপুনি নিশ্চয় পছন্দ কৰে ৷ দীঘলীপুখুৰীৰ ফাললৈ গ’লে খাও গলিত সোমায় খাদ্যৰ জুতি ল’বলৈও নিশ্চয় মন যায় ৷
আজি বাৰু গুৱাহাটীখনৰ কথা কিয় কৈছোঁ এনেকৈ ? কৃত্ৰিম বানত বিধ্বস্ত গুৱাহাটী, অপৰাধীৰ ৰম্যভূমি গুৱাহাটী, যান-জঁটে ব্যতিব্যস্ত কৰা গুৱাহাটী বুলিয়েই প্ৰায় অধিক সময়ত বাতৰি হয় ৷ তথাপিও এই বদনামী মহানগৰীখন মানুহৰ প্ৰিয় ৷ কাৰণ বিচাৰিব জানিলে ইয়াতো মায়া আছে ৷ মনৰ ভিতৰত ভৰি থকা ক্লেশ দূৰ কৰিব পৰাকৈ ক্ষন্তেক সময় পাৰ কৰিব পৰা বহু অৱকাশ আছে ৷ মুখৰোচক খাদ্যৰে মনৰ অৱসাদ পাতলাবলৈ, বন্ধুৰ সৈতে আড্ডা মাৰি প্ৰাণ খুলি হাঁহিবলৈ খাও গলিৰ দৰে ঠাই আছে ৷
কিন্তু ইমানখিনি ভালকৈ কোৱাৰ পাচতো আপোনাক এটা দুখৰ খবৰ দিবলৈ ওলাইছোঁ ৷ দীঘলীপুখুৰীৰ পাৰৰ খাও গলি এতিয়া অতীত হ’ব ৷ এতিয়াৰে পৰা আপুনি মন গ’লেও খাও গলিলৈ গৈ নিজৰ পছন্দৰ খাদ্য খাবলৈ নাপাব । কিয়নো উচ্ছেদ কৰা হ'ল দীঘলীপুখুৰীৰ পাৰৰ খাও গলি । পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগত গুৱাহাটী পৌৰ নিগমে মঙলবাৰে নিশা উচ্ছেদ কৰে খাও গলিৰ প্ৰায় শতাধিক দোকান ।
খাও গলিত দৃষ্টি কিয় গুৱাহাটী পৌৰ নিগমৰ ? মহানগৰীৰৰ ফাঁচী বজাৰৰ পদপথৰ দোকানবোৰ উচ্ছেদ নকৰে কিয় ? অসমীয়া থলুৱা যুৱক-যুৱতীয়ে উপাৰ্জনৰ পথ বাছি লোৱা খাও গলিকেই কিয় উচ্ছেদৰ বাবে বাচি লোৱা হ’ল তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ।
কিয় উচ্ছেদ হ'ল খাও গলি
পৰিৱেশ বিনষ্ট হোৱাৰ অভিযোগত উচ্ছেদ কৰা হ'ল খাও গলিৰ দোকানবোৰ । গুৱাহাটী পৌৰ নিগমৰ বিষয়াই সংবাদমাধ্যমৰ আগত কয়, ‘‘খাও গলিৰ দোকানবোৰে জি এম চিৰ নীতি-নিৰ্দেশনা নামানে । প্ৰায় দুমাহ আগতে জাননী দিয়া হৈছিল পৰিৱেশ বিনষ্ট নকৰি চাফ-চিকুণকৈ ৰাখিবলৈ । তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল প্লাষ্টিক ব্যৱহাৰ নকৰে, ডাষ্টাবিন ব্যৱহাৰ কৰিব, পৰিষ্কাৰকৈ ৰাখিব বুলি ৷ কিন্তু সেইবোৰ নীতি-নিয়ম নমনাৰ ফলত আজি উচ্ছেদ কৰা হ'ল । এতিয়াৰে পৰা ইয়াত দোকান দিব নোৱাৰিব । জি এম চিৰ যি নিৰ্ধাৰিত ৫২ টকা ভেণ্ডিং জ’ন আছে তাত দিয়ক ।’’