অসম

assam

ETV Bharat / state

শ্ৰমিকক নিদিলে দহ মাহৰ বেতন; ক্ষোভিত শ্ৰমিকে দিলে ভয়ংকৰ হুংকাৰ

Kaliabor Flyover incomplete: কলিয়াবৰত নিৰ্মাণ হৈ থকা উৰণসেতুৰ কাম আধাতেই স্থবিৰ হৈ পৰিছে ৷ শ্ৰমিকে লাভ কৰা নাই প্ৰায় দহ মাহৰ বেতন ৷

Kaliabor Flyover incomplete
শ্ৰমিকক নিদিলে দহ মাহৰ বেতন (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 20, 2024, 6:55 PM IST

কলিয়াবৰ:কলিয়াবৰ তিনিআলিত নিৰ্মীয়মান উৰণসেতুৰ কাম আঠ বছৰতো সম্পূৰ্ণ কৰিব নোৱাৰিলে চিমপ্লেক্স নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ৷ শেহতীয়াকৈ এই উৰণসেতু নিৰ্মাণৰ কামত নিয়োজিত শ্ৰমিকক দহমাহৰ দৰমহা নিদিয়াকৈয়ে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে পলায়ন কৰাৰ অভিযোগ তুলিছে প্ৰাপ্যৰ পৰা বঞ্চিত শ্ৰমিকসকলে ৷ তেওঁলোকে জনোৱা মতে অনাদায় হৈ আছে প্ৰায় 50 জন শ্ৰমিকৰ দহ মাহৰ দৰমহা ৷ যাৰ ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে এইসকল শ্ৰমিকৰ ৷

ক্ষোভিত শ্ৰমিকসকলে শেহতীয়াকৈ প্ৰকাশ কৰিছে যে যদি তেওঁলোকক দহ মাহৰ দৰমহা আদায় দিয়া নহয়, তেন্তে নিৰ্মাণ কাৰ্যত ব্যৱহৃত যন্ত্ৰ-পাতিকে ধৰি সামগ্ৰীসমূহ ওভতাই নিব নোৱাৰিব নিৰ্মাণকাৰী সংস্থা চিমপ্লেক্সে ৷

উৰণসেতু নিৰ্মাণৰ কাম আধাতে এৰি পলায়ন নিৰ্মাণকাৰী সংস্থাৰ (ETV Bharat)

এজন শ্ৰমিকে এই সন্দৰ্ভত কয়, ‘‘দহমাহ ধৰি আমাক দৰমহা দিয়া নাই ৷ আমি অসমীয়া শ্ৰমিকে যিখিনিয়ে কাম কৰি আছিলোঁ, আমাৰ তেজ শুহি খালে এই বহিৰাগত কোম্পানীটোৱে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এয়া দেখা পোৱা নাই নেকি ? ৰাইজে তেওঁক ওপৰলৈ উঠালে আৰু এতিয়া অসমীয়া মানুহ তেজ শুহিবলৈ বহিৰাগত চিমপ্লেক্স কোম্পানীক সুবিধা কৰি দিছে ৷ যেতিয়া এজন এজনকৈ শ্ৰমিক ইয়াত ওলমিব তেতিয়া হিমন্ত বিশ্ব শৰ্মাই বুজিব, কি কাম কৰিলোঁ ৷ আমাক দৰমহা নিদিয়া পৰ্যন্ত চিমপ্লেক্সে ইয়াৰ পৰা বস্তু উঠাই নিব নোৱাৰিব ৷’’

আন এজন শ্ৰমিকে কয়, ‘‘আমি কেবামাহ ধৰি বেতন পোৱা নাই ৷ এই সন্দৰ্ভত আমি শ্ৰম আয়োগকো অভিযোগ দিছিলোঁ যদিও কোনো উত্তৰ নাপালোঁ ৷ এতিয়া চিমপ্লেক্সে বস্তুবোৰ লৈ যোৱাৰ হুংকাৰ দিছে ৷ কিন্তু আমাক দৰমহা আদায় নিদিলে এইসমূহ সামগ্ৰী তেওঁলোকে লৈ যাব নোৱাৰিব ৷’’

উল্লেখ্য যে উজনি-নামনি আৰু উত্তৰ অসমক সংযোগ কৰি কলিয়াবৰত 2016 চনতেই নিৰ্মাণ আৰম্ভ কৰা হৈছিল উৰণসেতুৰ ৷ কিন্তু প্ৰায় আঠ বছৰেও সম্পূৰ্ণ নহ’ল এই উৰণসেতুৰ নিৰ্মাণৰ কাম ৷ জানিব পৰা মতে, নিম্নদৰত নিৰ্মাণৰ ঠিকা লৈ ব্যয়বহুল উৰণসেতু নিৰ্মাণত লোকচানৰ সন্মুখীন হোৱা বাবেই চিমপ্লেক্সে নিৰ্মাণকাৰ্য বন্ধ কৰি পলায়ন কৰিছে ৷ উৰণসেতুৰ বাকী অংশ নিৰ্মাণৰ বাবে নতুনকৈ নিবিদা আহ্বান কৰা বুলিও জানিব পৰা গৈছে ৷ কিন্তু দৰমহাৰ পৰা বঞ্চিত হোৱা এইসকল শ্ৰমিকে এতিয়া কি কৰিব ? তাৰ যেন কোনো উৱাদিহেই পোৱা নাই তেওঁলোকে ৷

লগতে পঢ়ক:জাঁজীত উপ পথ নিৰ্মাণ নকৰিলে কাম বন্ধ কৰাৰ হুংকাৰ ৰাইজৰ

কলিয়াবৰত ৰাষ্ট্ৰীয় ঘাইপথে জলা-কলা খুৱাইছে উজনিমুৱা পথচাৰীক - Dilapidated National Highway

ABOUT THE AUTHOR

...view details