নিউজ ডেস্ক,১৯ এপ্ৰিল :আজি ৰাজ্যৰ ৫ টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে । পুৱাৰে পৰা ভোটকেন্দ্ৰবোৰত ভোটাৰৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে । প্ৰতিটো সমষ্টিতে ভোটাৰৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে । সাধাৰণ ভোটাৰৰ সমান্তৰালকৈ জনপ্ৰতিনিধিসকলেও ভোটাধিকাৰ সাব্যস্ত কৰা দেখা গৈছে । তেওঁলোকেও সাধাৰণ ভোটাৰৰ লগতে শাৰীত থিয় দিছে ।
কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনেও পুৱাই ভোটদান কৰে । বৰপথাৰৰ যোৰহটীয়া শিশু কল্যাণ এল.পি স্কুলত বিধায়কগৰাকীয়ে ভোটদান কৰে । ভোটদান কৰি সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে কয় যে এয়া সকলোৰে গণতান্ত্ৰিক অধিকাৰ । তেওঁ দাবী কৰা মতে এইবাৰ কাজিৰঙাত ৯০ শতাংশ ভোট বিজেপিয়ে লাভ কৰিব । লগতে তেওঁ নিশ্চিত যে সৰুপথাৰৰ পৰা ১ লাখ ভোটত বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই অগ্ৰগতি লাভ কৰিব ।
ইফালে যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়েও গণতন্ত্ৰৰ সৰ্ববৃহৎ উৎসৱত অংশগ্ৰহণ কৰে । নাওশলীয়া গাঁও এল.পি স্কুলত ভোটাধিকাৰ সাব্যস্ত কৰে যোৰহাটৰ বিধায়ক তথা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে । গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ তেওঁ ভোটাৰসকলক আহ্বান জনায় । পূৰ্বতকৈ ভোটদানৰ হাৰ বৃদ্ধি হোৱাৰো আশা ব্যক্ত কৰে বিধায়কগৰাকীয়ে ।