গুৱাহাটী, ১৯ আগষ্ট :শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ ৰুজু ৷ গৌৰৱ সোমানী নামৰ এজন লোকে গুৱাহাটীত ৰুজু কৰিছে গোচৰ । যোৱা ১৭ আগষ্টত শিৱসাগৰত কৰা এক মন্তব্য সন্দৰ্ভত শৃংখলৰ বিৰুদ্ধে দাখিল কৰিছে গোচৰ ৷ আনহাতে শৃংখল চলিহাইয়ো দিছপুৰ থানাত এজাহাৰ দাখিল ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই প্ৰতেবাদ ধাৰাবাহিক ৰূপে কৰি যোৱাৰ সংকল্প প্ৰকাশ কৰিছে ৷ লগতে শৃংখলে ঘোষণা কৰিছে যে তেওঁ পুনৰ জে'ললৈ যাবৰ বাবে সাজু ৷
শৃংখলৰ বিৰুদ্ধে অভিযোগ :
শৃংখল চলিহাৰ বিৰুদ্ধে অসমত বাস কৰা মাৰোৱাৰী, ভোজপুৰী, বাংলা আদি জনগোষ্ঠীৰ বিৰুদ্ধে বিষবাষ্প বিয়পোৱাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ সোমানীয়ে ৷ তেওঁ দিছপুৰ থানাত দাখিল কৰা এজাহাৰখনত নিজকে গুৱাহাটীৰ হেঙেৰাবাৰী ৰোডৰ বাসিন্দা আৰু এজন সমাজকৰ্মী বুলি পৰিচয় দিছে ৷ উল্লেখ্য যে গৌৰৱ সোমানী হৈছে এগৰাকী বিজেপি নেতা ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল গৌৰৱ সোমানীয়ে ৷
শিৱসাগৰত বৃহৎ প্ৰতিবাদ :
কিছুদিন পূৰ্বে এগৰাকী প্ৰতিভাৱান পাঞ্জা খেলুৱৈ জিমি দাসক প্ৰহাৰ কৰা ঘটনাক লৈ যোৱা দুদিন পূৰ্বে শিৱসাগৰত ৩০ টাকৈ জাতীয়তাবাদী সংগঠনে জিলাখনত বহিৰাগত লোকক ভূমি বা আন সম্পত্তি বিক্ৰী নকৰিবলৈ আহ্বান জনাইছিল ৷ যুৱনেতা শৃংখল চলিহাইয়ো এই লৈ কিছু মন্তব্য আগবঢ়াইছিল ৷ এই মন্তব্যক লৈয়ে চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত এই এজাহাৰ দাখিল কৰা হৈছে ৷
দিছপুৰ থানাত গোচৰত অভিযোগকাৰী সোমানীয়ে ইংৰাজী ভাষাত লিখা এজাহাৰখনত উল্লেখ কৰিছে-"১৭/০৮/২৪ তাৰিখে মই ছ'চিয়েল মিডিয়া অৰ্থাৎ ফেচবুক খুঁচৰি থাকোতে (সংবাদ প্ৰতিষ্ঠানৰ নাম) এটা নিউজ চেনেলত শিৱসাগৰৰ শৃংখল চলিহা নামৰ এজন লোকে দিয়া এটা বক্তব্য/ভাষণ প্ৰত্যক্ষ কৰিছিলো আৰু ভিডিঅ'টোৰ পৰা আপাতঃ দৃষ্টিত স্পষ্ট হৈ পৰিছিল যে শ্ৰী চলিহাই অসমত বাস কৰা মাৰোৱাৰী, ভোজপুৰী, বাংলা আদি জনগোষ্ঠীৰ বিৰুদ্ধে বিষবাষ্পৰ উদ্গীৰণ ঘটাইছিল । চেম্বাৰ্ছ অৱ কমাৰ্চকে ধৰি বিভিন্ন সামাজিক, ধৰ্মীয় আৰু সম্প্ৰদায়ভিত্তিক সংগঠন বন্ধ কৰাৰ ভাবুকি দিয়াটোও স্পষ্ট হৈ পৰিছিল । শ্ৰী চলিহাই স্পষ্টভাৱে সমাজৰ মাজত ঘৃণা আনি শান্তি আৰু সম্প্ৰীতি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে ।"