গুৱাহাটী, 29 মে’ :ৰেমলৰ সাম্ভাব্য প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি 27-28 মে’ত বন্ধ কৰা হৈছিল গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰীসেৱা ৷ পিছে সোমবাৰৰ পৰা ৰাজ্যত ৰেমলৰ ব্যাপক প্ৰভাৱ পৰাত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সেৱা বন্ধৰ ম্যাদ বৃদ্ধি কৰা হৈছে ৷ যাৰ বাবে মহানগৰীত বুধবাৰৰ দিনটোত বন্ধ থাকিব গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা ৷
সোমবাৰৰ নিশাৰ পিছত মঙলবাৰৰ দিনটোত সামুদ্ৰিক ঘূৰ্ণি ৰেমলৰ প্ৰভাৱত ৰাজ্যৰ বহুকেইটা প্ৰান্তত প্ৰচণ্ড বতাহৰ লগতে প্ৰবল বৃষ্টিপাত হৈছিল ৷ সৰ্বসাধাৰণ ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত কামৰূপ(ম) জিলা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জিলাখনত অস্থায়ীভাৱে ফেৰী সেৱা বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ৷
লগতে পঢ়ক:ৰেমলৰ প্ৰভাৱ : সাময়িকভাৱে বন্ধ কৰা হ’ল গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীসেৱা - CYCLONE REMAL IMPACT
উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ দুৰ্যোগ আৰু ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা ৰেমল সন্দৰ্ভত আগতীয়াকৈ জাৰি কৰা হৈছিল নিৰ্দেশনা ৷ গুৱাহাটী মহানগৰীৰ চাৰিটাকৈ ফেৰীঘাটৰ 12 খনকৈ ফেৰীৰ যাত্ৰা বাতিল কৰা হৈছিল ৷ নিৰ্দেশমৰ্মে বন্ধ হৈছিল গুৱাহাটী-উত্তৰ গুৱাহাটী, গুৱাহাটী মধ্যম খণ্ড পাৰঘাট, গুৱাহাটী ৰজাদুৱাৰ পাৰঘাট আৰু গুৱাহাটী-কুৰুৱা পাৰঘাটলৈ যাত্ৰা কৰা ফেৰীৰ সেৱা ৷