তেজপুৰ, ২২ জুলাই: ভাৰত-চীন যুদ্ধৰ ৬২ বছৰ হ’ল ৷ এই ভয়াৱহ সময়ত দেশৰ সাময়িক শক্তিক সহায় কৰিবলৈ সাধাৰণ জনতা ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছিল ৷ অৰুণাচল প্ৰদেশৰ বিভিন্ন ঠাইত স্থানীয় ৰাইজ আৰু বিভিন্ন চৰকাৰী বিষয়াই বিভিন্ন কৌশল অৱলম্বন কৰি চীনা আগ্ৰাসন প্ৰতিৰোধ কৰিবলৈ সেনাবাহিনীক সহায় কৰিছিল ৷ এই সময়তে বহুলোকৰ মৃত্যু ঘটিছিল যদিও বহু সময়ত সেইসকল লোকৰ বিষয়ে নজনাকৈয়ে থাকি ৰৈছে আৰু তেওঁলোকে উচিত মৰ্যাদা লাভ নকৰাৰো অভিযোগ উত্থাপিত হৈছে ৷
ইয়াৰ ভিতৰত ই টিভি ভাৰতে বিচাৰি উলিয়াইছে এনে এগৰাকী লোকক, যি আজিও লাভ নকৰিলে উচিত মৰ্যাদা ৷ আনকি লাভ কৰা নাই কোনো চৰকাৰী স্বীকৃতি ৷ ব্যক্তিগৰাকী হৈছে ৰাজনৈতিক দোভাষী হিচাপে কাৰ্যনিৰ্বাহ কৰা এদা ময়ং ৷ এদা ময়ঙৰ হৈ নাতি টানি ময়ঙে ই টিভি ভাৰতৰ জৰিয়তে অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক মৰণোত্তৰভাৱে স্বীকৃতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে ৷
ঘটনাৰ আভাস : ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ত দেশৰ সুৰক্ষাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সীমান্তত কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা এদা ময়ঙক শ্বহীদৰ স্বীকৃতি প্ৰদান কৰিবলৈ ই টিভি ভাৰতৰ সাংবাদিকৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ অনুৰোধ নাতি টানি ময়ঙৰ ৷
এই ঘটনা ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ সময়ৰ ৷ তেতিয়াৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সী চমুকৈ নেফাৰ ছিয়াং জিলাৰ চিবুক গাঁও(আদি পাচি) অঞ্চল বৰ্তমান উজনি ছিয়াং জিলা হিচাপে পৰিচিত । সেই সময়ৰ ছিয়াং জিলা বৰ্তমান পাঁচখন জিলাত বিভক্ত হ’ল ৷ সেয়া হৈছে- পূব ছিয়াং, পশ্চিম ছিয়াং, উজনি ছিয়াং, ছিয়াং আৰু নামনি ছিয়াং ৷ টানি ময়ং বৰ্তমান পাছিঘাটৰ বাসিন্দা ৷
এগৰাকী অখ্যাত ব্যক্তি : এগৰাকী অখ্যাত ব্যক্তি চিবুক গাঁৱৰ বাসিন্দা এদা ময়ং(Ada Moyong) নামটো কাগজত কৰবাত Ada আৰু কৰবাত Eda বুলিও উল্লেখ কৰা আছে ৷ তেওঁৰ জন্ম হৈছিল ১৯১০ চনত ৷ এগৰাকী কঠোৰ পৰিশ্ৰমী ব্যক্তি সেই সময়ত ১৯৫১ চনত চৰকাৰে ৰাজনৈতিক দোভাষী বা Political Interpreter(PI) হিচাপে নিযুক্তি দিয়ে ৷
টানি ময়ঙে প্ৰকাশ কৰা অনুসৰি, ১৯৫৭ চনত তেওঁৰ ককাক এদা ময়ং ভাৰত-চীন সীমান্তৱৰ্তী ছিয়াং জিলাৰ টুটিঙত নিযুক্তি হৈছিল ৷ তেওঁ জনসাধাৰণৰ মাজত বিভিন্ন সমস্যা সমাধানৰ বাবে চৰকাৰৰ হৈ সভা অনুষ্ঠিত কৰি সেইবোৰৰ সমাধান কৰিছিল ৷ এই সময়ৰ ভিতৰতে সীমান্তত উত্তেজনা বৃদ্ধি হয় আৰু চীনা সৈন্যই ভাৰতৰ ভূ-খণ্ডত প্ৰৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছিল ৷
ভাৰতীয় সেনাৰ বিভিন্ন দল সীমান্তৰ ভিতৰুৱা অঞ্চলত নিজৰ দায়িত্ব পালন কৰিবলৈ সেই সময়তে অগ্ৰসৰ হয় ৷ সেনা আৰু স্থানীয় প্ৰশাসনৰ জৰিয়তে আগ্ৰাসন কৰিব পৰা সুৰুঙাসমূহত প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰে ৷