অসম

assam

পুত্ৰক সাক্ষাতৰ উদ্দেশ্যৰে ডিব্ৰুগড়ত উপস্থিত কাৰাবন্দী অমৃতপাল সিঙৰ পিতৃ-মাতৃ - Lok Sabha Election Results 2024

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 1:03 PM IST

Lok Sabha Election 2024 : নৱনিৰ্বাচিত সাংসদ পুত্ৰক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে ডিব্ৰুগড়ত উপস্থিত ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ পিতৃ-মাতৃ ৷ আজি নিশাৰ ভিতৰত পুত্ৰক সাক্ষাতৰ সম্ভাৱনা ৷

Lok Sabha Election Results 2024
পুত্ৰক সাক্ষাতৰ উদ্দেশ্যৰে ডিব্ৰুগড়ত উপস্থিত কাৰাবন্দী অমৃতপাল সিঙৰ পিতৃ-মাতৃ (Etv bharat assam)

মৰাণ, 8 জুন :ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত খালিস্তানী কাৰাবন্দী অমৃতপাল সিঙৰ পিতৃ-মাতৃ ৷ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অৱস্থাতে সাংসদ হিচাপে জয়লাভ কৰাৰ পাচতে শনিবাৰে পুত্ৰক সাক্ষাৎ কৰাৰ উদ্দেশ্যৰে ডিব্ৰুগড়ত উপস্থিত হৈছে অমৃতপাল সিঙৰ পিতৃ-মাতৃ ।

পুত্ৰক সাক্ষাতৰ উদ্দেশ্যৰে ডিব্ৰুগড়ত উপস্থিত কাৰাবন্দী অমৃতপাল সিঙৰ পিতৃ-মাতৃ (Etv bharat assam)

উল্লেখ্য যে, কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙসহ 10 খালিস্তানী কাৰাবন্দীয়ে । 2023 বৰ্ষৰ 23 এপ্ৰিলত পাঞ্জাবৰ পৰা ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ লৈ অনা হৈছিল অমৃতপাল সিঙক । ইয়াৰ পাচতে অমৃতপাল সিং সহ 9 জন কাৰাবন্দীক ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ বিশেষ কোষত পৃথক পৃথককৈ ৰখা হৈছিল । ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অমৃতপালসহ 9 জন খালিস্তানী ।

উল্লেখ কৰা প্ৰয়োজন যে, ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পঞ্জাবলৈ স্থানান্তৰৰ লগতে কাৰাগাৰৰ পৰা মুকলি কৰি অনাৰ বাবে আইনী যুঁজ চলাই সফল হ'ব নোৱাৰাৰ পিছতেই এইবাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অমৃতপাল সিঙে । কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পাঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয়ী হ’ল ৱাৰিছ পঞ্জাব দে'ৰ মুৰব্বী অমৃতপাল সিঙে । নিৰ্বাচনত জয়লাভ কৰিলেও কেতিয়া কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ অমৃতপাল সিং ওলাই আহিব পাৰিব সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই ।

ইতিমধ্যে লোকসভা নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছৰে পৰা ডিব্ৰুগড়ত বাহৰ পাতি আছে অমৃতপাল সিঙৰ পত্নী কিৰণদ্বীপ কৌৰে । কিৰণদ্বীপ কৌৰৰ পাছত অসমত উপস্থিত হৈছে অমৃতপাল সিঙৰ দেউতাক তাৰচেম সিং,‌ মাক বালিন্দৰ কৌৰ । কাৰাবন্দী সিঙৰ পত্নী কিৰণদ্বীপ কৌৰে ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত অমৃতপাল সিঙৰ পিতৃ-মাতৃক আদৰণি জনায় । শনিবাৰৰ নিশাৰ ভাগতে কাৰাগাৰত অমৃত পাল সিঙক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:সাংসদ হিচাপে নিৰ্বাচিত কাৰাবন্দী অমৃত পাল সিং : মুক্তিৰ দাবী অধিবক্তাৰ - LOK SABHA ELECTION RESULTS 2024

ABOUT THE AUTHOR

...view details