অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

মন্ত্ৰীৰ সভাকক্ষৰ পৰাই কোটি কোটি টকাৰ প্ৰৱঞ্চনা, যোগেন মহনৰ অ' এছ ডিক অপসাৰণ - JOGEN MOHAN OSD SUSPENDED

Minister Jogen Mohan: বিজেপি নেতাৰ বৃহৎ প্ৰৱঞ্চনা । দিছপুৰ সচিবালয়ৰ মন্ত্ৰীৰ সভকক্ষ আৰু মন্ত্ৰীৰ বাসগৃহৰ পৰাই বিজেপি নেতাই পেলাইছিল প্ৰৱঞ্চনাৰ জাল । প্ৰৱঞ্চক নেতাক সচিবালয়ত সোমোৱাত সহায় কৰাৰ বাবে অব্যাহতি মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া (অ'এছ ডি)ক । সমগ্ৰ বিষয়টো সন্দৰ্ভত কি ক'লে মন্ত্ৰী যোগেন মহনে ।

Jogen Mohan OSD suspended
মন্ত্ৰীৰ সভাকক্ষৰ পৰাই কোটি কোটি টকাৰ প্ৰৱঞ্চনা (ETV Bharat)

গুৱাহাটী, ২৭ ছেপ্টেম্বৰ :দিছপুৰৰ জনতা ভৱনত মন্ত্ৰীৰ সভাকক্ষৰ পৰা বিজেপি নেতাই কোটি কোটি টকাৰ দালালী কৰা প্ৰসংগত মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া মনমোহন দাসক অব্যাহতি দিয়া হৈছে । দিছপুৰৰ পৰা চলা এই প্ৰৱঞ্চনা পোহৰলৈ অহাৰ লগে লগে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত থকা দিছপুৰ সচিবালয়ৰ মন্ত্ৰীৰ সভকক্ষ আৰু মন্ত্ৰীৰ ঘৰত বিজেপি নেতা কেইজনে কেনেকৈ প্ৰৱঞ্চনাৰ জাল পেলাবলৈ সক্ষম হ'ল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ।

কোটি টকীয়া কেলেংকাৰীত দুই মন্ত্ৰীৰ নাম

ৰাজ্যৰ বাহিৰৰ একাধিক কোম্পানীক মন্ত্ৰীৰ সভাকক্ষৰ পৰাই কোটি কোটি টকাৰ ঠিকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰ দিয়া কেলেংকাৰীত নাম সাঙোৰ খাই পৰিছিল মন্ত্ৰী যোগেন মহন আৰু সঞ্জয় কিষাণৰ ৷ এই দুগৰাকী মন্ত্ৰীৰ সভাকক্ষ আৰু আৱাসগৃহ বিজেপি নেতা তথা অভিযুক্ত দালাল চক্ৰটোৱে প্ৰৱঞ্চনাৰ বাবে ব্যৱহাৰ কৰিছিল ৷ তেতিয়াই প্ৰশ্ন উঠিছিল- মন্ত্ৰীৰ সভাকক্ষত কেনেকৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল আৰক্ষীৰ জালত পৰা প্ৰৱঞ্চক কেইজন ?

মন্ত্ৰীৰ সভাকক্ষৰ পৰাই কোটি কোটি টকাৰ প্ৰৱঞ্চনা (ETV Bharat)

যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়াককামৰ পৰা অব্যাহতি

ৰাজ্যজুৰি তীব্ৰ সমালোচিত হৈছে এই দুই মন্ত্ৰী ৷ কঠোৰ সমালোচনাৰ মাজতেই মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া মনমোহন দাসক অব্যাহতি দিয়াৰ কথা শুকুৰবাৰে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । লগতে মনমোহন দাসৰ বিৰুদ্ধে বিভাগীয় তদন্তও ঘোষণা কৰে মন্ত্ৰী যোগেন মহনে । মন্ত্ৰী মহনৰ মন্তব্য, "জনতা ভৱনত মোৰ অজ্ঞাতে প্ৰৱেশ পত্ৰ দিছিল দুষ্টচক্ৰক ৷ সেইদিনা মই গুৱাহাটীত নাছিলো । মনমোহন দাস এগৰাকী চৰকাৰী কৰ্মচাৰী ৷ যোৱা ৩ বছৰ ধৰি মোৰ বিভাগত কৰ্মৰত আছিল ৷ মনমোহন দাসৰ বিৰুদ্ধে বিভাগীয় তদন্ত ঘোষণা কৰা হৈছে ।"

তেওঁ লগতে কয়,"বাৰে বাৰে হেঁচা প্ৰদান কৰাৰ বাবে মনমোহন দাসে প্ৰৱেশ পত্ৰ দিছিল অসীমক ৷ কিন্তু মোৰ অজ্ঞাতে দিয়াটো তেওঁৰ ভুল ৷ জনতা ভৱনত প্ৰৱেশৰ দিনটোত মই গুৱাহাটীত নাছিলো ৷ কোন অসীম দাস মই সন্মুখত আহিলেও চিনি নাপাম ৷"

বিজেপি নেতাৰ বৃহৎ কেলেংকাৰী

উল্লেখ্য যে বিজেপিৰ এছ চি মৰ্চাৰ ৰাজ্যিক সম্পাদক হোৱাৰ সুবিধাতে কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰা অসীম দাসে দিছপুৰৰ কেইবাগৰাকীও মন্ত্ৰীৰ কাৰ্যালয়লৈ সঘন আহ-যাহ কৰিছিল । লগতে মন্ত্ৰীগৰাকীয়ে এনেধৰণৰ প্ৰৱঞ্চনাৰ ঘটনা সংঘটিত কৰা লোক যিকোনো দলতে থাকে বুলি দাবী কৰে । তেওঁ কয়, "অসীম দাস বিজেপিৰ এছ চি মৰ্চাৰ সাধাৰণ সম্পাদক ৷ দলৰ এগৰাকী সদস্যৰ এনে কাৰ্য কেতিয়াও কাম্য নহয় । দলৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছো মই ৷"

ভুৱা ৱৰ্ক অৰ্ডাৰ

উল্লেখ্য যে, বিজেপি নেতাৰ নেতৃত্বত এই চক্ৰটোৱে অসম দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষত জি আৰ সামগ্ৰী যোগানৰ ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰিছিল । কৰ্ণাটকৰ বেংগালুৰুৰ মানফো এক্সপ'ৰ্টছ নামৰ এটা কোম্পানী আৰু নয়দাৰ প্ৰণ্টিয়াছ আই টি (প্ৰাইভেট) লিমিটেড নামৰ কোম্পানীৰ কোটি কোটি টকা লুণ্ঠন কৰাৰ কথা পোহৰলৈ আহিছে ৷ প্ৰাথমিকভাৱে নিশ্চিত তথ্য-প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে প্ৰৱঞ্চক বিজেপি নেতা অসীম দাসৰ লগতে দলটোৰ সদস্যক গ্ৰেপ্তাৰ কৰে । কেৱল এই দুটা প্ৰতিষ্ঠানকেই নহয় । এই প্ৰৱঞ্চকৰ দলটোৱে বিভিন্ন উন্নয়ন পৰিষদৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰদান কৰি বহু কেইজন ব্যৱসায়ীক প্ৰতাৰণা কৰি অহাৰ তথ্য পোহৰলৈ আহিছে । ভুৱা কামৰ ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰি কেইবা কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ বিৰুদ্ধে দিছপুৰ থানাত ১৮২/২০২৪ নম্বৰত গোচৰ আৰু অপৰাধ শাখাত ১৩/২০১৪ নম্বৰত পৃথকে পৃথকে দুটাকৈ গোচৰো ৰুজু হৈছিল ।

কেলেংকাৰীৰ মূল অভিযুক্ত বিজেপি নেতা

এই প্ৰৱঞ্চনাৰ মূল মাষ্টাৰমাইণ্ড বুলি চিহ্নিত হৈছে বিজেপি নেতা অসীম দাস । ইতিমধ্যে অপৰাধ অনুসন্ধান শাখাই বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অসীম দাসৰ উপৰিও ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীকো গ্ৰেপ্তাৰ কৰিছে । আজিও পলাতক হৈ আছে প্ৰৱঞ্চক দলটোৰ কেইবাগৰাকীও সদস্য । কিন্তু প্ৰশ্ন হ'ল- মন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়াক অব্যাহতি দিয়াতেই দিছপুৰৰ অধ্যায়টোৰ সামৰণি পৰিব নেকি ?

লগতে পঢ়ক :কাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণ ? লাভান্বিত হৈছে কোন ? তথ্য দিলে কংগ্ৰেছে - PM Modi Foreign Tour

ABOUT THE AUTHOR

...view details