অসম

assam

যুঁজিছিল অবৈধ বেহাৰ বিৰুদ্ধে: পিছে হাছিনাৰ ঘৰতে ওলাল নকল সোণৰ নাও - Fake Gold seized

By ETV Bharat Assamese Team

Published : Aug 11, 2024, 8:28 PM IST

Hasina Begum arrested: জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাক্ৰমত বিভিন্ন প্ৰকাৰে চৰ্চালৈ আহিছিল লখিমপুৰৰ হাছিনা বেগমৰ নাম । জোনমণি ৰাভাৰে সু-সম্পর্ক ৰক্ষা কৰাৰ লগতে নকল সোণ, জালনোট, ড্ৰাগছ আদি অবৈধ বেহাৰ বিৰুদ্ধে যুঁজ দি অহা বুলি তেওঁ প্ৰচাৰ চলাইছিল । পিচে সেইগৰাকী হাছিনা বেগমৰ ঘৰৰ পৰা দেওবাৰে আৰক্ষীয়ে উদ্ধাৰ কৰে নকল সোণৰ নাও ।

Fake gold and cash seized from arrested Hasina Begum's residence in Lakhimpur
হাছিনাৰ ঘৰতে ওলাল নকল সোণ (ETV Bharat Assam)

লখিমপুৰ,১১ আগষ্ট:লখিমপুৰৰ এগৰাকী বহুৰূপী মহিলা । নাম তেওঁৰ হাছিনা বেগম । নকল সোণ, জাল নোট আৰু ড্ৰাগছৰ বিৰুদ্ধে তেওঁ এককভাৱে দীর্ঘদিন ধৰি যুঁজ দি আহিছিল বুলি সততে সংবাদ মাধ্যমক তেওঁ ভাষ্য প্ৰদান কৰিছিল । বিশেষকৈ জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনা প্ৰবাহত বিভিন্ন ধৰণে তেওঁৰ নাম চৰ্চা লৈ আহিছ্ল । তেওঁৰ তথ্য মতেই জোনমণি ৰাভাই লখিমপুৰৰ নিৰ্দিষ্ট স্থানত অভিযান চলোৱাৰ লগতে তেওঁ কেনেদৰে শক্তিশালী দুষ্ট চক্রৰ বিৰুদ্ধে যুঁজ দি আহিছে সেই কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল ।

হাছিনা ঘৰতে ওলাল নকল সোণ (ETV Bharat Assam)

দুষ্ট চক্রৰে মিলি থকা আৰক্ষী বিষয়াৰ নামো তেওঁ প্ৰকাশ কৰিছিল হাছিনাই । আৰক্ষী চিবিআই আদিৰ ওচৰত তেওঁ সেই সময়ত ভাষ্য প্ৰদান কৰিছিল । এক কথাত সেই সময়ত তেওঁ এক নায়িকাৰ ছবি গঢ়ি তুলিছিল । পিচে সেইগৰাকী নায়িকাৰ ঘৰতে ওলাল নকল সোণৰ টুকুৰা ।

দেওবাৰে পুৱাই তেওঁৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে নকল সোণৰ নাও, নাৱৰ টুকুৰা, নগদ ধন উদ্ধাৰ কৰে । হাছিনা বেগমৰ বাসগৃহত পুৱা লখিমপুৰ আৰক্ষীৰ এটা বৃহৎ বৃহৎ দলৰ অভিযান চলে । জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লৱ কুমাৰ ডেকাৰ নেতৃত্বত চলে এই অভিযান ।

হাচিনাক লগত লৈ বিহপুৰীয়া, নাওবৈচা, লালুক আৰক্ষীৰ সহযোগত এই অভিযান চলায় লখিমপুৰৰ আৰক্ষীয়ে । অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল সোণ আৰু নগদ ধন । হাছিনাৰ ভাতৃৰ শোৱনী কোঠাত লুকুৱাই ৰখা অৱস্থাৰ পৰা জব্দ নকল সোণখিনি । অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে হাছিনাৰ ভাতৃয়ে ।

কেনেকৈ আৰক্ষী সফল হ'ল হাছিনাৰ এই অধ্যায় উন্মোচন কৰাত:

নায়িকাৰ পৰা অপৰাধত অভিযুক্ত হ’ল হাছিনা বেগম । যি অবৈধ বেহাৰ বিৰুদ্ধে তেওঁ যুঁজ দি অহা বুলি প্ৰচাৰ চলাই জনমানসত এক ছবি গঢ়ি তুলিছিল সেই বেহাৰ লগতে তেওঁ জড়িত বুলি এতিয়া অভিযুক্ত হ'ল । আন এক ঘটনা প্ৰবাহত সাঙোৰ খোৱাৰ বাবেহে হাচিনাৰ নকল সোণৰ অধ্যায় পোহৰলৈ আহিল । সেয়া আন এক কাহিনী ।

বঙালমৰা এলেকাৰ এক দম্পতীৰ মাজত কিছুদিনৰ পূৰ্বে কাজিয়াৰ সূত্রপাত ঘটিছিল । পৰিণতিত পত্নীয়ে স্বামীৰ ওপৰত বঙালমৰা আৰক্ষী চকীত নিৰ্যাতনৰ গোচৰ তৰিছিল । এনে সময়তে হাছিনা বেগমে আৰু দুজন লোকৰ সৈতে মিলি সেই পৰিয়ালৰ আৰু বেলেগ দুজনমান লোকৰ বিৰুদ্ধে থানাত দুই নম্বৰী কেচ থকা আৰু সেই কেচ মীমাংসা কৰাই দিব বুলি তেওঁলোকৰ পৰা ৭০ হেজাৰ টকা আদায় কৰে ।

উক্ত পৰিয়ালটোৰ এজনে হাছিনা বেগম আৰু তেওঁৰ দুই সহযোগীৰ বিৰুদ্ধে এনে অভিযোগ তুলি বঙালমৰা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সংবাদ মাধ্যমৰ আগত হাছিনাই এনেদৰে ৮০ হেজাৰ টকা সৰকাই নিয়া বুলি অভিযোগ তোলে পৰিয়ালটোৰ সদস্যই । তেওঁলোকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে হাছিনাক বিচাৰি অভিযান চলাই যদিও বিচাৰি পোৱা নাছিল ।

অৱশেষত শনিবাৰে পুৱা গুৱাহাটীৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে হাছিনাক আটক কৰিবলৈ সক্ষম হয় । হাচিনাৰ লগতে আন এজন সহযোগী ফকৰুদ্দিনকো আৰক্ষীয়ে আটক কৰে হোটেলখনৰ পৰা । তেওঁলোকক লখিমপুৰ লৈ আনি শনিবাৰে আদালতত হাজিৰ কৰি আৰক্ষীয়ে পুনৰ তিনিদিনৰ জিম্মাত লয় ।

সোধাপোচাৰ অন্তত দেওবাৰে পুৱাই আৰক্ষীয়ে হাচিনাক লগত লৈ তেওঁৰ ঘৰত তালাচী চলায় । এই তালাচীত নকল সোণৰ দুখন নাও, নাৱৰ টুকুৰা আৰু পাচ হেজাৰোধিক নগদ টকা আৰক্ষীয়ে উদ্ধাৰ কৰে । এনেদৰে ঘটনাক্ৰমত পৰি নকল সোণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ভাওজুৰি ইমেজ গঢ়া হাছিনাৰ ঘৰতে নকল সোণ উদ্ধাৰ হোৱা ঘটনাই লখিমপুৰত চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক:আৰক্ষীৰ নামত ধন সংগ্ৰহৰ অভিযোগত জালত পৰিল ৰহস্যময়ী হাছিনা বেগম - Hasina Begum arrested

ABOUT THE AUTHOR

...view details