অসম

assam

শিক্ষাবিদ-সমাজসেৱক প্ৰফুল্ল শইকীয়াৰ দেহাৱসান - Eminent educationist passes away

By ETV Bharat Assamese Team

Published : Sep 5, 2024, 10:35 PM IST

Eminent educationist passes away: শিক্ষক দিৱসৰ দিনাই খহি পৰিল গোলাঘাটৰ শিক্ষাজগতৰ এটি তৰা । গোলাঘাটৰ এজন শিক্ষাবিদ, সমাজসেৱক, বৰগীত, নৃত্য, খোলবাদ্য অংকীয়া নাট-ভাওনা সকলোৰে তাত্বিক প্ৰফুল্ল শইকীয়াৰ বিয়োগ । বিশিষ্ট শিক্ষাবিদগৰাকীৰ মৃত্যুত শোকস্তব্ধ গোলাঘাটবাসী ।

Eminent educationist, social worker Prafulla Saikia passes away in Golaghat
শিক্ষাবিদ, সমাজ সেৱক প্ৰফুল্ল শইকীয়াৰ দেহাৱসান (ETV Bharat Assam)

গোলাঘাট,৫ ছেপ্টেম্বৰ:আজি শিক্ষক দিৱস । শিক্ষক দিৱসৰ দিনটোতে ইহসংসাৰৰ পৰা মেলানি মাগিলে গোলাঘাটৰ ঢেকীয়ালৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ, সমাজ সংগঠক, শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ একান্ত সেৱক প্ৰফুল্ল শইকীয়াই । ১৯৪২ চনত ঢেকীয়ালৰ শইকীয়া চুকত জন্ম গ্ৰহণ কৰা প্ৰফুল্ল শইকীয়াই ঢেকীয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰে ।

শিক্ষাবিদ-সমাজসেৱক প্ৰফুল্ল শইকীয়াৰ দেহাৱসান (ETV Bharat Assam)

প্ৰয়াত শইকীয়া আছিল বৃহত্তৰ ঢেকীয়াল তথা সমগ্ৰ গোলাঘাট জিলাৰে এগৰাকী বিশিষ্ট সমাজ সংগঠক । শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ একনিষ্ঠ কৰ্মী শইকীয়াই গোলাঘাট জিলা শাখাৰ সম্পাদক হিচাপে ছয় বছৰ কাল কাৰ্যনিৰ্বাহ কৰাৰ উপৰি ঢেকীয়াল আদৰ্শ আঞ্চলিক শাখা আৰু ঢেকীয়াল প্ৰাথমিক শাখাৰ সংগঠনৰ লগত আজীৱন জড়িত হৈ আছিল । সদৌ ঢেকীয়াল শাখা মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক শইকীয়া আছিল ঢেকীয়ালৰ জ্যোতি শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ।

মহাপুৰুষীয়া সাহিত্য সংস্কৃতিৰ নীৰৱ সাধক এইগৰাকী ব্যক্তিৰ বৰগীত, নৃত্য, খোল বাদ্য, অংকীয়া নাট, ভাওনা সকলোৰে তাত্বিক আৰু ব্যৱহাৰিক দক্ষতা আছিল । বহুসংখ্যক প্ৰশস্তি গীত, শীৰ্ষগীত আৰু আধুনিক গীতৰ গীতিকাৰ শইকীয়াই কেইবাখনো একাংক নাটক উপহাৰ দি গৈছে । মহাপুৰুষীয়া সংগীতৰ বিদ্যায়তনিক পৰিষদ শংকৰী সংগীত বিদ্যাপীঠৰ প্ৰতিষ্ঠাকালৰে পৰা জড়িত শইকীয়াই বিদ্যাপীঠৰ পৰীক্ষা সচিব হিচাপে সুদীৰ্ঘ কুৰি বছৰকাল সেৱা আগবঢ়াইছিল ।

অঞ্চলটোৰ সকলোবোৰ সামাজিক, সাংস্কৃতিক, সাহিত্য, শৈক্ষিক তথা ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওৰেটো জীৱন অতিবাহিত কৰা প্ৰফুল্ল শইকীয়াৰ মৃত্যুত ঢেকীয়ালৰ সকলো লোকেই শোকত ভাগি পৰিছে । বৃহস্পতিবাৰে পুৱা তেখেতৰ মৃতদেহ ঢেকীয়ালৰ পণ্ডিত হেমচন্দ্ৰ গোস্বামী ভৱন প্ৰাংগণত আহি পোৱাৰ পিছত জ্যোতি শাখা সাহিত্য সভা, ঢেকীয়াল আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়, পণ্ডিত হেমচন্দ্ৰ গোস্বামী ভৱন পৰিচালনা সমিতিৰ কৰ্মকর্তাৰ লগত বহু গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ নামঘৰ প্ৰাংগণত জিলা শাখা আৰু মূল সংঘৰ হৈ শ্ৰদ্ধা জনোৱা হয় । শংকৰী সংগীত বিদ্যাপীঠ অসমৰ লগতে অন্যান্য দল-সংগঠন আৰু অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

লগতে পঢ়ক:শিক্ষক দিৱসৰ দিনাই শিক্ষকৰ প্ৰতিবাদত উত্তাল চচলৰ প্ৰতিবাদস্থলী - Teachers Protest in Assam

বৰপেটাৰোডৰ জ্যেষ্ঠ সাংবাদিক জয়ন্ত কুমাৰ দাসৰ দেহাৱসান - Former ETV Bharat Journalist Dies

ABOUT THE AUTHOR

...view details