যোৰহাট :ৰাজ্যত প্ৰায় প্ৰতিদিনে হস্তী-মানুহৰ সংঘাতৰ বহু ঘটনা সংঘটিত হৈ আহিছে । কেতিয়াবা যদি বন্যহস্তীয়ে ঘৰ-দুৱাৰ ভাঙিছে কেতিয়াবা হাতীৰ আক্ৰমণত মানুহৰ মৃত্যু হৈছে । ইফালে কেতিয়াবা আকৌ মানুহৰ ভুলৰ বাবে বন্যহস্তীৰ মৃত্যু হৈছে । কিন্তু এইবাৰ যোৰহাটত দেখা গ'ল তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য । বিপদত পৰা বন্যহস্তীক সহায়ৰ বাবে ওলাই আহিল বহু লোক । দ-পুখুৰীত আৱদ্ধ মাতৃসহ ৪ টা হাতী পোৱালিক উদ্ধাৰ কৰিলে গাঁৱৰ ৰাইজে । কিন্তু দৰ্শক হৈ থাকিল বন বিভাগ !
পুখুৰীত আৱদ্ধ বন্যহস্তী
ঘটনাটো যোৰহাট জিলাৰ তিতাবৰৰ খামজঙিয়াৰ । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীৰ জাকৰ মাজৰ এটা ডাঙৰ হাতী আৰু ৪ টা পোৱালি দ-পুখুৰীত আৱদ্ধ হৈ পৰে । স্থানীয় লোকে জনোৱা মতে সন্ধিয়া প্ৰায় ৬ মান বজাৰ পৰাই হাতীকেইটা পুখুৰীৰ পানীত আৱদ্ধ হৈ পৰে । বোকা-পানীৰ মাজত আৱদ্ধ হাতীকেইটাৰ চিঞৰ শুনি অঞ্চলটোৰ লোকসকল তাত উপস্থিত হয় । পোৱালিসহ হাতীকেইটাৰ আৰ্তনাদত একপ্ৰকাৰ হতবাক হৈ পৰে লোকসকল । লগে লগে বন বিভাগক খবৰ দিয়া হয় । কিন্তু স্থানীয় লোকৰ অভিযোগ অনুসৰি বন বিভাগে কোনো ধৰণৰ সঁহাৰি নিদিলে । বিভিন্ন ধৰণৰ অজুহাত দেখুৱাই সময়ত উপস্থিত নহ'ল বন বিভাগৰ লোকসকল । ইফালে প্ৰচণ্ড শীতত পানীত আৱদ্ধ পোৱালিসহ হাতীকেইটাই চেষ্টা কৰিও ওপৰলৈ উঠিব পৰা নাই ।