অসম

assam

ETV Bharat / state

পৰম্পৰাগত হস্তীপূজাৰে কাজিৰঙাত আৰম্ভ হাতী ছাফাৰী - KAZIRANGA ELEPHANT SAFARI

Kaziranga National Park: অসমৰ কৃষি মন্ত্ৰী অতুল বৰাই আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হাতী ছাফাৰী মুকলি কৰে ।

Kaziranga National Park
পৰম্পৰাগত হস্তীপূজাৰে কাজিৰঙাত হাতী ছাফাৰী আৰম্ভ (ETV Bharat)

By ETV Bharat Assamese Team

Published : Nov 1, 2024, 10:27 AM IST

কাজিৰঙা :কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আহিব বিচৰা পৰ্যটকসকলৰ বাবে সুখবৰ । জীপ ছাফাৰীৰ লগতে এতিয়াৰে পৰা আপোনালোকে হাতী ছাফাৰীৰো সুবিধা ল'ব পাৰিব । কিয়নো শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী ।

কাজিৰঙাত হাতী ছাফাৰী আৰম্ভ

পৰম্পৰাগত হস্তীপূজাৰে শুকুৰবাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আৰম্ভ হয় ২০২৪-২৫ পৰ্যটন বৰ্ষৰ হাতী ছাফাৰী । প্রথম দিনাই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন দেশী-বিদেশী পৰ্যটকে হাতী ছাফাৰীৰ বাবে ভিৰ কৰা দেখা গ'ল । বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত প্রতি বছৰৰ দৰে এইবাৰো ১ নৱেম্বৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হয় এই হাতী ছাফাৰী ।

পৰম্পৰাগত হস্তীপূজাৰে কাজিৰঙাত হাতী ছাফাৰী আৰম্ভ (ETV Bharat)

১ অক্টোবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ ছাফাৰী মুকলি কৰিছিল । এতিয়া পৰ্যটকসকলে হাতী ছাফাৰীৰেও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগ দৰ্শন কৰিব পাৰিব । কাজিৰঙাৰ কহঁৰা বনাঞ্চলত বিভাগীয় হাতী ছাফাৰী মুকলি কৰাৰ লগতে বাগৰি বনাঞ্চলত ব্যক্তিগত হাতী ছাফাৰী মুকলি কৰা হয় ৷

পৰম্পৰাগত হস্তীপূজা

সচৰাচৰ কাজিৰঙাত হাতী ছাফাৰী মুকলিৰ পূৰ্বে হস্তীপূজা কৰা হয় । এইবাৰো ব্যতিক্ৰম হোৱা নাই । পুৱাই প্ৰথমতে পৰম্পৰাগত হস্তীপূজা কৰা হয় । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষ আৰু পূৱ অসম বন সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেষৰ সহযোগত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাই হাতী ছাফাৰীৰ শুভাৰম্ভ কৰে । তাৰ পাছত মন্ত্ৰীগৰাকীয়ে নিজেও হাতী ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰে ।

ইফালে হাতী ছাফাৰীৰ প্ৰথম দিনাই কাজিৰঙাৰ মনোমোহা দৃশ্য তথা কাষৰ পৰা অসম গৌৰৱ এশিঙীয়া গঁড় দৰ্শন কৰি পৰ্যটকসকল আনন্দিত হৈ পৰে । অসম আৰু ভাৰতৰ লগতে বেলজিয়াম, ব্ৰিটেইন আদি দেশৰ ৩০ গৰাকী পৰ্যটকে হাতী ছাফাৰী কৰি আপ্লুত হৈ পৰে ।

লগতে পঢ়ক :পহিলা নৱেম্বৰৰ পৰা হাতীৰ পিঠিত উঠি কাজিৰঙা ফুৰিব পাৰিব পৰ্যটকে

ABOUT THE AUTHOR

...view details