গুৱাহাটী:অসমৰ পূৱ প্ৰান্তৰ অসম-অৰুণাচল সীমান্তৰ সোৱণশিৰি নদী ভেটি নিৰ্মাণ কৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত অচিৰেই আৰম্ভ হ’ব বিদ্যুৎ উৎপাদন ৷ ২০২৫ চনৰ মাৰ্চৰ পৰা ৭৫০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ।
এন এইচ পি চিয়ে 2000 মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্যৰে নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ৯৩ শতাংশতকৈয়ো অধিক কাম ইতিমধ্যে সম্পন্ন হৈছে ৷ ইতিমধ্যেই নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ১১৬ ফুট উচ্চতাৰ মূল বান্ধৰ নিৰ্মাণকাৰ্য যোৱা মে’তেই সম্পূৰ্ণ কৰিছে এন এইচ পি চিয়ে ৷ বান্ধ নিৰ্মাণকাৰী সংস্থা এন এইচ পি চিয়ে গেৰুকামুখৰ বৃহৎ নদীবান্ধটোত উৎপাদন আৰম্ভ কৰিব ৷
এন এইচ পি চি কৰ্তৃপক্ষৰ পৰা লাভ কৰা তথ্য অনুসৰি নদীবান্ধটোৰ সকলো মুখ্য অংশৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে । বান্ধটোৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পাৱাৰ হাউছ, হাইড্ৰ'মেকানিকেল কাম আদিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ দিশত দ্ৰুত গতিত আগবাঢ়িছে । এইবাৰ বাৰিষাৰ দিন শেষ হোৱাৰ লগে লগে ৰেডিয়েল গেটৰ বাকী কাম সম্পূৰ্ণ কৰি ২০২৫ৰ মাৰ্চত বিদ্যুৎ উৎপাদন আৰম্ভ কৰা হ'ব বুলি লক্ষ্য নিৰ্ধাৰণ কৰিছে বান্ধটোৰ নিৰ্মাণকাৰী সংস্থাই ৷ এই কথা সদৰী কৰিছে এন এইচ পি চিৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰামৰ্শদাতা এ এন মহম্মদে ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰামৰ্শদাতা এ এন মহম্মদে ই টিভি ভাৰত অসমক কয়, “বিদ্যুৎ উৎপাদন কৰিবৰ বাবে কাৰিকৰীভাৱে সাজু হৈ পৰিছে এন এইচ পি চি ৷ পৰিকল্পনা অনুসৰি কাম আগবাঢ়িলে ২০২৫ৰ মার্চ মাহত নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পৰ প্ৰাৰম্ভিকভাৱে মুঠ ৭৫০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদন কৰা হ'ব । বিদ্যুৎ উৎপাদনৰ বাবে পাৱাৰ হাউছত থাকিবলগীয়া মুঠ ৮ টা টাৰ্বাইনৰ ৩ টা টাৰ্বাইনত ৭৫০ মেগাৱাট উৎপাদন কৰা হ’ব । ইতিমধ্যে দুটা টাৰ্বাইন স্থাপন কৰা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে ৷ তৃতীয়টো টাৰ্বাইন স্থাপন কৰাৰ পথত ।”
৩ খন ৰেডিয়েল গেট স্থাপন হ’লেই আৰম্ভ হ'ব উৎপাদন:
২০২৪ বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত নদীবান্ধটোৰ কাম শেষ কৰি বিদ্যুৎ উৎপাদনৰ বাবে এন এইচ পি চিয়ে পৰিকল্পনা কৰিছিল যদিও প্ৰকৃতিৰ বাধাৰ বাবে সেয়া সম্ভৱপৰ হৈ নুঠিল ৷ প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰকল্পটোত থকা ডাইভাৰ্চন টানেলবোৰ (বান্ধ নিৰ্মাণৰ বাবে পাহাৰৰ মাজেৰে নদীখনৰ পানী বোঁৱাই নি আকৌ নদীখনত বান্ধৰ নামনিত পানী পেলোৱা সুৰংগ) বন্ধ হৈ পৰে । মাত্ৰ এটাহে কাৰ্যক্ষম অৱস্থাত থাকে ।
২০২৩ৰ ২৭ অক্টোবৰত প্ৰকল্পস্থলীত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত কাৰ্যক্ষম হৈ থকা একমাত্ৰ ডাইভাৰ্চন টানেলটো বন্ধ হৈ পৰে । ফলত মূলবান্ধত পানী এৰি দিয়া আৰু বন্ধ কৰাৰ বাবে থকা ৰেডিয়েল গেটসমূহ বহুওৱাত সমস্যাত পৰে নিৰ্মাণকাৰী সংস্থাটো । মুঠ ৯ খন ৰেডিয়েল গেটৰ বৰ্তমানলৈ ৬ খনৰ নিৰ্মাণ সম্পূৰ্ণ হ’ল যদিও বাকী ৩ খন এতিয়াও স্থাপন কৰিবলৈ বাকী আছে ।
এই বছৰৰ বাৰিষাৰ পূৰ্বেই এন এইচ পি চিয়ে বৃহৎ নদীবান্ধটোত ৬ খন ৰেডিয়েল গেট স্থাপন কৰিছিল । এইবাৰ বাৰিষাৰ দিনবোৰ পাৰ হোৱাৰ লগে লগে বাকী কেইখন দ্বাৰো স্থাপন কৰিবলৈ পূৰ্ণোদ্যমে এন এইচ পি চিয়ে কাম আৰম্ভ কৰে ।
২০২৬ৰ মাৰ্চত ২০০০ মেগাৱাট বিদ্যুৎ উৎপাদন হ’ব :