অসম

assam

ETV Bharat / state

2019ৰ 2.18 কোটিৰ পৰা ৰাজ্যৰ ভোটাৰৰ সংখ্যা 2.43 কোটিলৈ বৃদ্ধি - Lok Sabha Election 2024

Final Electoral Roll of Assam : 2019 চনৰ লোকসভা নিৰ্বাচনত অসমৰ ভোটাৰৰ সংখ্যা আছিল 2.18 কোটি ৷ শেহতীয়াকৈ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা চূড়ান্ত ভোটাৰ তালিকাৰ তথ্য অনুসৰি ৰাজ্যখনত ভোটাৰৰ সংখ্যা 2019 ৰ তুলনাত 11 শতাংশ বৃদ্ধি পাইছে ৷

Final Electoral Roll of Assam
2019 ৰ তুলনাত 11 শতাংশ বৃদ্ধি ভোটাৰ

By ANI

Published : Feb 17, 2024, 3:39 PM IST

নিউজ ডেস্ক, 17 ফেব্ৰুৱাৰী : অসমত বৃদ্ধি পাইছে ভোটাৰৰ সংখ্যা ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে শেহতীয়াকৈ প্ৰকাশ পোৱা চূড়ান্ত ভোটাৰ তালিকাত প্ৰকাশ পাইছে এই তথ্য ৷

শেহতীয়াকৈ অসমৰ ভোটাৰৰ সংখ্যা 2.43 কোটিলৈ বৃদ্ধি পাইছে ৷ 2019 চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ সংখ্যা আছিল 2.18 কোটি ৷ এই পৰিসংখ্যালৈ লক্ষ্য কৰিলে ৰাজ্যখনত ভোটাৰৰ সংখ্যা 2019 ৰ তুলনাত 11 শতাংশ বৃদ্ধি পাইছে ৷

ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া ভোটাৰ তালিকা অনুসৰি, ৰাজ্যখনৰ মুঠ ভোটাৰ হৈছে 2,43,01,960 গৰাকী ৷ ইয়াৰ ভিতৰত 1,21,79,358 জন পুৰুষ ভোটাৰ আৰু 1,21,22,602 গৰাকী মহিলা ভোটাৰ ৷

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছতে ভাৰতীয় নিৰ্বাচন আয়োগে অসমৰ বাবে সংসদীয় আৰু বিধানসভা সমষ্টিভিত্তিক নিৰ্বাচনী তালিকা প্ৰকাশ কৰে ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া হৈছে প্ৰতিখন ৰাজ্যৰ লোকসভা আৰু বিধানসভাৰ বাবে সমষ্টিৰ আসনৰ সংখ্যা আৰু সীমা নিৰ্ধাৰণৰ অনুশীলন ৷

নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তালিকাৰ তথ্য অনুসৰি ধুবুৰী সংসদীয় সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 26,43,403 জন ৷ ইফালে কোকৰাঝাৰ (এছ টি) সংসদীয় সমষ্টিত 14,70,271 জন, বৰপেটা সংসদীয় সমষ্টিত 19,49,873 জন, দৰং-উদালগুৰি সংসদীয় সমষ্টিত 21,87,160 জন ভোটাৰ, গুৱাহাটী সংসদীয় সমষ্টিত 20,13,145 জন ভোটাৰ আছে ৷

আনহাতে ডিফু (এছ টি) সংসদীয় সমষ্টিত 8,92,789 জন, কৰিমগঞ্জত 13,95,096 জন, শিলচৰ (এছ চি)ত 13,51,496 জন, নগাঁৱত 18,04,472 জন, কাজিৰঙা সংসদীয় সমষ্টিত 20,33,572 জন ভোটাৰ, শোণিতপুৰত 16,25,364 জন ভোটাৰ, লখিমপুৰত 15,66,241 ডিব্ৰুগড় সংসদীয় সমষ্টিত 16,50,706 আৰু যোৰহাট সংসদীয় সমষ্টিত 17,18,372 জন ভোটাৰ আছে ৷

লগতে পঢ়ক :ৰাজ্যত ২,৪৩,০১,৯৬০ গৰাকীলৈ বৃদ্ধি পালে ভোটাৰৰ সংখ্যা, প্ৰকাশ পালে চূড়ান্ত তালিকা

ABOUT THE AUTHOR

...view details