অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত মৃদু ভূঁইকঁপৰ জোকাৰণি - EARTHQUAKE IN KARBI ANGLONG

কাৰ্বি আংলঙত ২.৯ প্ৰাবল্যৰ ভূমিকম্পটো শনিবাৰে পুৱতি নিশা প্ৰায় ২.৪০ বজাত অনুভূত হয় ।

Earthquake in Karbi Anglong
প্ৰতিনিধিত্বমূলক ছবি (ANI)

By ANI

Published : Nov 30, 2024, 7:14 AM IST

কাৰ্বি আংলং : কাৰ্বি আংলঙত ভূমিকম্পৰ জোকৰণি । শুকুৰবাৰে মাজনিশা অসমৰ পাহাৰীয়া জিলাখনত এক মৃদু ভূমিকম্পৰ জোকাৰণি অনুভূত হয় ।

ৰিখটাৰ স্কেলত ২.৯ প্ৰাবল্যৰ ভূমিকম্পই কাৰ্বি আংলং জিলাক জোকাৰি যায় । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই (নেচনেল চেণ্টাৰ ফৰ ছিছম'লজী, এন চি এছ এই কথা প্ৰকাশ কৰিছে । ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰৰ (এন চি এছ) মতে, শনিবাৰে পুৱতি নিশা প্ৰায় ২.৪০ বজাত এই ভূকম্পনৰ জোকাৰণি ৰেকৰ্ড কৰা হয় । ভূমিকেন্দ্ৰটোৰ অভিকেন্দ্ৰ কাৰ্বি আংলং অঞ্চলত কেন্দ্ৰীভূত আৰু ২৫ কিলোমিটাৰ গভীৰতাত ।

ভূমিকম্পটো সন্দৰ্ভত ৰাষ্ট্ৰীয় ভূকম্পন কেন্দ্ৰই অফিচিয়েল X একাউণ্টত লিখিছে, "ভাৰতীয় সময় মতে ৩০-১১-২০২৪ তাৰিখে পুৱা ২.৪০ বজাত এটা ২.৯ প্ৰাবল্যৰ ভূমিকম্পৰ জোকাৰণি ২৬.২৩ উত্তৰ অক্ষাংশ আৰু ৯২.৮৩ পূব দ্ৰাঘিমাংশত অনুভূত হয় । ইয়াৰ অভিকেন্দ্ৰ হৈছে কাৰ্বি আংলং আৰু গভীৰতা ২৫ কিলোমিটাৰ ।"

‘‘EQ of M: 2.9, On: 30/11/2024 02:40:11 IST, Lat: 26.23 N, Long: 92.83 E, Depth: 25 Km, Location: Karbi Anglong, Assam.’’ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই Xৰ এটা পোষ্টত এইদৰে উল্লেখ কৰে । সংবাদ সংস্থা ANI ৰ তথ্য মতে, বাতৰি যুগুত কৰা পৰলৈকে জিলাখনত কোনোধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ লাভ কৰা নাই ৷

আনহাতে, বিগত শনিবাৰে (২৩ নৱেম্বৰ) এক মৃদু ভূমিকম্পই জোকাৰি যায় অসমৰ পাহাৰীয়া জিলা ডিমা হাছাওক ৷ শনিবাৰে ডিমা হাছাও ৩.৮ প্ৰাবল্যৰ ভূমিকম্প হয় ৷ ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে এই তথ্য । ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, শনিবাৰে নিশা প্ৰায় ১১ বজাত এই ভূমিকম্পটো ডিমা হাছাও অঞ্চলৰ চাৰিওফালে ১০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰীভূত হৈছিল ৷

লগতে পঢ়ক :বতাহত উৰিছে অচিন কীট; বিষাক্ত দংশনত এজনৰ মৃত্যু
লগতে পঢ়ক :মুছলেক আলীক উদ্ধাৰৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিব নাগালেণ্ড প্ৰশাসনে ?

ABOUT THE AUTHOR

...view details