হোজাই, 23 ফেব্ৰুৱাৰী :উত্তৰ-পূৱ যেন এতিয়া ড্ৰাগছৰ ঘাটি ৷ দৈনিক অষ্টলক্ষ্মীৰ কোনোবা কোনোবা ৰাজ্যত বহৎ বৃহৎ পৰিমাণত ড্ৰাগছ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ সমাজৰ বাবে বৰবিহ স্বৰূপ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী মাৰ বান্ধি থিয় হৈছে যদিও যেন থমকি ৰোৱা নাই ড্ৰাগছ ব্যৱসায়ী ৷ নিতৌ ন-ন কৌশল অৱলম্বনেৰে চলাই নিছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ৷
তাতোকৈ আচৰিত হ’ব লগা কথাটো হ’ল এই ড্ৰাগছ ব্যৱসায়ত নামি পৰিছে যুৱ-প্ৰজন্ম ! কেইটামান টকা লাভ কৰাৰ আশাত শিক্ষাৰ পৰা ফালৰি কাটি আহি অবাটে যোৱা এচাম নামি পৰিছে এই মাৰাত্মক ব্যৱসায়ত ৷ শেহতীয়া কেবাটাও অভিযানত আৰক্ষীৰ হাতত ধৰা পৰা সৰবৰাহকাৰীলৈ মন কৰিলে অনুভৱ হয় যেন যুৱ-প্ৰজন্মকে টাৰ্গেট কৰি লৈছে ড্ৰাগছ ব্যৱসায়ীয়ে ৷
এইবাৰ আৰক্ষীৰ গুলীত আহত হ’ল এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ৷ ঘটনা অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিয়ালৰ আক্ৰমণত আহত হৈছিল এজন গৃহৰক্ষী জোৱান । ড্ৰাগছ সৰবৰাহাকাৰীৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱাৰ সময়তে আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে চলাবলগীয়া হয় গুলী ।
বৃহস্পতিবাৰে পুৱতি নিশা ড্ৰাগছ বিৰোধী অভিযানলৈ ওলাই গৈছিল লামডিং আৰক্ষী । আৰক্ষীৰ লক্ষ্য আছিল লামডিং আই অ’ চিৰ সমীপতে থকা আবুল আলীৰ বাসগৃহ । অভিযোগ অনুসৰি, আবুল আলী ড্ৰাগছ সৰবৰাহৰ সৈতে বহুদিনৰে পৰাই জড়িত ।