অসম

assam

ETV Bharat / state

শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ বাবে নিৰ্বাচিত লখিমপুৰৰ সন্তান ড৹ পূৰবী শইকীয়া - SHANTI SWARUP BHATNAGAR PRIZE 2024 - SHANTI SWARUP BHATNAGAR PRIZE 2024

Dr Purabi Saikia : লখিমপুৰৰ কৃষক পৰিয়াল এটিৰ সন্তান ড৹ পূৰবী শইকীয়া ৷ এখন অখ্যাত গাঁৱৰ পৰা গৈ দেশৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ লগতে ৰাষ্ট্ৰীয় বিজ্ঞান বঁটাৰ বাবে নিৰ্বাচিত ড৹ শইকীয়া ৷ ৰাষ্ট্ৰীয় বটাৰে সন্মানিত ড৹ পূৰবী শইকীয়াক শান্তিস্বৰূপ ভাটনাগৰ বঁটা প্ৰদান কৰিব ৰাষ্ট্ৰপতিয়ে ৷

SHANTI SWARUP BHATNAGAR PRIZE 2024
লখিমপুৰৰ সন্তানৰ কৃতিত্ব (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 1:50 PM IST

লখিমপুৰ, 8 আগষ্ট :ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ ২০২৪ বঁটা প্ৰাপকৰ তালিকাত নাম অন্তর্ভুক্ত হোৱা ড৹ পূৰবী শইকীয়ালৈ আগবঢ়োৱা হৈছে বিজ্ঞান যুৱ শান্তিস্বৰূপ ভাটনগৰ বঁটা ৷ লখিমপুৰ জিলাৰ চিয়াজুলি বাগানগাঁও নিবাসী কৃষক প্ৰয়াত চন্দ্ৰেশ্বৰ শইকীয়া আৰু আইধান শইকীয়াৰ কনিষ্ঠ কন্যা তথা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপিকা ড৹ পূৰবী শইকীয়া ৷

শান্তিস্বৰূপ ভাটনাগৰ বঁটাৰ বাবে নিৰ্বাচিত লখিমপুৰৰ সন্তান (ETV Bharat Assam)

ড৹ শইকীয়াক কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ বিজ্ঞানৰ এই সৰ্বোচ্চ সন্মান শান্তিস্বৰূপ ভাটনাগৰ বঁটা আগবঢ়াইছে ৷ ড৹ শইকীয়াকে ধৰি বঁটাপ্ৰাপ্ত সকলো গৱেষককে ২৩ আগষ্টত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত বঁটা প্ৰদান কৰিব ৷

উল্লেখ্য যে, ড৹ পূৰৱী শইকীয়াৰ দেউতাক কোনো চৰকাৰী চাকৰিয়াল নাছিল ৷ কৃষিভূমিত খেতি-খোলা কৰিয়ে তেওঁ আঠটাকৈ ল'ৰা-ছোৱালীসহিতে পৰিয়ালটো পোহপাল দিয়াৰ লগতে প্ৰতিটো সন্তানক জ্ঞানৰ পোহৰেৰে আলোকিত কৰাত গুৰুত্ব আৰোপ কৰিছিল ৷

সৰুৰে পৰা মেধাসম্পন্ন পূৰবী শইকীয়াই চিয়াজুলিস্থিত দীৰ্ঘা মাজগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৯৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত দেউতাকে তেওঁক আনি নৰ্থ লখিমপুৰ মহাবিদ্যালয়(স্বায়ত্ব শাসিত) ত বিজ্ঞান শাখাত নামভৰ্তি কৰি দিয়ে ৷

উক্ত মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে স্নাতক ডিগ্ৰী লৈ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি পূৰবীয়ে পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ নিৰিজুলিস্থিত নেৰিষ্টত ডক্টৰেট ডিগ্ৰীৰ বাবে নামভৰ্তি কৰে ৷

২০১১ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰি তেওঁ পোনপ্ৰথমে ফেকাল্টিৰূপে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰে ৷ এই বিশ্ববিদ্যালয়ত কেইমাহমান ফেকাল্টিৰূপে কৰ্ম সম্পাদন কৰি তেওঁ ঝাৰখণ্ড কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত যোগদান কৰেগৈ ৷

বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড৹ পূৰবী শইকীয়াৰ স্বামী ড৹ অমিত কুমাৰ ছিকিম বিশ্ববিদ্যালয়ত কৰ্মৰত যদিও বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰ চৰকাৰৰ অনুৰোধ মৰ্মে তেওঁ আমেৰিকাৰ পাৰ্ডিউ বিশ্ববিদ্যালয়ত ইণ্ডো-ইউ এছ ফুল ব্ৰাইট ফেল'শ্বিপৰ বাবে ন-মহীয়া এক গৱেষণাত ব্যস্ত আছে ৷

লখিমপুৰৰ এখন অখ্যাত গাঁৱৰ এটি কৃষক পৰিয়ালৰ পৰা গৈ দেশৰ আগশাৰীৰ এখন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰাৰ উপৰিও ৰাষ্ট্ৰীয় বঁটাৰ বাবে নিৰ্বাচিত হোৱা ড৹ পূৰবী শইকীয়াৰ এনে সফলতাত সকলোৱে গৌৰৱবোধ কৰিছে ৷

লগতে পঢ়ক:ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ফিজিৰ সৰ্বোচ্চ অসামৰিক বঁটা - Secretary of MEA Jaideep Mazumdar

ABOUT THE AUTHOR

...view details