অসম

assam

ETV Bharat / state

ৰংঘৰে আদৰিলে দেশী-বিদেশী পৰ্যটকক - INTERNATIONAL TOURISM MART 2024

দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ দেশী বিদেশী পৰ্যটক । শিৱসাগৰৰ ঐতিহ্য পৰিদৰ্শন পৰ্যটকৰ দলটোৰ ।

Domestic and foreign tourists visit The Heritage of Sivasagar
ৰংঘৰে আদৰিলে দেশী বিদেশী পৰ্যটকক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 26, 2024, 8:00 PM IST

শিৱসাগৰ:কাজিৰঙাত বুধবাৰৰ পৰা আৰম্ভ হ'বলগীয়া দ্বাদশ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ অংশ হিচাপে আজি উদ্যোগী, চৰকাৰী সংস্থা, প্ৰভাৱশালী ব্যক্তি, ট্যুৰ অপাৰেটৰ, ছ'চিয়েল মেডিয়া ইনফ্লুয়েন্সৰ, দেশী-বিদেশী আৰু অন্যান্য অংশীদাৰৰ এটা বৃহৎ প্ৰতিনিধি দলে শিৱসাগৰৰ ভ্ৰমণ কৰে ।

এই বিশেষ কাৰ্যসূচীৰ জৰিয়তে উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ পৰ্যটনৰ সুযোগ আৰু সম্ভাৱনা সম্পৰ্কে প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে অসম পৰ্যটনৰ সহযোগত এই বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে ।

ৰংঘৰে আদৰিলে দেশী বিদেশী পৰ্যটকক (ETV Bharat Assam)

১০০ৰো অধিক দেশী-বিদেশী প্ৰতিনিধি দলটোৱে আজি বিয়লি শিৱসাগৰ পুখুৰীৰ পাৰৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহ উদ্যানত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে । ইয়াৰ পিছতে আহোম ৰাজত্বৰ স্বৰ্ণিল ইতিহাসক সাৱটি থকা ৰংঘৰ পৰিদৰ্শন কৰে । দলটোৱে ৰুদ্ৰসাগৰ উদ্যানত অসমীয়া থলুৱা আহাৰ আৰু ব্যঞ্জনৰ সোৱাদ লোৱাৰ লগতে কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আয়োজন কৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰে ।

দলটোৰ সমুখত পৰিৱেশন কৰা হয় বিহু, মিচিং নৃত্য আদি । উল্লেখযোগ্য যে এই বাৰ্ষিক অনুষ্ঠানৰ জৰিয়তে পৰ্যটন খণ্ডৰ উৎকৰ্ষ সাধন কৰাৰ সমান্তৰালভাৱে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ সম্ভাৱনাক তুলি ধৰাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে বুলি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই জানিবলৈ দিয়ে ।

প্ৰতিনিধি দলটোৱে ইয়াৰ পূৰ্বে চৰাইদেউৰ মৈদাম বিশ্ব ঐতিহ্য থলী পৰিভ্ৰমণ কৰে । শিৱসাগৰৰ পৰা দলটো পোনপটীয়াকৈ কাজিৰঙা অভিমুখে ৰাওনা হয় । চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত এই মেলাত অংশগ্ৰহণ কৰিবলৈ বহু কেইখন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি উপস্থিত হৈছেহি । এই বিশাল তথা আশাপ্ৰদ আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ অন্ত পৰিব ২৯ নৱেম্বৰত ।

লগতে পঢ়ক:আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলালৈ পৰ্যটকক আদৰিবলৈ সাজু কাজিৰঙা

অতিথিক আদৰাত ব্যস্ত মোহনবাৰী বিমানবন্দৰ

ABOUT THE AUTHOR

...view details