মঙলদৈ, ১১ জুন : মঙলবাৰে দৰং জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ উদ্যোগত প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কিন্নৰ বা তৃতীয় লিংগৰ সদস্যসকলে গ্ৰহণ কৰিবলগা সাৱধানতা সন্দৰ্ভত এক সজাগতা সভা অনুষ্ঠিত হয় । মঙলদৈ ইউথ ক্লাবত দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত এই সজাগতা সভাত জিলা দুৰ্যোগ প্ৰশমন বিভাগে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কিন্নৰসকলে কেনেদৰে নিজকে ৰক্ষা কৰিব তাৰ বিভিন্ন ব্যৱস্থা সম্পৰ্কে আভাস প্ৰদান কৰা হয় ।
এই সজাগতা সভাত অনুষ্ঠিত হঠাৎ অহা দুৰ্যোগ যেনে ভূমিকম্প, বানপানী, ধুমুহা আদিৰ সময়ত তৃতীয় লিংগৰ লোকসকলে ল'বলগীয়া সাৱধানতা সম্পৰ্কে আলোচনা কৰা হয় । লগতে বিভিন্ন সময়ত একাংশ সাধাৰণ লোকেও কিন্নৰৰ ভাও ধৰি দুষ্কাৰ্য সংঘটিত কৰা সন্দৰ্ভতো সজাগ হ'বলৈ কিন্নৰসকলে আহ্বান জনায় ।
উল্লেখ্য যে কিন্নৰসকলক লৈ এনেধৰণৰ সজাগতা সভা ৰাজ্যখনৰ ভিতৰতে প্ৰথমবাৰৰ বাবে দৰং জিলা প্ৰশাসনৰ উদ্যোগত আৰু দুৰ্যোগ প্ৰশমন আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত অনুষ্ঠিত হয় । এই সজাগতা সভাতে কিন্নৰসকলক স্বাৱলম্বী কৰিবৰ বাবে আত্মসহায়ক গোট গঠন কৰি সমাজ কল্যাণ বিভাগৰ দ্বাৰা বিভিন্ন চৰকাৰী সা-সুবিধা প্ৰদানৰো ব্যৱস্থা দৰং জিলা প্ৰশাসনে কৰা বুলিও উল্লেখ কৰে দৰং জিলাৰ আয়ুক্তই ।