গোলাঘাট: ৰজাঘৰৰ পৰা প্ৰজা ঘৰলৈকে সকলোৰে আপোন এগৰাকী বিদূষী মহিলা । তেওঁ ৰাজনীতিৰ পৰা আৰম্ভ কৰি সাহিত্য়,সমাজসেৱা আদিৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা প্ৰয়াত সাংসদ কুলধৰ চলিহাৰ এইগৰাকী কন্য়া আজি পাহৰণিৰ গৰ্ভত । অসমবাসীৰ বাবে যথেষ্ট অৱদান আগবঢ়াই যোৱা মহিলাগৰাকীক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰাই দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিয়ে ।
কোন আছিল এইগৰাকী মহিলা ?
যোৰহাটৰ ন-আলিৰ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা সাংসদ কুলধৰ চলিহা আৰু যোৰহাট মহিলা সমিতিৰ প্ৰাক্তন সভাপতি শশীপ্ৰভা চলিহাৰ কন্য়া আৰতি শইকীয়াৰ ১৯২৫ চনৰ ২৮ আগষ্টত জন্ম হৈছিল । আৰতি শইকীয়াই শিক্ষা জীৱনৰ পাতনি মেলে যোৰহাটত । উচ্চশিক্ষা গ্ৰহণ কৰে কলকাতাৰ বেথুন কলেজত । ১৯ বছৰ বয়সত গোলাঘাটৰ তপন নগৰৰ নগেন্দ্ৰ নাথ শইকীয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হয় ।
গোলাঘাটলৈ অহাৰ পাছৰে পৰা সমাজ জীৱনৰ লগত একাত্ম হৈ পৰে আৰতি শইকীয়া । বিশেষকৈ ঘৰৰ চাৰিবেৰৰ মাজত আবদ্ধ হৈ থকা মহিলাসকলক উলিয়াই আনি সমাজৰ বিভিন্ন দিশত কাম কৰিবলৈ প্ৰেৰণা যোগাইছিল । তেওঁ ১৯৫৯ চনৰ পৰা ১৯৭২ চনলৈকে ছোৱালী হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী,১৯৭২ চনৰ পৰা ১৯৮৬ চনলৈকে নিউগাৰ্লছ হাইস্কুলত সহকাৰী শিক্ষয়িত্ৰী আৰু পাছলৈ নিউগাৰ্লছ এম ই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰূপে অৱসৰ গ্ৰহণ কৰে । ইয়াৰ উপৰি তেওঁ পূৰ্বাঞ্চলিক কলেজত প্ৰবক্তা আৰু পিছলৈ অধ্যক্ষৰ ৰূপে অৱসৰ গ্ৰহণ কৰে ।

তেওঁৰ নেতৃত্বত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতি প্ৰতিষ্ঠা কৰি প্ৰথম সভাপতিৰ আসন অলংকৃত কৰিছিল । ইয়াৰ উপৰি নিখিল ভাৰত গ্ৰামীণ মহিলা সংঘৰ কলকাতাস্থিত সমিতিৰ উপ-সভাপতি, ভাৰতীয় শিল্পকল্যাণ পৰিষদ গোলাঘাট শাখাৰ উপদেষ্টা, গোলাঘাট জিলা প্ৰাথমিক শিক্ষা ব'ৰ্ডৰ উপদেষ্টাৰ লগতে চৰকাৰৰ দ্বাৰা অনুমোদিত দুটা কাৰ্যকালৰ বাবে চেয়াৰমেন আদিৰ দৰে গুৰুত্বপূৰ্ণ পদত অধিষ্ঠিত হৈছিল ।
ৰাজনৈতিক জীৱন :
১৯৭২ চনত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী হিচাপে গোলাঘাট বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কৃষিমন্ত্ৰী সোণেশ্বৰ বৰাৰ হাতত পৰাজয়বৰণ কৰিবলগীয়া হৈছিল । ইয়াৰ উপৰি ১৯৫৮ চনৰ পৰা ১৯৬২লৈকে গোলাঘাট জিলা মহিলা কংগ্ৰেছৰ আহ্বায়িকা হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে । ১৯৭২ চনৰ পৰা ১৯৭৫ চনলৈকে গোলাঘাট জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰতি শইকীয়াই ।
সামাজিক জীৱন :
প্ৰয়াত ৰেণুকা দেৱী বৰকটকীক সভানেত্ৰী আৰু পদ্মশ্ৰী প্ৰয়াত ৰৌচন ফুকনক সম্পাদক ৰূপে গঠিত জোৱান কল্যাণ সমিতিৰ সেই সময়ৰ গোলাঘাট মহকুমাৰ উক্ত সমিতিৰ সম্পাদক হিচাপে মনোনীত হৈ যুদ্ধৰত জোৱানসকলৰ বাবে চুৱেটাৰ গোঁঠা প্ৰতিষ্ঠান খোলা,ৰৰৈয়া সামৰিক চিকিৎসালয়ত আহত জোৱান সকলক খাদ্য যোগান ধৰা আৰু সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি সকলো মহিলা আৰু ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণ কৰাইছিল । পাছলৈ চৰকাৰে উক্ত সমিতিখন ভংগ কৰে ।

ইয়াৰ উপৰি তেওঁ গোলাঘাট জিলা মহিলা সমিতিৰ সম্পাদিকা,উপ- সভানেত্ৰী আৰু সভাপতিৰ আসন অলংকৃত কৰিছিল । অসম প্ৰাদেশিক মহিলা সমিতিৰ উপ-সভানেত্ৰী আৰু স্ত্ৰী শক্তি জাগৰণ সমিতিৰ সদস্যা, সদৌ অসম লেখিকা সমাৰোহৰ প্ৰতিষ্ঠা কৰি প্ৰতিষ্ঠাপক সভানেত্ৰীৰ দায়িত্ব পালন কৰিছিল ।
প্ৰকাশিত গ্ৰন্থ :
আৰতি শইকীয়াই সাহিত্য় জগততো প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ ৰচনা কৰা গ্ৰন্থকেইখন হৈছে ৰূপ ৰেখা (কবিতা পুথি),ত্ৰিবেণীৰ সাগৰ সংগম (উপন্যাস),চাহ বাগিচাৰ পটভূমিত লিখা সেউজ পাতৰ জেতুকা ৰং,প্ৰবন্ধ মালঞ্চ, প্ৰথম খণ্ড, প্ৰবন্ধ মালঞ্চ দ্বিতীয় খণ্ড, ইংৰাজী প্ৰবন্ধ Gandhiji Tha Saviour of Indian Women, Women and Oppression, Idealism of nehru and Children's Day, International Women's Year and Renaissance of Indian Womanhood, Few Poem আদি ।
সন্মান আৰু সম্বৰ্ধনা :
প্ৰয়াত উপেন্দ্ৰনাথ দত্ত সোঁৱৰণী বঁটা, গোলাঘাট পৌৰসভা, শাখা সাহিত্য সভা, এমেচাৰ থিয়েটাৰ ছ'চাইটি আৰু মহিলা সমিতিয়ে প্ৰজ্ঞাশ্ৰী উপধি, অসম চৰকাৰৰ দ্বাৰা সাহিত্য পেঞ্চন, মুখ্যমন্ত্ৰীৰ দ্বাৰা শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা, গোলাঘাট পৌৰসভাই সমাজৰত্ন উপাধি আদিৰ লগতে ১০০ অধিক দল-সংগঠনে তেওঁক সম্বৰ্ধনা জনাইছিল ।
আৰতি শইকীয়াৰ জন্ম শতবার্ষিকী শুভাৰম্ভঃ
গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত আৰু জিলাখনৰ শাখাসমূহৰ সহযোগত দেওবাৰে গোলাঘাটত সমাজৰত্ন, প্রজ্ঞাশ্রী আৰতি শইকীয়াৰ জন্ম শতবার্ষিকী শুভাৰম্ভণী অনুষ্ঠান আৰম্ভ হয় । গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰেক্ষাগৃহত গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সভাপতি ডালিমী শইকীয়া বৰাৰ সভাপতিত্বত অনুষ্ঠিত শুভাৰম্ভণী অনুষ্ঠানৰ সভাখনত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ডাঃ অজিত বৰুৱাই কয়," সৰলতা আৰু বিনম্ৰতা সমাজৰত্ন,প্ৰজ্ঞাশ্ৰী আৰতি শইকীয়াৰ আছিল অলংকাৰ । মানৱীয় প্ৰমূল্যবোধ থকা ব্যক্তিত্বৰ অধিকাৰী আৰতি বাইদেউ আছিল এগৰাকী দেৱী সদৃশ মহিলা ।"

সভাখন উদ্বোধন কৰে প্ৰাক্তন আয়ুক্ত কৃষ্ণা বৰুৱাই । সভাত গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰা, বিশিষ্ট ব্যক্তি ক্ষীৰোদ কুমাৰ গোস্বামী, নন্দন শইকীয়া, জুৰি দাস ৰাজখোৱা, চোভানা আলি আহমেদ, পিকুমণি দত্ত আদিয়ে আৰতি শইকীয়া সম্পৰ্কত বক্তব্য প্ৰদান কৰে । এই অনুষ্ঠানত লনী ফুকন আৰু অপৰাজিতা বৰুৱাই আৰতি শইকীয়াক লৈ ৰচনা কৰা দুটা কবিতা পাঠ কৰে । গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদক ৰূপা শইকীয়াই উদ্দেশ্য ব্যাখ্যা আৰু আদৰণি ভাষণ প্ৰদান কৰা সভাখনৰ আৰম্ভণিতে প্ৰজ্ঞাশ্ৰী আৰতি শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বলন কৰে পুত্ৰ নন্দন শইকীয়া আৰু উপস্থিত বিশিষ্ট ব্যক্তিসকলে ।
উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰাক্তন আয়ুক্ত কৃষ্ণা বৰুৱাই কয়, "আজি প্ৰয়াত আৰতি শইকীয়াৰ যি জন্ম শতবাৰ্ষিকী আয়োজন কৰিছে লেখিকা সমাৰোহ গোলাঘাট শাখাই এইটো সুন্দৰ অনুষ্ঠান কৰিছে । বাইদেউ সঁচাকৈ সকলোৰে বাবে পথ প্ৰদৰ্শক আছিল । মহিলা সৱলীকৰণৰ আৰু মহিলাই নিজৰ ভৰিত কেনেকৈ থিয় হ'ব পাৰি সেই বিষয়ে তেওঁ দেখুৱাই থৈ গৈছে । মোৰ অনুভৱ অকল গোলাঘাট নহয় সমগ্ৰ অসমতে তেওঁৰ এই অনুষ্ঠানৰ আয়োজন কৰিব লাগে । "
আনহাতে, এই সম্পৰ্কে লেখিকা সমাৰোহ সমিতিৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰূপা শইকীয়াই কয়,"গোলাঘাটৰ সমাজৰত্ন, প্ৰজ্ঞশ্ৰী আৰতি শইকীয়াৰ ২০২৫ত জন্মসতবাৰ্ষিকী আৰম্ভণী হৈছে, যাৰ পৰিপ্ৰেক্ষিতত আমি গোলাঘাট জিলা লেখিকা সমাৰোহ সমিতিয়ে আৰু বিভিন্ন শাখা সমূহে তেওঁতৰ শুভাৰম্ভণী অনুষ্ঠান আয়োজন কৰিছো । গতিকে এই অনুষ্ঠানৰ জড়িয়তে অনাগত দিনত তেওঁ জড়িত সকলো অনুষ্ঠান -প্ৰতিষ্ঠানৰ লগত একাত্ম হৈ কাম কৰি যাম ।"