গুৱাহাটী : কংগ্ৰেছ চৰকাৰৰ দৰে বিজেপি চৰকাৰেও চাহ শ্ৰমিকক ন্যূনতম দৈনিক মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখিছে । ন্যূনতম মজুৰি আইন-১৯৪৮ কোনো কালেই অসমত চাহ শ্রমিকৰ বাবে প্রয়োগ হোৱা নাই । বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলেও প্রতিশ্রুতি অনুযায়ী চাহ শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্দ্ধাৰণ নকৰাত ক্ষোভ অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ।
অসমত ২০১৬ চনত বিজেপি শাসনত আহিলে চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ প্রতিশ্রুতি দিছিল । কিন্তু বিজেপিয়ে দুবাৰকৈ চৰকাৰ গঠন কৰিলে । প্রতিশ্রুতি অনুযায়ী চাহ শ্রমিকৰ ন্যূনতম মজুৰি কিন্তু নিৰ্দ্ধাৰণ নকৰিলে । সেয়েহে ক্ষোভ প্ৰকাশ কৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰয়েল চৰেঙে ।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি তেওঁ কয় , "২০১৮ চনত অসম চৰকাৰৰ ন্যূনতম মজুৰি নিৰ্দ্ধাৰণ পৰামৰ্শদাতা পৰিষদে চাহ শ্রমিকৰ ন্যূনতম মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল । কিন্তু চৰকাৰে কেৱল মাত্র চাহ বাগানৰ মালিকৰ স্বাৰ্থৰ বাবে মজুৰি পৰিষদৰ প্ৰস্তাৱক কৌশলগতভাৱে কার্যকৰী নকৰি চাহ শ্রমিকক চূড়ান্ত প্ৰতাৰণা কৰিলে । ইয়াৰ পৰিৱৰ্তে মাজে সময়ে মজুৰিৰ অন্তৰ্ৱৰ্তীকালীন বৃদ্ধিহে ঘোষণা কৰে ।"
তেওঁ পুনৰ কয়, "বৰ্তমানৰ বয়-বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি হৈছে যদিও চাহ শ্রমিকৰ মজুৰি বৰাক উপত্য়কাত ২২৮ টকা আৰু ব্রহ্মপুত্র উপত্য়কাত ২৫০ টকা মাত্ৰ । ই চৰকাৰী প্ৰতাৰণাই নহয়, দুয়োটা উপত্য়কাৰ মাজত কৰা পৰিকল্পিত বৈষম্য । মজুৰি পৰিষদৰ প্ৰস্তাৱ মতে, মজুৰি বৃদ্ধি হোৱা হ'লে বর্তমানে চাহ শ্রমিকৰ দৈনিক মজুৰি ৬৬১.০০ টকা হ'লহেঁতেন ।"
চৰকাৰে নিৰ্ধাৰণ কৰা মজুৰিৰ পৰাও বঞ্চিত চাহ শ্ৰমিক :
তেওঁ লগতে কয়," আমি লক্ষ্য কৰিছো যে কেৱল চৰকাৰ বা বাগান মালিক পক্ষই নহয়,শ্রমিক সংগঠন অসম চাহ মজদুৰ সংঘই চাহ মালিকৰ লগত দ্বি-পাক্ষিক মজুৰি চুক্তি কৰি শ্রমিকক লুণ্ঠন কৰিছে । ২০১৬ চনত কৰা এক চুক্তি অনুযায়ী পাত ছিঙা সময়ত শ্রমিকক নিৰ্দ্ধাৰণ কৰি দিয়া নিৰিখ পূৰাব নোৱাৰিলে ৮ ঘণ্টা কাম কৰিলেও মজুৰিৰ কিছু অংশ কৰ্তন কৰে । অসম চাহ মজদুৰ সংঘ আৰু পাঁচখন বাগিচা মালিক সন্থাৰ মাজত হোৱা এক নিষ্পত্তি চুক্তিৰ আধাৰত বাগিচাৰ পাত ছিঙা সময়ত যদি এগৰাকী চাহ বাগিচাৰ শ্রমিকে দৈনিক উন্নতমানৰ ২৪ কেজিতকৈ কম চাহপাত ছিঙে তেন্তে তেওঁক দৈনিক ২৫০ টকাৰ দৈনিক মজুৰিৰ পৰা বঞ্চিত কৰা হয় । "
ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে পুনৰ কয়," আজিৰ পৰিস্থিতিত পাত ছিঙাৰ বাবে মালিক পক্ষই নিৰ্দ্ধাৰণ কৰা বাগানৰ অংশত ৮ ঘণ্টা কাম কৰিলেও উন্নতমানৰ ২৪ কেজি চাহ পাত ছিঙিব নোৱাৰে । ফলত দৈনিক মজুৰিৰ পৰা বঞ্চিত কৰা হয় । কোনো শ্রমিকে যদি ২৩ কেজি বা ১৯ কেজি চাহ পাত ছিঙে, তেন্তে লাভ কৰা মজুৰি প্ৰতি কেজিত ২ টকাকৈ হ্রাস কৰা হ'ব অর্থাৎ ২৩ কেজিত ২৪৮ টকা পাব আৰু ১৯ কেজিত ২৪০ টকাহে পাব । এই চুক্তি সম্পূর্ণৰূপে বেআইনী, যিহেতু চুক্তিখনে ন্যূনতম মজুৰি আইন,১৯৪৮ক দেখদেখকৈ উলংঘা কৰিছে । "
এনে প্রেক্ষাপটত চি আই টি ইউৰ অন্তৰ্ভূক্ত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই তীব্র প্রতিবাদ গঢ়ি তোলাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰা বুলি উল্লখ কৰি তেওঁ কয়," শ্রমিকক যি প্রাপ্য দৈনিক মজুৰিৰ পৰা বঞ্চিত কৰা হৈছে সেয়াও ঘূৰাই দিবলৈ অখিল ভাৰতীয় চাহ মজদুৰ সংঘই দাবী জনাইছে ।
পি এফ' ব'র্ডৰ চাহ শ্রমিক বিৰোধী নীতি গ্রহণ :
তেওঁ লগতে কয় ," সম্প্ৰতি দেখা গৈছে যে চাহ বাগিচাৰ শ্ৰমিকৰ মেডিকেল, ঘৰ মেৰামতি আদি বিভিন্ন সুবিধাসমূহ কৰ্তন কৰা হৈছে । তদুপৰি পি এফ ব'র্ডেও চাহ বাগানৰ মালিকপক্ষৰ স্বাৰ্থত চাহ শ্রমিক বিৰোধী নীতি গ্রহণ কৰিছে । শ্ৰমিকৰ আৰ্জিত পি এফৰ ধন বহু শ্রমিকে সময়মতে নাপায় । আনকি পেঞ্চনৰ টকাৰ অধিকাৰো হৰণ কৰাৰ নীতিক চৰকাৰে অনুমোদন জনাইছে । এজন চাহ শ্রমিকে ১০ বছৰ কাম কৰিলে আৰু ৫০ বছৰ বয়স হ'লেহে পেঞ্চন দিয়াৰ নিয়ম চালু কৰিলে । এই ক্ষেত্ৰত বয়স বা কাম কৰাৰ সময়ৰ এদিন দুদিন তাৰতম্য হ'লেও শ্রমিকজনক পেঞ্চনৰ পৰা বঞ্চিত কৰিব । অথচ পেঞ্চন পায় মাহিলি মাত্র ১৫০০-২০০০ টকা। পি এফ ব'র্ডে এনে নিয়ম বান্ধি দিয়াৰ কোনো নৈতিক অধিকাৰ নাই ,যিহেতু আজিলৈকে চাহ শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰা হোৱা নাই ।"
পি এফ ব'র্ডে চালু কৰা শ্রমিক বিৰোধী নীতিৰ ফলত বাগানত কাম কৰি থকা অস্থায়ী শ্রমিকসলক বেছিকৈ ক্ষতিগ্রস্ত হ'ব বুলি মন্তব্য় কৰি ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়," নাভুত নাশ্রুত কথাটো হ'ল যে পি এফ ব'র্ডে অস্থায়ী শ্রমিকসলক আজিলৈকে পেঞ্চন দিয়াৰ কোনো ব্যৱস্থা কৰা নাই । কিন্তু আইন (Provident Fund Scheme Act, 1955)ৰ মতে চাহ বাগানত কাম কৰা সকলো স্থায়ী আৰু অস্থায়ী শ্রমিকে পেঞ্চন পোৱাৰ আধিকাৰ আছে । বর্তমান অসম চৰকাৰৰ শ্ৰম মন্ত্ৰীগৰাকীয়েই হৈছে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক । কিন্তু এইগৰাকী তথাকথিত চাহ শ্রমিক নেতাই চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ প্রয়োজনীয় ব্যৱস্থা আজিলৈকে লোৱা নাই ।"
অসমত চাহ বাগিচা কিমান আছে ?
তেওঁ পুনৰ কয় যে অসমত ৮০০ খনৰো অধিক চাহ বাগিচা আছে । এই বাগিচাত কৰ্মৰত ১২ লাখ শ্ৰমিক আছে । চাহ বাগিচাত ৬০ শতাংশ অস্থায়ী শ্রমিক আছে ।
৩ মাৰ্চত দিছপুৰ চলো কাৰ্যসূচী :
সংবাদ মেলত ৰয়েল চৰেঙে কয়,"চাহ বাগিচাৰ শ্ৰমিকসকলৰ এনেবোৰ সমস্যাকলৈ অখিল ভাৰতীয় চাহ মজদুৰ সংঘই অহা ৩ মাৰ্চত দিছপুৰ চলো কাৰ্যসূচীৰ আহ্বান জনাইছে । এই কার্যসূচীত অসমৰ সকলো চাহ বাগিচাৰ শ্রমিক ৰাইজক অংশগ্রহণ কৰিবলৈ আহ্বান জনাইছো ।"