অসম

assam

ETV Bharat / state

সামাজিকভাৱে সজাগ নহ'লে ধৰ্ষণৰ দৰে ঘটনা ঘটিয়েই থাকিব : দিগন্ত কলিতা - MLA Diganta Kalita - MLA DIGANTA KALITA

Diganta Kalita on Dhing rape case: ৰঙিয়াত সদস্যতা অভিযান- ২০২৪ ক লৈ অনুষ্ঠিত হয় এখনি কৰ্মশালা । উক্ত কৰ্মশালাত উপস্থিত হৈ কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য বিধায়ক দিগন্ত কলিতাৰ । ধৰ্ষণ আদিৰ দৰে ঘটনা কমিবলৈ মানসিকতা সলনি কৰাৰ প্ৰয়োজন বুলি মন্তব্য কলিতাৰ ।

Diganta Kalita said that there is a need to change the mindset to reduce incidents like rape etc
দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 24, 2024, 7:22 PM IST

ৰঙিয়া, ২৪ আগষ্ট : শাসনাধিস্থিত বিজেপি দলৰ ভেঁটি সুদৃঢ়কৰণৰ লক্ষ্যৰে ৰূপায়ণ হ'ব সদস্যতা অভিযান- ২০২৪ । এই সন্দৰ্ভত শনিবাৰে ৰঙিয়াত অনুষ্ঠিত হয় উত্তৰ কামৰূপ জিলা ভিত্তিত এখনি কৰ্মশালা । ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰ্মশালাত উত্তৰ কামৰূপৰ অন্তৰ্গত ৰঙিয়া, কমলপুৰ আৰু হাজো সমষ্টিৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে ।

দিগন্ত কলিতাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

সভাত বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা, সম্পাদক পল্লৱলোচন দাস, সাংসদ দিলীপ শইকীয়াৰ লগতে কমলপুৰৰ বিধায়ক দিগন্ত কলিতা, হাজোৰ বিধায়িকা সুমণ হৰিপ্ৰিয়া উপস্থিত থাকি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে ।

ইফালে সংবাদ মাধ্যমৰে হোৱা আচুতীয়া সাক্ষাৎকাৰত বিধায়ক দিগন্ত কলিতাই কয়, "পহিলা ছেপ্টেম্বৰৰ পৰা সৰ্বভাৰতীয় পৰ্যায়ত শুভাৰম্ভ হ'ব সদস্যভৰ্তি অভিযান । দ্বিতীয় দিনটোত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সমগ্ৰ ৰাজ্যজুৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব ।"

ইফালে সভাখনৰ মাজতে নাৰী সুৰক্ষাক লৈ দেশত চলি থকা উদ্বেগজনক পৰিস্থিতিৰ বিষয়ে মন্তব্য আগবঢ়াই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতায় । তেওঁ সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰ দি কয়, "এটা কথা ঠিক, আমি সামাজিকভাৱে যেতিয়ালৈকে নিজে কথাটোৰ ওপৰত চিন্তা-চৰ্চা নকৰোঁ সামাজিকভাৱে সজাগ নহওঁ, তেতিয়ালৈকে এনেকুৱা ধৰণৰ জঘন্য ঘটনাবোৰ সংঘটিত হৈয়ে থাকিব । সেয়া ড্ৰাগছৰ ক্ষেত্ৰতে কওক বা নাৰীজনিত এনেধৰণৰ কথায়েই কওক । সেইকাৰণে আমি সামাজিকভাৱে সচেতন ৰাইজ ওলাই আহিব লাগিব আৰু সামাজিকভাৱে এই বিষয়ে কিছু কিছু অনুষ্ঠানত আলোচনা কৰিব লাগিব । সমাজৰ ওপৰত কোনো হব নোৱাৰে ।"

আইনখন আৰু কঠোৰ কৰাটো প্ৰয়োজনীয় নেকি ?

এই সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কলিতাই কয়, "চাওক মই এইটোৱেই কৈছোঁ আইন আমি কঠোৰ কৰিলোঁৱেই বাৰু, মোৰ ওপৰত যিমান কঠোৰ ব‍্যৱস্থা নলওক । যদি আমি মানসিক ভাৱে যদি মই ধৰ্ষণকাৰী হওঁ তেতিয়া হ'লেতো মোৰ কব লগীয়া একো নাথাকে । সেইকাৰণে আমি মানসিকতাটো সলনি কৰিব লাগিব । সেইকাৰণে মই আহ্বান জনাইছো আমাৰ মানসিকতা সলনি কৰিব লাগিব ড্ৰাগছৰ ক্ষেত্ৰতে হওক বা এনেকুৱা ধৰণৰ বিশেষকৈ অপৰাধজনিত ঘটনাৰ ক্ষেত্ৰতে হওক ।"

লগতে ৰাজ‍্য কপোৱা বিত্তীয় কেলেংকাৰী সংঘটিত কৰা ডিবি ষ্ট'ক সম্পৰ্কেও মন্তব্য কৰে কমলপুৰৰ বিধায়কগৰাকীয়ে । তেওঁ কয়, "মইতো ভবাই নাই ৰঙিয়াত যে ২৫০ কোটি টকা ইয়াৰ পৰা লুটমাৰ হৈছে । কিয় মানুহবোৰে নজনাকৈ বিনিয়োগ কৰিছে । আমিতো আচৰিত চাৰি হাজাৰ কোটি টকা অসমৰ পৰা হৰলুকি হৈছে আৰু কোনোৱে গমেই নাপায় । আপোনালোকো সচেতন হ'ব লাগিব । যিসকলে বিনিয়োগ কৰিছিল সেইসকলে নাজানিছিল নে যে এইটো সঁচা নে মিছা । এই বিষয়ে অলপ জনাটো উচিত । মই ভাৱো যে আমাৰ মানসিকতা এইটো ক্ষেত্ৰতো সলনি কৰাটো উচিত ।"

লগতে পঢ়ক:অসমত এতিয়া আইন-শৃংখলা বুলি একো নাই, গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ : আছুৰ সভাপতি - Dhing rape case

ধিংকাণ্ডৰ দোষীক ফাঁচি দিয়াৰ দাবী বদৰুদ্দিন আজমলৰ - Dhing Rape Case

ABOUT THE AUTHOR

...view details