অসম

assam

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 11:53 AM IST

ETV Bharat / state

বোমাৰ আতংক: মৰাণৰ খটখটিত দুটাকৈ সেউজীয়া ৰঙৰ বটল গ্ৰেণেড উদ্ধাৰ - Grenades recovered

Grenades recovered in Assam village : মৰাণৰ খটখটিত উদ্ধাৰ দুটাকৈ বটল গ্ৰেণেড ৷ এজোপা গছত তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ গ্ৰেণেড দুটা ৷ ইতিমধ্যে অসম আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও X যোগে সদৰী কৰিছে এই কথা ৷

Grenades recovered in Assam village
মৰাণৰ খটখটিত সেউজীয়া ৰঙৰ বটল গ্ৰেণেড উদ্ধাৰ (ETV Bharat)

মৰাণ, ১২ ছেপ্টেম্বৰ : ডিব্ৰুগড়ত সংঘটিত অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ ঘটনাই ৰাজ্যত ব্যাপক চৰ্চা চলি থকাৰ মাজতে ডিব্ৰুগড়ত আন এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ডিব্ৰুগড় জিলা মৰাণৰ খটখটিত দুটাকৈ গ্ৰেণেড উদ্ধাৰক লৈ সৃষ্টি হৈছে চাঞ্চল্য । মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত খটখটিৰ জটিয়নি গাঁৱৰ সমীপৰ এজোপা গছত তলত পুতি থোৱা অৱস্থাত উদ্ধাৰ হৈছে দুটাকৈ সেউজীয়া ৰঙৰ বটল সদৃশ গ্ৰেণেড ।

বুধবাৰে নিশা ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, মৰাণ থানাৰ আৰক্ষী দল আৰু ১৭১ বি এন- চি আৰ পি এফৰ যৌথ অভিযান চলায় ৷ এই অভিযানৰ অন্তত দলটোৱে বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ২ বজাত উদ্ধাৰ কৰে এই গ্ৰেণেড দুটা । আৰক্ষীয়ে গ্ৰেণেড উদ্ধাৰ হোৱাৰ তথ্য জানিবলৈ দিছে যদিও তদন্ত অব্যাহত ৰখাৰ বাবে কোনে কেনেকৈ গ্ৰেণেড উক্ত স্থানত থৈছিল সেই কথা জানিবলৈ দিয়া নাই ।

ইতিমধ্যে সকলোৰে জ্ঞাত যে, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫ টা স্থানত বোমা স্থাপন কৰি নিজৰ শক্তিৰ উমান দিছিল আলফা স্বাধীনে । আলফা স্বাধীনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত বোমা সংস্থাপন কৰা পাচতে ৰাজ্যত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছিল । স্বাধীনতা দিৱসৰ দিনটোৰ পৰা আজিলৈকে জিলাই জিলাই বোমা সংস্থাপন কৰা সন্দৰ্ভত বহুকেইজন যুৱকক আৰক্ষী আৰু সেনাই অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক :আলফা(স্বাঃ) ৰ নামত ধনদাবী কৰি আটক যুৱক: গুৱাহাটীত বোমা সংস্থাপনতো জড়িত থকাৰ অভিযোগ - ULFA I linkman detained

লক্ষ্যণীয় বিষয়টো হ'ল, স্বাধীনতা দিৱসৰ দিনটোত ৰাজ্যৰ ২৫ টা স্থানত বোমা স্থাপন কৰা কথা কৈছিল আলফা স্বাধীনে ৷ কিন্তু সকলো স্থানত বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল আৰক্ষীয়ে । ডিব্ৰুগড়ৰ পুৰণি বাছ আস্থানত স্থাপন কৰা বোমাটো বিচাৰি পোৱা নাছিল আৰক্ষীয়ে । তেনে সময়ত ডিব্ৰুগড় জিলা মৰাণৰ খটখটিত দুটা গ্ৰেণেড উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে ।

লগতে পঢ়ক :চিলাপথাৰত উন্মুক্ত নলাত উদ্ধাৰ গ্ৰেনেড - Grenade Recovered In Silapathar

ABOUT THE AUTHOR

...view details