গুৱাহাটী, ১জুন :আজি লোকসভা নিৰ্বাচন ২০২৪ৰ ৭৫ দিনীয়া ভোটগ্ৰহণ পৰ্ব শেষ হ’ল। এইবাৰৰ নিৰ্বাচনত সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছে অসমৰ এটা বিশেষ সমষ্টিয়ে । দেশৰ ভিতৰতে সৰ্বাধিক ভোটদানৰ হাৰেৰে অভিলেখ ৰচিছে ধুবুৰী লোকসভা সমষ্টিয়ে । মুঠ ৯২.০৮ শতাংশ সৰ্বাধিক ভোটদানৰ হাৰেৰে অসমৰ ধুবুৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়তো সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে ।
দেশৰ বিভিন্ন প্ৰান্তত বিশেষকৈ মহাৰাষ্ট্ৰ, বিহাৰ আদিত ভোটদানৰ বিপৰীতে ধুবুৰীত সৰ্বাধিক ভোটদানৰ হাৰে দেশৰ ৰাজনৈতিক বিশ্লেষকসকলৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে ৷
প্ৰথমেই চাও আহক ধুবুৰীত যোৱা তিনিটা নিৰ্বাচনৰ ধাৰা:
ধুবুৰী, লোকসভা নিৰ্বাচন-২০২৪
- ভোটদানৰ হাৰ; ৯২.০৮ শতাংশ
- মুঠ ভোটদান : ২৪.৫ লাখ গৰাকীৰ
- মুঠ ভোটাৰৰ সংখ্যা : ২৬,৬০, ৮২৭ গৰাকী
- ধুবুৰীত বিধানসভা সমষ্টিৰ সংখ্যা: ১১ টা
- দুটা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৯৪ শতাংশতকৈ বেছি : গৌৰীপুৰ আৰু বীৰচিং-জাৰুৱা বিধানসভা সমষ্টি ৷
ধুবুৰী, লোকসভা নিৰ্বাচন- ২০১৯
- ভোটদানৰ হাৰ: ৯০.৬৬ শতাংশ
- দেশৰ মুঠ ৫৪৩টা সংসদীয় সমষ্টিৰ ভিতৰত ধুবুৰীত সৰ্বাধিক ভোটদান
- দেশজুৰি ভোটদানৰ হাৰ ৬৭.৪ শতাংশ
- মুঠ ভোট : ১৬,৮৫,০৫৮ টা
- মুঠ ভোটাৰৰ সংখ্যা : ১৭,৯৯,৫৭১ গৰাকী
- বিজয়ী : মৌলানা বদৰুদ্দিন আজমল, AIUDF (৭,১৮,৭৬৪টা ভোট)
- ভোটৰ ব্যৱধান: ২,২৬,২৫৮ টা
- প্ৰতিদ্বন্দ্বী : আবু তাহেৰ বেপাৰী, কংগ্ৰেছ (৪,৯২,৫০৬ টা ভোট)
- তৃতীয় স্থান: জাভেদ ইছলাম, অগপ (৩,৯৯,৭৩৩ ভোট টা লাভ)
ধুবুৰী, লোকসভা নিৰ্বাচন- ২০১৪
- ভোটদানৰ হাৰ; ৮৮.৩৬ শতাংশ
- ভাৰতৰ মুঠ ৫৪৩ টা সংসদীয় সমষ্টিৰ ভিতৰত ধুবুৰীত সৰ্বাধিক ভোটদান
- দেশজুৰি ভোটদানৰ হাৰ: ৬৬.৪ শতাংশ
- মুঠ ভোটদান : ১৩৬৯৭২২ টা ভোট
- মুঠ ভোটাৰৰ সংখ্যা : ১৫,৫২,৫৫ গৰাকী
- বিজয়ী : মৌলানা বদৰুদ্দিন আজমল, AIUDF (৫,৯২,৫৬৯টা ভোট লাভ)
- প্ৰতিদ্বন্দী : ৱাজেদ আলী চৌধুৰী, কংগ্ৰেছ (৩৬২৮৩৮ টা ভোট লাভ)
- তৃতীয় স্থান : বিজেপি প্ৰাৰ্থী দেৱময় স্যানাল ( ২,৯৮,৯৮৫টা ভোট লাভ)
- ২,২৯,৭৩০ টা ভোটৰ ব্যৱধানত বদৰুদ্দিন আজমলৰ জয় ৷
ধুবুৰী, লোকসভা নিৰ্বাচন ২০০৯
- ভোটদানৰ হাৰ: ৭৬.৩ শতাংশ
- মুঠ ভোটদান : ১০,৪৬,৯৮৩ টা ভোট
- মুঠ ভোট: ১৩৭১৯৪৯ টা
- বিজয়ী : মৌলানা বদৰুদ্দিন আজমল, AIUDF (৫৪০৩৮০২ টা ভোট লাভ)
- প্ৰতিদ্বন্দ্বী : আনোৱাৰ হুছেইন, কংগ্ৰেছ (৩৫৬৪০১ টা ভোট লাভ)
- আজমল জয়ী হোৱা ভোটৰ ব্যৱধান : ১৮৪৪১৯ টা ভোট
দ্ৰুতগতিত বাঢ়িল ভোটাৰৰ সংখ্যা: