গুৱাহাটী, ১ মাৰ্চ : হঠাতে গুৱাহাটী মহানগৰীত আৰক্ষী আৰু কামাণ্ডো বাহিনীৰ সমৰসজ্জা । চৌদিশে কটকটীয়া নিৰাপত্তা বেষ্টনী । যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু । কিন্তু আপাত দৃষ্টিত বৰ্তমান সময়ত তেনে কোনো পৰিস্থিতিৰ সৃষ্টি হোৱা নাই । তেনেহ'লে হঠাতে গুৱাহাটী মহানগৰীৰ চৌদিশে কিয় এনেদৰে পানী নসৰকা নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।
স্বাভাৱিকতে এই প্ৰশ্নৰ অৱতাৰণা হৈছে যদিও ইয়াৰ উত্তৰ হৈছে নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' । লোকসভা নিৰ্বাচনৰ পূৰ্বে 'কা' বলৱৎ কৰাৰ বাবে সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ । সমান্তৰালকৈ 'কা' বিৰোধিতাৰে ব্যাপক আন্দোলন গঢ়ি তোলাৰ বাবেও সাজু হৈছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনো । যাৰ বাবেই গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যজুৰি অভেদ্য নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে ।
ইফালে এই অভেদ্য নিৰাপত্তা ব্যৱস্থাৰ প্ৰসংগত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙে আজি এটা টুইট কৰে । অৱশ্যে তেওঁ টুইটত 'কা'ৰ প্ৰসংগ উল্লেখ কৰা নাই যদিও গুৱাহাটীবাসীক সুৰক্ষিত কৰি ৰখাৰ বাবে সাজু হৈ থকাৰ কথা উল্লেখ কৰিছে । তেওঁ নক’লেও এই কথা সকলোৱে জানে যে বৰ্তমান সময়ত এনেদৰে সমৰসজ্জা সদৃশ পৰিৱেশ গঢ়ি তোলাৰ মূলতে হৈছে 'কা' আন্দোলনক প্ৰতিহত কৰা ।
লগতে পঢ়ক :CAA ৰ বিৰোধিতাৰে পুনৰ আছুৰ সংগ্ৰামৰ পোষকতা
লক্ষণীয় বিষয় যে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এখন-দুখন নহয় ৪২ খন আলোকচিত্ৰ আপলোড কৰি আৰক্ষী আৰু কামাণ্ডো বাহিনী সাজু হৈ থকাৰ দিশটো ফুটাই তোলিছে । প্ৰতিবাদ দমন কৰাৰ ক্ষেত্ৰত যেন অলপো ত্ৰুটি নাথাকে । যিকোনো মুহূৰ্ততে দমন কৰিব পাৰিব যিকোনো প্ৰতিবাদ । তাৰ বাবে সাজু হৈ থকাৰ দিশটো তেওঁ আলোকচিত্ৰৰ মাধ্যমেৰে বুজাই দিছে ।
একপ্ৰকাৰ তেওঁ প্ৰতিবাদ কৰিব বিচৰা সকলক আগতিয়াকৈ সকীয়নি দিছে আজিৰ টুইটতোৰ যোগেদি । টুইটত তেওঁ উল্লেখ কৰিছে যে গুৱাহাটীবাসীক সুৰক্ষিত ৰাখিবলৈ অসম আৰক্ষীয়ে সকলো পৰিস্থিতিত আইন-শৃংখলা আৰু শান্তি বজাই ৰাখিবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । টুইটটোৰ লগত তেওঁ আৰক্ষী আৰু কামাণ্ডো বাহিনীয়ে বিভিন্ন স্থানত তহল দি থকাৰ ৪২খন আলোকচিত্ৰ আপলোড কৰিছে ।
উল্লেখ্য যে, কংগ্ৰেছৰ নেতৃত্বত ১৬ টা বিৰোধী ৰাজনৈতিক দলে গঠন কৰা বিৰোধী ঐক্য মঞ্চই বুধবাৰে 'কা'ৰ বিৰোধীতাৰে অসম বন্ধকে ধৰি বিভিন্ন আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল । এই ঘোষণাৰ পাচতে বৃহস্পতিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এটা বিশেষ টুইট কৰিছিল । একপ্ৰকাৰ সতৰ্কবাণী শুনাই জি পি সিঙে অসম বন্ধৰ আহ্বান কৰিলে ১৬৪৩ কোটি টকাৰ ক্ষতিপূৰণ দিব লাগিব বুলি সদৰি কৰিছিল ।