অসম

assam

ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশভক্ত তৰুণ ৰাম ফুকনক সশ্ৰদ্ধ সোঁৱৰণ - Tarun Ram Phukan death anniversary

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 7:47 AM IST

Desh Bhakti Divas 2024: দেশভক্ত তৰুণৰাম ফুকনৰ 85 সংখ্যক মৃত্যু দিৱসটো দেওবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰকাৰী উদ্যোগত পালন কৰা হয় ৷ ৰাজ্যৰ ক’ত, কেনেদৰে দেশভক্তি দিৱস পালন কৰা হ’ল জানো আহক -

Desh Bhakti Divas
ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেশভক্তি দিৱস পালন (ETV Bharat Assam)

নিউজ ডেস্ক, 29 জুলাই :দেশভক্ত তৰুণৰাম ফুকনৰ ৮৫ সংখ্যক মৃত্যু বাৰ্ষিকী ৷ দেওবাৰে দেশভক্ত তৰুণৰাম ফুকনৰ পুণ্য মৃত্যু তিথি উপলক্ষে সমগ্ৰ ৰাজ্যজুৰি পালন কৰা হয় দেশভক্তি দিৱস ৷

হোজাই জিলাত দেশভক্তি দিৱস

হোজাই জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত শংকৰদেৱ নগৰৰ আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত পালন কৰা হয় ‘দেশভক্তি দিৱস’ । অনুষ্ঠানৰ আৰম্ভণিতে তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সমুখত বন্তি প্ৰজ্বলন, আৰু মাল্যাৰ্পণ কৰা হয় ।

হোজাইত দেশভক্তি দিৱস পালন (ETV Bharat Assam)

অনুষ্ঠানটোত হোজাই জিলাৰ কেবাজনো অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিষয়াসহ জিলাখনৰ কেবাজনো সমাজকৰ্মী আৰু জিলাখনৰ কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত তৰুণ ৰাম ফুকনৰ জীৱন তথা কৰ্মৰাজী সন্দৰ্ভত বিশিষ্ট ব্যক্তিসকলে তেওঁলোকৰ বহুমূলীয়া ভাষণ প্ৰদান কৰে ৷

অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় তৰুণৰাম ফুকনৰ জীৱনৰাজী সন্দৰ্ভত ৰচনা প্ৰতিযোগিতাৰ ৷ তিনিটা শাখাত অনুষ্ঠিত কৰা এই ৰচনা প্ৰতিযোগিতাৰ বিজয়ী শিক্ষাৰ্থীসকলক কালি বঁটা প্ৰদান কৰা হয় ।

ডিমা হাছাও জিলাত দেশভক্তি দিৱস

সমগ্ৰ ৰাজ্যৰ লগতে ডিমা হাছাও জিলাতো দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে দেশভক্তি দিৱস পালন কৰা হয় । ডিমা হাছাও জিলা প্ৰশাসন জিলা তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া উদ্যোগত ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ পালন কৰা হয় দেশভক্তি দিৱসৰ ।

এই কাৰ্যসূচীত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য দনফাইনন থাওচেন, হাফলং চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ সৰ্বজিত থাওচেন, তথ্য আৰু জনসংযোগ (হিলছ)ৰ অতিৰিক্ত সঞ্চালক ডি.এন লোয়িং, অতিৰিক্ত জিলা আয়ুক্ত সূৰ্য শৰ্মাৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

তিনিচুকীয়াজিলাত দেশভক্তি দিৱস

"তৰুণৰাম ফুকনৰ দৰে বৰেণ্য ব্যক্তিসকলৰ চৰ্চা হোৱাটো, নতুন প্ৰজন্ম‌ই তেওঁলোকক জনাতো খুবেই প্ৰয়োজনীয় " তিনিচুকীয়া জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত দেশভক্তি দিৱস অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ শ্ৰম আৰু শ্ৰমিক কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে এইদৰে কয় ।

তিনিচুকীয়াত দেশভক্তি দিৱস পালন (ETV Bharat Assam)

সঞ্জয় কিষাণে চৰকাৰৰ এই ভূমিকাক প্ৰশংসা কৰি কয়, "অসম চৰকাৰে এই উদ্যেশ্যেই তৰুণ ৰাম ফুকনৰ স্মৃতি দিৱসটোক দেশভক্তি দিৱস হিচাপে উদযাপনৰ সিদ্ধান্ত লৈছে । নতুন প্ৰজন্ম‌ ফুকনৰ জীৱনাদৰ্শনৰে উদ্ধুদ্ধ হৈ দেশৰ হকে নিজকে আত্মনিয়োগ কৰা উচিত ।"

তিনিচুকীয়াত দেশভক্তি দিৱস পালন (ETV Bharat Assam)

সভাৰ আৰম্ভণিতে তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে প্ৰবীণ সাংবাদিক অমূল্য খাটনিয়াৰে । অনুষ্ঠানৰ শেষত তৰুণৰাম ফুকনৰ জীৱনৰ বিভিন্ন দিশকলৈ আয়োজিত জিলাভিত্তিক ৰচনা প্ৰতিযোগিতাৰ বিজয়ী ছাত্ৰ -ছাত্ৰীসকলক মন্ত্ৰী সঞ্জয় কিষাণে ফুলাম গামোছা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্দ্ধনা জনায় ।

অনুষ্ঠানত অতিৰিক্ত আয়ুক্তদ্বয় নুজাহাৎ নাছৰীণ আৰু মন্দিৰা বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক, অভিভাৱক আৰু শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে । অনুষ্ঠানটোৰ আঁতধৰে বিপ্লৱী গগৈয়ে ।

লগতে পঢ়ক:তৰুণ ৰাম ফুকন-গোপীনাথ বৰদলৈৰ নেতৃত্বত অসম পূৰ্ব বংগৰ অধীন হোৱাৰ পৰা ৰক্ষা পৰিছিল: পীযুষ হাজৰীকা - Tarun Ram Phukan Death anniversary

নগাঁৱত দেশভক্তি দিৱস পালন: দেশভক্ত তৰুণৰাম ফুকনক সশ্রদ্ধ সোঁৱৰণ - Desh Bhakti Divas

ABOUT THE AUTHOR

...view details