গুৱাহাটী:অসমৰ পৰ্যটন আৰু যোগাযোগ ব্যৱস্থালৈ এক নতুন সংযোজন । সচৰাচৰ সাগৰত অৱতৰণ কৰা সামুদ্ৰিক বিমান (Seaplane) প্ৰথমবাৰৰ বাবে অসমৰ নদীত অৱতৰণ কৰে । গুৱাহাটীৰ পাণ্ডু ঘাটৰ ব্ৰহ্মপুত্ৰ নদীত শুকুৰবাৰে অৱতৰণ কৰে সামুদ্ৰিক বিমানে । কালি (বৃহস্পতিবাৰ) মেঘালয়ৰ উমিয়াম হ্ৰদত প্ৰথমবাৰৰ বাবে সামুদ্ৰিক বিমানে অৱতৰণ কৰাৰ পিছত আজি গুৱাহাটীৰ পাণ্ডু ঘাটতত ব্ৰহ্মপুত্ৰ নদীত পৰীক্ষামূলকভাৱে অৱতৰণ কৰে ।
পাণ্ডু ঘাটত সামুদ্ৰিক বিমানৰ পৰীক্ষামূলক অৱতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই । বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰা উৰা মৰা সামুদ্ৰিক বিমানখনে গুৱাহাটীৰ পাণ্ডু ঘাটত ব্ৰহ্মপুত্ৰ নদীত অৱতৰণ কৰে । এই বিমানখনত পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু গুৱাহাটী মেয়ৰ ইন কাউন্সিলৰ সদস্যসকলে যাত্ৰা কৰে ।
এই সন্দৰ্ভত পাণ্ডুঘাটত সাংবাদিকক সম্বোধন কৰি পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ উদ্যোগত পাণ্ডুঘাটত সামুদ্ৰিক বিমানৰ পৰীক্ষামূলক অৱতৰণৰ ব্যৱস্থা কৰা হৈছে । এই ক্ষেত্ৰত অসম পৰ্যটন বিভাগ আৰু অসম পৰিবহণ বিভাগে সহযোগিতা আগবঢ়াইছে । এবছৰৰ ভিতৰত এই বিমানৰ পৰিচালন কাৰ্যকৰী কৰা হ'ব ।’’
তেওঁ আৰু কয়, ‘‘সামুদ্ৰিক বিমান এনেদৰে প্ৰথমবাৰৰ বাবে দেশত নদী অৱতৰণ কৰিছে । এয়া আমাৰ বাবে আনন্দৰ বিষয় । এই সামুদ্ৰিক বিমানৰ সংযোজনে অসমৰ যোগাযোগ আৰু পৰ্যটন ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন কঢ়িয়ায় আনিব ।’’
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, ‘‘এই বিমানৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰাৰ বাবে এবছৰ সময় লাগিব । এই বিমানৰ আনুষ্ঠানিকভাৱে পৰিচালনা কৰাৰ পিছত অসমৰ যোগাযোগ আৰু পৰ্যটন ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হ'ব ।’’