মৰিগাঁও: এডভাণ্টেজ আছাম ২.০ শীৰ্ষক সন্মিলনত অংশগ্ৰহণ কৰা দক্ষিণ কোৰিয়া, টাইৱান আৰু ফিলিপাইনছৰ প্ৰতিনিধিয়ে বুধবাৰে মৰিগাঁও জিলাৰ পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য পৰিদৰ্শন কৰি হাতী আৰু জীপ ছাফাৰী উপভোগ কৰে ।
ইয়াৰ পূৰ্বে এডভাণ্টেজ আছাম ২.০ ৰ অন্তিম দিনটোত হৰদীপ সিং পুৰী, পীযুষ গোৱেল, সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি কেন্দ্ৰীয় মন্ত্ৰীসকলৰ আগত মূল বিষয়ভিত্তিক অধিৱেশনসমূহ প্ৰদৰ্শন কৰা হয় । অসমৰ অর্থনৈতিক ৰোডমেপ, নীতিগত পদক্ষেপ, খণ্ডগত সুযোগ সন্দর্ভত আলোচনাও কৰা হয় ৷
ইতিমধ্যে এই শীৰ্ষ সন্মিলনে বিনিয়োগ আকৰ্ষণৰ ক্ষেত্ৰত এক বৃহৎ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে । প্ৰথম দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে যে, অসমে ১৫ টা খণ্ডৰ কোম্পানীসমূহৰ সৈতে ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰি ১.৮৯ লাখ কোটিৰো অধিক মূল্যৰ বিনিয়োগৰ প্ৰস্তাৱ লাভ কৰিছে ।
বিষয় সন্দৰ্ভত মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, "এডভাণ্টেজ আছাম ২.০ ৰ প্ৰথম দিনটোত আমি ১৫ টা খণ্ডৰ কোম্পানীসমূহৰ সৈতে ঐতিহাসিক ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰিলো ৷ বিকশিত অসমৰ প্ৰতি আমাৰ দৃষ্টিভংগীক আগুৱাই নিবলৈ আনকি আন জিলাৰ পৰাও কেইবাটাও বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিলো" ৷
ৰাজ্যখনৰ ভূ-কৌশলগত সুবিধা আৰু বিনিয়োগৰ এক প্ৰধান গন্তব্যস্থান হিচাপে ইয়াৰ সম্ভাৱনাক প্ৰকট কৰি তুলি অসম চৰকাৰৰ বিনিয়োগ প্ৰসাৰ আৰু সুবিধা প্ৰদানৰ সৰ্ববৃহৎ পদক্ষেপ হৈছে এডভাণ্টেজ আছাম ৷ অসম কৌশলগতভাৱে ভাৰতৰ উত্তৰ-পূৱ অঞ্চলত অৱস্থিত, যিয়ে উত্তৰ-পূৱ ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াৰ প্ৰৱেশদ্বাৰ হিচাপে কাম কৰে ।