গুৱাহাটী, 3 জুলাই : নিৰ্মাণকাৰ্যৰ বিলম্বৰ বাবে অসমত বহুকেইটা প্ৰকল্পৰ ব্যয় বহুগুণে বৃদ্ধি পাইছে ৷ নিৰ্ধাৰিত সময়ৰ বিপৰীতে বছৰৰ পাচত বছৰ ধৰি শামুকীয়া গতিত নিৰ্মাণকাৰ্য চলি থকাৰ বাবে অসমত কেইটাও বৃহৎ প্ৰকল্পৰ নিৰ্মাণ ব্যয় অত্যধিক হাৰত বৃদ্ধি পাইছে ৷ লক্ষণীয় বিষয় যে অসমত এঘাৰটাকৈ বৃহৎ প্ৰকল্প নিৰ্মাণৰ নামত কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তকৈ 26,283 কোটি টকা ভৰিব লগা হৈছে ৷ শক্তি খণ্ডৰ পৰা ৰে’ল সেৱা, তৈল খণ্ডৰ পৰা পথ যোগাযোগ ব্যৱস্থালৈ এই এঘাৰটা প্ৰকল্পৰ নিৰ্মাণ কেতিয়া শেষ হ'ব তাৰো কোনো নিশ্চয়তা এতিয়াও নাই ৷
উল্লেখ্য যে পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি সময়মতে ৰূপায়ণ নোহোৱা দেশৰ অৰ্ধশতাধিক বৃহৎ প্ৰকল্পৰ বাবে অভাবনীয়ভাৱে ধন আৰু সময় ব্যয় হৈছে ৷ এই তালিকাত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰো বহু কেইটা প্ৰকল্প আছে ৷ বিভাগীয় তথ্য অনুসৰি এই প্ৰতিবেদনত নিৰ্মাণ ব্যয় বৃদ্ধি পোৱা কেইবাটাও প্ৰকল্পৰ ওপৰত আলোকপাত কৰা হৈছে ৷
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প :
ব্যয় বৃদ্ধি পোৱা বৃহৎ প্ৰকল্পসমূহৰ ভিতৰত অন্যতম হৈছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ৷ এই প্ৰকল্পটোৰ নিৰ্ধাৰিত নিৰ্মাণ ব্যয়তকৈ অতিৰিক্ত ব্যয় তিনিগুণ বৃদ্ধি পাইছে ৷ কিন্তু তথাপিও বৰ্ত্তমান সময়টো উৎপাদনৰ সময় পিছুৱাই থাকিব লগীয়া হৈছে ৷ নির্মাণ সম্পূৰ্ণ নোহোৱা প্ৰকল্পৰ ভিতৰত অসম-অৰুণাচল সীমান্তত নিৰ্মাণ কৰি থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে অভিলেখ স্থাপন কৰিছে ৷ এই প্ৰকল্পটোৰ নিৰ্মাণ 2010 চনৰ ছেপ্টেম্বৰ মাহত শেষ হ'ব লাগিছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হোৱা নাই ৷ প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰাৰ নতুনকৈ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে 2026 চনৰ মে' মাহ ৷
চৰকাৰী তথ্য অনুসৰি এই প্ৰকল্পটোৰ আৰম্ভণিতে নিৰ্মাণ ব্যয় 6.285.33 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু নিৰ্ধাৰিত সময় বৃদ্ধি পোৱাৰ সমান্তৰালকৈ পুঁজি বৃদ্ধি পাই এতিয়া নতুনকৈ ইয়াৰ নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা হৈছে 21,247.54 কোটি টকা ৷ সময়মতে প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত কেন্দ্ৰীয় চৰকাৰে ইয়াৰ বাবদ অতিৰিক্তকৈ 14,962 কোটি টকা ভৰিব লগা হৈছে ৷ অতিৰিক্ত ব্যয়ৰ হাৰ 283 শতাংশ ৷ আনহাতে সময় বৃদ্ধি পাইছে 188 মাহ ৷
নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প :
অসমত শক্তিখণ্ডৰ চলি থকা আন এটা প্ৰকল্প হৈছে নামনি কপিলী জলবিদ্যুৎ প্ৰকল্প ৷ এই প্ৰকল্পটো চলিত বৰ্ষৰ জুন মাহত সম্পূৰ্ণ হ'ব লাগিছিল যদিও ইয়াৰ কাম কেতিয়া শেষ হ'ব তাৰ কোনো নিশ্চয়তা নাই ৷ 120 মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম নামনি কপিলী জলবিদ্যুৎ প্ৰকল্পটোৰ নির্মাণ ব্যয় 1,115.91 কোটি টকা নিৰ্ধাৰণ কৰা হৈছিল ৷ কিন্তু বৰ্তমানলৈ নিৰ্মাণ ব্যয় 1,795 কোটি টকা বৃদ্ধি পালে ৷ অর্থাৎ এই প্ৰকল্পটোৰ নামত কেন্দ্ৰই ইতিমধ্যে 680 কোটি টকা অতিৰিক্তকৈ ব্যয় কৰিব লগা হৈছে ৷
নতুন সংহত টাৰ্মিনেল ভৱন :
এই তালিকাত আছে গুৱাহাটীস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ প্ৰসংগ ৷ 2016 চনত আৰম্ভ কৰা এই বিমান বন্দৰৰ নতুন সংহত টাৰ্মিনেল ভৱনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়তকৈ চাৰি বছৰ পাৰ হৈ যোৱাৰ পিচতো কাম সম্পূৰ্ণ হোৱা নাই ৷ এই প্ৰকল্পৰ নিৰ্ধাৰিত নিৰ্মাণ ব্যয় আছিল 1,142 কোটি টকা ৷ কিন্তু নিৰ্মাণ ব্যয় বৃদ্ধি হৈ 2,333 কোটি টকা হৈছেগৈ ৷
নুমলীগড় শোধনাগাৰৰ সম্প্ৰসাৰিত প্ৰকল্প :
ৰাজ্যৰ তৈলখণ্ডৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ৷ নুমলীগড় শোধনাগাৰৰ উৎপাদন বৃদ্ধিৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছে ৷ কিন্তু নিৰ্ধাৰিত সময়ত কাম সম্পূৰ্ণ নোহোৱাত বৃদ্ধি পাইছে নিৰ্মাণ ব্যয় ৷ ‘Numaligarh refinery Expansion Project 6 MMTPA Refinery' শীৰ্ষক বৃহৎ প্ৰকল্পটো নিৰ্ধাৰিত সময় অনুসৰি 14 মাহ পূৰ্বেই সম্পূৰ্ণ হ'ব লাগিছিল ৷ 2019 চনত কাম আৰম্ভ কৰা এই প্ৰকল্পটোত নিৰ্ধাৰিত নিৰ্মাণ ব্যয় আছিল 12,366 কোটি টকা ৷ কিন্তু নিৰ্ধাৰিত সময়ত কাম নোহোৱা বাবে ব্যয়ৰ পৰিমাণ 18,968 কোটি টকালৈ বৃদ্ধি পালে ৷ অর্থাৎ এই বৃহৎ প্ৰকল্পটোৰ নিৰ্মাণ ব্যয় অতিৰিক্তকৈ 6,602 কোটি টকা বাঢ়িল ৷
তৈলক্ষেত্ৰৰ আন এটা প্ৰকল্প :
অইল ইণ্ডিয়া লিমিটেডৰ 'Revamping of Facilities at Existing Guwahati Terminal, Assam' শীর্ষক প্ৰকল্পটোৰ 2020 চনত কাম আৰম্ভ কৰা হৈছিল ৷ অৱশ্যে এই প্ৰকল্পটোৰ নিৰ্মাণৰ নিৰ্ধাৰিত সময়সীমা এতিয়াও যথেষ্ট আছে যদিও ব্যয়ৰ পৰিমাণ বৃদ্ধি পাইছে ৷ 2026 চনত নিৰ্মাণ সম্পূৰ্ণ হ'বলগা এই প্ৰকল্পটোৰ নিৰ্ধাৰিত ব্যয় হৈছে 543.91 কোটি টকা ৷ কিন্তু এতিয়ালৈকে অতিৰিক্তকৈ 126.9 কোটি টকা ব্যয় কৰিব লগা হৈছে ৷ অনাগত দিনত এই অতিৰিক্ত ব্যয় আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷